NORTHEAST NOW (Assamese)

ভাৰতীয় দিব্যাংগ ৰাষ্ট্ৰীয় ক্ৰিকেট দলৰ বাছনি শিবিৰলৈ পাটাছাৰকুছিৰ কামেশ্বৰ দাস

August 23, 2018 2:07 pm · এন ই নাও নিউজ
Updated: August 23, 2018 2:13 pm
ক্ৰিকেটাৰ কামেশ্বৰ দাস

অহা ২৮ আগষ্টৰ পৰা গুজৰাটৰ বদোদৰাত অনুষ্ঠিত হ’ব লগা দিব্যাংগ ভাৰতীয় ক্ৰিকেট সন্থাৰ উদ্যোগত অনুষ্ঠিত হ’বলগীয়া ৰাষ্ট্ৰীয় দিব্যাংগ ক্ৰিকেট দলৰ বাছনি শিবিৰলৈ নিৰ্বাচিত হৈছে অসমৰ বৰপেটা জিলাৰ পাটাছাৰকুছিৰ সৰিহ চাকলাৰ নিৱাসী প্ৰতিভাৱান দিব্যাংগ ক্ৰিকেটাৰ কামেশ্বৰ দাস।

উল্লেখ্য যে দেশৰ ৬০ গৰাকী দিব্যাংগ খেলুৱৈ এই শিবিৰলৈ নিৰ্বাচিত হৈছে। আই চি চিৰ উদ্যোগত লণ্ডনত অনুষ্ঠিত হ’ব লগা বিশ্বকাপ প্ৰতিযোগিতাৰ বাবে আয়োজন কৰা এই বাছনি শিবিৰৰৰ পৰাই ভাৰতীয় ক্ৰিকেট দলটো নিৰ্বাচন কৰিব।

উল্লেখযোগ্য যে বৰপেটা জিলাৰ বজালী মহকুমাৰ পাটাছাৰকুছি সমষ্টিৰ অন্তৰ্গত সৰিহ চাকলাৰ অতি দুখীয়া পৰিয়ালৰ সন্তান তথা গগণ হালৈৰ পুত্ৰ কামেশ্বৰ দাসৰ দুয়োখন হাত বিশেষভাৱে সক্ষম যদিও এগৰাকী প্ৰতিভাৱান তথা সুদক্ষ বেগী বলাৰ হিচাপে সমগ্ৰ নামনি অসমতে পৰিচিত তথা সমানে জনপ্ৰিয়।

বিশেষভাৱে সক্ষম উদীয়মান যুৱ ক্ৰিকেটাৰ কামেশ্বৰ দাস ৰাষ্ট্ৰীয় বাছনি শিবিৰলৈ নিৰ্বাচিত হোৱাত সমগ্ৰ পাটাছাৰকুছি অঞ্চলবাসীয়ে শুভেচ্ছা প্ৰদান কৰাৰ লগতে স্থানীয় প্ৰাগজ্যোতি ক্লাবৰ তৰফৰ পৰা খেলুৱৈগৰাকীক শুভেচ্ছা তথা সম্বৰ্ধনা জনোৱাৰ লগতে পাঁচ হেজাৰ টকাৰ আৰ্থিক সাহায্যও আগবঢ়ায়।

Related News