NORTHEAST NOW (Assamese)

হিন্দী নহয়,সংস্কৃত ভাষাক ৰাষ্ট্ৰীয় ভাষা কৰক: দাবী জনালে অভিনেত্ৰী কংগনা ৰাণাৱটে

April 29, 2022 8:40 pm · এন ই নাও নিউজ,গুৱাহাটী
Updated: April 29, 2022 8:45 pm

দেশজুৰি হিন্দীক ৰাষ্ট্ৰভাষা বুলি বহুতে কৰা মন্তব্যকলৈ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈ থকাৰ সময়তে হিন্দীৰ সলনি সংস্কৃত ভাষাকহে ৰাষ্ট্ৰীয় ভাষা কৰাৰ দাবী তুলিলে বলিউডৰ বহু বিতৰ্কিত অভিনেত্ৰী কংগনা ৰাণাৱটে।

শেহতীয়াকৈ অভিনেতা অজয় দেৱগনে হিন্দীক ৰাষ্ট্ৰভাষা বুলি কৰা টুইটকলৈ সমগ্ৰ দক্ষিণ ভাৰতত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। কালি আনকি বাংগালুৰুত একাংশ সংগঠনে অভিনেতা অজয় দেৱগনৰ বিৰুদ্ধে প্ৰতিবাদো সাৱস্ত্য কৰে।

ইয়াৰ মাজতে অভিনেত্ৰী কংগনা ৰাণাৱটে কয় যে হিন্দীতকৈ সংস্কৃত যিহেতু পুৰণি ভাষা সেয়ে সংস্কৃতক ৰাষ্ট্ৰভাষা কৰিব লাগে।

কংগনাই লগতে কয় যে হিন্দীক ৰাষ্ট্ৰীয় ভাষা হিচাপে অস্বীকাৰ কৰাটো পৰোক্ষভাৱে কেন্দ্ৰীয় চৰকাৰ আৰু সংবিধানৰ প্ৰতি অসন্মান প্ৰদৰ্শন কৰা কাৰ্য।

অভিনেত্ৰীগৰাকীয়ে তেওঁৰ অলপতে মুক্তি পাবলগীয়া ছবি ছবি ‘ধক্কড়’ৰ ট্ৰেইলাৰ মুকলিৰ সময়ত সংবাদ মাধ্যমৰ আগত এই মন্তব্য কৰে।

হিন্দী ভাষাকলৈ হোৱা বিতৰ্ক সন্দৰ্ভত  কংগনাই কয়, ” দেশৰ সকলোকে একেডাল সূতাৰে বান্ধি ৰাখিবলৈ আমাক এটা উমৈহতীয়া ভাষাৰ প্ৰয়োজন। যেতিয়া ভাৰতীয় সংবিধান প্ৰস্তুত কৰা হৈছিল, হিন্দীক ৰাষ্ট্ৰীয় ভাষা হিচাবে গ্ৰহণ কৰা হৈছিল। চাবলৈ গ’লে তামিল হিন্দীতকৈ পুৰণি ভাষা। কিন্তু আটাইতকৈ পুৰণি ভাষাটো হৈছে সংস্কৃত ভাষা। সেয়েহে, মোৰ মতে, সংস্কৃত ৰাষ্ট্ৰীয় ভাষা হ’ব লাগে, হিন্দী নহয়।”

এই প্ৰসংগতে কংগনাই অজয় দেৱগনকো সমৰ্থন কৰি কয় যে হিন্দী আমাৰ ৰাষ্ট্ৰীয় ভাষা, গতিকে অজয় দেৱগনে যি কৈছে সেয়া সঠিক কথাই কৈছে।

ইমানৰ পিছতো অৱশ্যে পুৰণি ভাষা হিচাবে সংস্কৃত ভাষাকে ৰাষ্ট্ৰীয় ভাষা কৰিব লাগে বুলি কংগনাই কয়।

Related News