গৰিয়া, মৰিয়া, দেশী আৰু জোলহা আদি খিলঞ্জীয়া মুছলিম জনগোষ্ঠীসমূহৰ দৰে ৰাজ্যৰ কাছাৰী মুছলিম জনগোষ্ঠীৰো আৰ্থ-সামাজিক অৱস্থাৰ জৰীপ কৰোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ৰাজ্য চৰকাৰে৷
এই সন্দর্ভত আলোচনা কৰিবৰ বাবে অহা ৭ মার্চৰ দিনা অসম চৰকাৰৰ সংখ্যালঘু বিভাগে এখন বৈঠকৰ আয়োজন কৰিছে৷
বিভাগীয় মন্ত্ৰী ৰঞ্জিত দত্তৰ সঞ্চালনাত অনুষ্ঠিত হ’বলগীয়া এই বৈঠকত জনগোষ্ঠীটোৰ বিভিন্ন সংগঠন আৰু নির্বাচিত বিশিষ্ট ব্যক্তিসকলে অংশ গ্ৰহণ কৰিব৷
উল্লেখযোগ্য যে গৰিয়া, মৰিয়া, জোলহা আদি জনগোষ্ঠীৰ আৰ্থ-সামাজিক জৰীপ কৰোৱাৰ বিষয়টো আলোচনা কৰিবৰ বাবে যোৱা ১১ ফেব্ৰুৱাৰীৰ দিনা বিভাগীয় মন্ত্ৰী দত্তৰ সঞ্চালনাত জনগোষ্ঠীসমূহৰ সংগঠনসমূহৰ সৈতে এখন সভা অনুষ্ঠিত হৈছিল৷
তাৰ পিছতে বৰাক উপত্যকাৰ তিনিখন জিলাৰ লগতে হোজাই জিলাকে ধৰি ৰাজ্যৰ অন্য ঠাইত বসবাস কৰি থকা কাছাৰী জনগোষ্ঠীয় সংগঠনসমূহেও অনুৰূপ জৰীপৰ দাবী উত্থাপন কৰে৷
নিজকে গৰিয়া-মৰিয়াৰ অনুৰূপ খিলঞ্জীয়া বুলি দাবী কৰি জনগোষ্ঠীটোৰ সংগঠনসমূহে বিভাগৰ উচ্চপদস্ত বিষয়াসকলৰ লগতে বিভাগীয় মন্ত্ৰী ৰঞ্জিত দত্ত আৰু মুখ্যমন্ত্ৰী সর্বানন্দ সোণোৱালক পৃথকে পৃথকে সাক্ষাৎ কৰে৷
যোৱা ২৪ ফেব্ৰুৱাৰীত অসম বিধান সভাৰ উপাধ্যক্ষ আমিনুল ইছলাম লস্কৰৰ নেতৃত্বত জনগোষ্ঠীটোৰ বৃহৎ প্ৰতিনিধি দল এটাই মুখ্যমন্ত্ৰীক সাক্ষাৎ কৰাৰ পিছত মুখ্যমন্ত্ৰীৰ নির্দেশতে সংখ্যালঘু বিভাগে উল্লিখিত সিদ্ধান্ত গ্ৰহণ কৰে৷