• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, October 17, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

২১ৰ নিৰ্বাচনত কংগ্ৰেছত ৫০-৬০ শতাংশ যুৱ প্ৰাৰ্থীক সুযোগ : যুৱ কংগ্ৰেছৰ ‘যুৱহুংকাৰ’ত সংকল্প

‘তোমালোক জেইলত থাকিলে ময়ো জেইলত থাকিম’ যুৱ কংগ্ৰেছীক উদ্দেশ্যি গৌৰৱ গগৈ

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
January 5, 2021 8:37 pm
4f3eda21-f56f-42b7-9a53-ad6a5017605d
5
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

২১ৰ নিৰ্বাচনত অসম প্ৰদেশ কংগ্ৰেছে যুৱকসকলক প্ৰাধান্য দিব অৰ্থাৎ যুৱ কংগ্ৰেছৰ প্ৰতিনিধিসকলক গুৰুত্ব প্ৰদান কৰিব।

এই কথা আজি মানৱেন্দ্ৰ শৰ্মা কমপ্লেক্সত অনুষ্ঠিত যুৱ কংগ্ৰেছীৰ ‘যুৱ হুংকাৰ’ অনুষ্ঠানত তিনিজন প্ৰদেশ কংগ্ৰেছৰ নেতৃত্বৰ মুখত অতি সুন্দৰভাৱে স্পষ্ট হয়।

Apply Now

তেওঁলোক তিনিও প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুন বৰাৰ সন্মুখতে ভাষণ ৰাখি যুৱ প্ৰজন্মক আগন্তুক নিৰ্বাচনত গুৰুত্ব প্ৰদান কৰিবলৈ আহ্বান জনোৱাৰ লগতে নেতৃত্ব দিবলৈও আহ্বান জনায়।

প্ৰথমে যুৱ সাংসদ তথা প্ৰয়াত প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ পুত্ৰ গৌৰৱ গগৈয়ে উদাত্ত কণ্ঠৰে ভাষণ প্ৰদান কৰি কয় ‘যুৱ কংগ্ৰেছৰ এই ৰেলীয়ে প্ৰমাণ কৰি দিছে যেতিয়া যুৱ কংগ্ৰেছৰ প্ৰতিনিধিসকল সমগ্ৰ অসমতে ওলাই আহিব তেন্তে আগন্তুক দিনত কংগ্ৰেছৰ চৰকাৰ হ’ব।‘

গুৱাহাটীত আৰম্ভ হোৱা এই যুৱ হুংকাৰ জিলাই জিলাই, পঞ্চায়তে পঞ্চায়তে বা ৱাৰ্ডে ৱাৰ্ডে লৈ যাব লাগিব বুলি সদৰী কৰি গৌৰৱে লগতে কয় ‘যুৱ কংগ্ৰেছৰ শক্তি দেখি শত্ৰুসকলে ভয় খাই গৈছে। কংগ্ৰেছ দলৰ পৰা এজোপা গছ লৈ গ’লে নতুনকৈ হাজাৰ হাজাৰ গছ উঠি আহিব।‘

যুৱ কংগ্ৰেছে দুৰ্নীতি, মূল্যবৃদ্ধি আৰু নিৱনুৱা সমস্যাৰ বিষয়ে পঞ্চায়তে পঞ্চায়তে ৰাইজৰ মাজলৈ লৈ যাব লাগিব বুলিও তেওঁ আহ্বান জনায়।

ইপিনে, আগন্তুক দিনত কংগ্ৰেছৰ প্ৰাৰ্থীৰ তালিকাত যুৱ প্ৰজন্মৰ নাম আহিব বুলি উল্লেখ কৰি তেওঁ লগতে কয় ‘কংগ্ৰেছৰ প্ৰাৰ্থী তালিকা প্ৰস্তুত কৰোঁতে যুৱ কংগ্ৰেছৰ পৰামৰ্শ ল’ব লাগিব। দিল্লী-দিছপুৰত ঘূৰি থাকিলেই নহ’ব। পথাৰত নামি যি যুৱকসকলক লগত লৈ কাম কৰিছে তেওঁকহে আগুৱাই লৈ যাম।‘

প্ৰয়াত মুখ্যমন্ত্ৰীৰ বহল সপোন পূৰণৰ বাবে যুৱকসকলে য’তে বিচাৰে তাতে গৌৰৱ গৈ উপস্থিত হ’ব বুলি উল্লেখ কৰি তেওঁ লগতে কয় ‘তোমালোকে পথাৰত কষ্ট কৰিলে ময়ো তোমালোকৰ লগত কষ্ট কৰিম। তোমালোক যদি জেইললৈ যাবলগীয়া হয় ময়ো জেইললৈ যাম।‘

আনহাতে, উক্ত প্ৰতিবাদী কাৰ্যসূচীত ভাষণ প্ৰদান কৰি কংগ্ৰেছী বিধায়ক ৰকিবুল হুছেইনেও যুৱকসকলক আগন্তুক ২০২১ৰ নিৰ্বাচনৰ পূৰ্বে গুৰুত্ব প্ৰদান কৰিবলৈ প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুন বৰাক আহ্বান জনায়।

তেওঁ কয় ‘এটা সময়ত যুৱ কংগ্ৰেছৰ প্ৰতিবাদত অহাৰ বাবে আজি এই মঞ্চত বহিবলৈ সুযোগ পাইছো। আগন্তুক ২১ৰ নিৰ্বাচনৰ পাছত আমি তলত বহিম আৰু তোমালোকৰ মাজৰ পৰা বহু ল’ৰা ওপৰত বহিবা। তোমালোকৰ মাজৰ পৰাই বহু ল’ৰা বিধায়ক হ’ব।‘

ৰিপুন বৰাক উদ্দেশ্যি ৰকিবুল হুছেইনে লগতে কয় ‘এইবাৰ সকলোতকৈ বেছি গুৰুত্ব যুৱকসকলক দিব লাগে। অন্তত ৫০-৬০ শতাংশ যুৱপ্ৰজন্মৰ নতুন মুখক বিধায়ক প্ৰাৰ্থী দিব লাগে।‘

আনহাতে, উক্ত প্ৰতিবাদী কাৰ্যসূচীত উপস্থিত থাকি বৰপেটাৰ সাংসদ আব্দুল খালেকে কয় ‘২০০১ চনত এইদৰে অসমৰ যুৱক-যুৱতীসকল ওলাই আহিছিল। যুৱ প্ৰজন্মৰ উৎসাহৰ কাৰণে সেই সময়ৰ বলিষ্ঠ নেতা তৰুণ গগৈৰ নেতৃত্বত চৰকাৰ গঠন কৰিছিল কংগ্ৰেছে।‘

তেওঁ লগতে কয় ‘২০২১ তো যুৱকসকলে পৰিৱৰ্তন আনিব লাগিব। যুৱ কংগ্ৰেছৰ যুৱ প্ৰতিনিধিসকলে সেই পৰিৱৰ্তনৰ নেতৃত্ব দিব লাগিব।

সভাপতি ৰিপুন বৰাক উদ্দেশ্যি কয় ‘পূৰ্বে যিদৰে যুৱ কংগ্ৰেছক গুৰুত্ব দিয়া হৈছিল আগন্তুক নিৰ্বাচনত যুৱ কংগ্ৰেছক তাতোতকৈ বেছি গুৰুত্ব দিবলৈ প্ৰদেশ কংগ্ৰেছৰ সভাপতিৰ লগতে অন্য নেতৃত্বক আহ্বান জনাইছো।‘

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

জুবিন গাৰ্গৰ ন্যায় বিচাৰি নতুন পদক্ষেপ: অখিল গগৈৰ নেতৃত্বত ২১জনীয়া সমিতি গঠন, ৰাজনীতিকৰণ নকৰিবলৈ গৰিমা শইকীয়া গাৰ্গৰ আহ্বান

জুবিন গাৰ্গৰ ন্যায় বিচাৰি নতুন পদক্ষেপ: অখিল গগৈৰ নেতৃত্বত ২১জনীয়া সমিতি গঠন, ৰাজনীতিকৰণ নকৰিবলৈ গৰিমা শইকীয়া গাৰ্গৰ আহ্বান

October 17, 2026 7:14 pm
পদমৰ্যাদা বা ক্ষমতা যিয়েই নহওক, কোনো লোকেই আইনৰ ঊৰ্ধ্বত নহয়: গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ প্ৰতিষ্ঠা দিৱসত উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ উজ্জ্বল ভূঞা

পদমৰ্যাদা বা ক্ষমতা যিয়েই নহওক, কোনো লোকেই আইনৰ ঊৰ্ধ্বত নহয়: গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ প্ৰতিষ্ঠা দিৱসত উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ উজ্জ্বল ভূঞা

October 17, 2026 5:49 pm
পৰীক্ষাগাৰত পোহৰলৈ আহিল ভয়াৱহ তথ্য: প্ৰিয়াগ’ল্ড বিস্কুট নিৰ্মাতা, ড’ডলা ডেইৰী আৰু ইউ ই আই আৰ অৰ্গেনিক ফুডছৰ বিৰুদ্ধে এফ এছ এছ এ আইৰ আইনী ব্যৱস্থা

পৰীক্ষাগাৰত পোহৰলৈ আহিল ভয়াৱহ তথ্য: প্ৰিয়াগ’ল্ড বিস্কুট নিৰ্মাতা, ড’ডলা ডেইৰী আৰু ইউ ই আই আৰ অৰ্গেনিক ফুডছৰ বিৰুদ্ধে এফ এছ এছ এ আইৰ আইনী ব্যৱস্থা

October 17, 2026 4:46 pm
শিশুৰ সুৰক্ষা আৰু স্বাধীনতা পৰস্পৰ বিৰোধী নহয়: ইণ্টাৰনেট ব্যৱহাৰক মৌলিক অধিকাৰ ঘোষণা উচ্চতম ন্যায়ালয়ৰ

শিশুৰ সুৰক্ষা আৰু স্বাধীনতা পৰস্পৰ বিৰোধী নহয়: ইণ্টাৰনেট ব্যৱহাৰক মৌলিক অধিকাৰ ঘোষণা উচ্চতম ন্যায়ালয়ৰ

October 17, 2026 3:43 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

জুবিন গাৰ্গৰ ন্যায় বিচাৰি নতুন পদক্ষেপ: অখিল গগৈৰ নেতৃত্বত ২১জনীয়া সমিতি গঠন, ৰাজনীতিকৰণ নকৰিবলৈ গৰিমা শইকীয়া গাৰ্গৰ আহ্বান

জুবিন গাৰ্গৰ ন্যায় বিচাৰি নতুন পদক্ষেপ: অখিল গগৈৰ নেতৃত্বত ২১জনীয়া সমিতি গঠন, ৰাজনীতিকৰণ নকৰিবলৈ গৰিমা শইকীয়া গাৰ্গৰ আহ্বান

October 17, 2026 7:14 pm
পদমৰ্যাদা বা ক্ষমতা যিয়েই নহওক, কোনো লোকেই আইনৰ ঊৰ্ধ্বত নহয়: গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ প্ৰতিষ্ঠা দিৱসত উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ উজ্জ্বল ভূঞা

পদমৰ্যাদা বা ক্ষমতা যিয়েই নহওক, কোনো লোকেই আইনৰ ঊৰ্ধ্বত নহয়: গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ প্ৰতিষ্ঠা দিৱসত উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ উজ্জ্বল ভূঞা

October 17, 2026 5:49 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd