ডিমা হাচাও জিলাৰ হাফলং আৰু জাতিংগা ষ্টে’চনৰ মাজত বৃহস্পতিবাৰে দিনৰ ২ বজাত এটা ম’হত খুন্দা মাৰি লাইনচ্যুত হয় কাঞ্চনজংঘা এক্সপ্ৰেছ।
শিয়ালদহৰ পৰা আগৰতলাগামী ১৩১৭২ নং কাঞ্চনজংঘা এক্সপ্ৰেছখনে ম’হটোৰ গাত খুন্দা মৰাৰ ফলত পিছৰ দুটা চকা লাইনচ্যুত হোৱাৰ বাবে ঘটনাটো ঘটে বুলি জানিব পৰা গৈছে।
ঘটনাটোত ম’হটো মৃত্যুমুখত পৰিছে যদিও কোনো যাত্ৰী হতাহত হোৱা নাই বুলি জানিব পৰা গৈছে।
লামদিঙৰ পৰা ৰে’লৱে’ বিষয়াসকল ঘটনাথলীত উপস্থিত হৈ যাত্ৰীসকলক পঠোৱাৰ ব্যৱস্থা কৰাৰ লগতে সন্ধিয়া ৬ বজাৰ পৰা ৰে’লৰ চলাচল পুনৰ আৰম্ভ হোৱা বুলি জানিব পৰা গৈছে।
দুৰ্ঘটনা ঘটা ঠাইডোখৰ উত্তৰ-পূব সীমান্ত ৰে’লৱে’ৰ লামদিং সংমণ্ডলৰ অন্তৰ্গত।
উল্লেখযোগ্য যে গুৱাহাটীৰ উপকণ্ঠ চন্দ্ৰপুৰৰ পাণবাৰী ষ্টেশ্যনৰ সমীপৰ কুৰকুৰীয়াতো যোৱা ২৫ আগষ্টত এখন মালবাহী ৰে’ল লাইনচ্যুত হৈছিল। লামডিঙৰ পৰা গুৱাহাটী অভিমুখী মালবাহী ৰে’লখনৰ মুঠ ৫২ টা দবাৰ মাজৰ ২৬ টা দবাই লাইনৰ কাষত আৰু লাইনতে বাগৰি পৰিছিল।