• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 24, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

প্ৰধান মন্ত্ৰী মোদীয়ে লালকিল্লাত থিয় হৈও মিছা কথা কয় : গুৱাহাটীত মোদীক তুলাধুনা কানহায়া কুমাৰৰ

'প্ৰধান মন্ত্ৰীয়ে এল ই ডি বাল্বৰ দাম ৰাইজক কৈ থাকে, কিন্তু ৰাফেল বিমানৰ দামহে নকয়'

by
September 22, 2018 9:40 pm
Kanhaya Kumar

গুৱাহাটীত অনুষ্ঠিত এটা অনুষ্ঠানত উপস্থিত থাকি মত বিনিময় কৰাৰ মুহূৰ্তত বাওঁপন্থী যুৱ নেতা কানহায়া কুমাৰ, শনিবাৰে। ফটো : য়ু বি।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীক ক্ষুৰধাৰ সমালোচনা কৰি বিজেপি চৰকাৰৰ নীতিৰ বিৰুদ্ধে পুনৰ সৰৱ হ’ল বহুচৰ্চিত বাওঁপন্থী যুৱনেতা কানহায়া কুমাৰ।

শনিবাৰে গুৱাহাটীৰ পাণবাজাৰ ডনবস্ক’ স্কুলত ইনছাইড এন ই নিউজ প’ৰ্টেলৰ উদ্যোগত অনুষ্ঠিত ‘ইনছাইড এন ই য়ুথ কনক্লে’ভ’ অনুষ্ঠানত ভাগ লৈ যুৱনেতাজনে ‘Campus politics effecting national politics’ শীৰ্ষক বক্তৃতা আগ বঢ়ায়।

Apply Now

ৰাফেল বিমান ক্ৰয়ৰ কেলেংকাৰি সন্দৰ্ভেৰে ভাষণ আৰম্ভ কৰা কানহায়া কুমাৰে প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীক কটাক্ষ কৰি কয়, “ৰাফেল ডীলৰ প্ৰসংগটো চৰকাৰে যিমানেই লুকুৱাই ৰাখিবলৈ চেষ্টা কৰিলে, সিমানেই ৰাইজৰ মনত বিভিন্ন প্ৰশ্নৰ অৱতাৰণা হ’ল। যাৰ বাবে চৰকাৰে বাৰে বাৰে মন্তব্য সলাব লগীয়া হ’ল। ৰাফেলৰ দাম চৰকাৰক সোধাত সেয়া প্ৰকাশ নকৰিলে। প্ৰধান মন্ত্ৰীয়ে এল ই ডি বাল্বৰ দাম ৰাইজক কৈ থাকে, কিন্তু ৰাফেল বিমানৰ দাম ক’ব নোৱাৰে।”

তেওঁ কয়, “ৰাফেল বিমান সন্দৰ্ভত এটা কথা লুকুৱাবলৈ চেষ্টা কৰোতে আনটো প্ৰশ্ন আহি গ’ল।”

“ৰাফেল বিমান নিৰ্মাণৰ কাম ৰিলায়েন্সকহে কিয় দিয়া হ’ল?” কানহায়া কুমাৰে কয়।

কুমাৰে হিন্দুস্তান এৰ’নটিকেল লিমিটেডৰ বিষয়া আৰু ফ্ৰান্সৰ প্ৰাক্তন ৰাষ্ট্ৰপতি ফ্ৰান্সোৱা অলেণ্ডো (François Hollande)ৰ ৰাফেল ডীল সন্দৰ্ভত কৰা মন্তব্যৰ উদ্ধৃতিৰে বিজেপি চৰকাৰে লুকুৱাই ৰখা সকলো কথা প্ৰকাশ পোৱা বুলি মন্তব্য কৰে।

ভাষণত কানহায়া কুমাৰে বিজেপি চৰকাৰে পুঁজিপতিৰ স্বাৰ্থত কাম কৰি থকা বুলি মন্তব্য কৰি ব্যক্তিগতকৰণৰ নামত এটা এটা চৰকাৰী সম্পত্তি ধ্বংসৰ মুখলৈ ঠেলি দিয়া বুলি মন্তব্য কৰে।

তেওঁ কয়, “প্ৰধান মন্ত্ৰীৰ হাঁহি থকা চেহেৰাটো ৰিলায়েন্সৰ পে’ট্ৰল পাম্পত দেখা যায়, জিঅ’ৰ প্ৰচাৰত দেখা যায়, কিন্তু বি এছ এন এলৰ প্ৰচাৰত দেখা নাযায়। মই শুধিব বিচাৰো আপুনি কাৰ প্ৰধান মন্ত্ৰী? আপুনি চৰকাৰী প্ৰধান মন্ত্ৰী নে আপোনাৰো ব্যক্তিগতকৰণ হৈ গ’ল?”

দেশৰ জনসাধাৰণক শোষণ কৰি চৰকাৰে পুঁজিপতিৰ মুনাফা আদায়ত সহায় কৰি থকা বুলিও কুমাৰে মন্তব্য কৰে।

ভাষণৰ আৰম্ভণিতেই প্ৰধান মন্ত্ৰী মোদী নেতৃত্বাধীন বিজেপি চৰকাৰৰ দিনত সাধাৰণ ৰাইজৰ চৰকাৰৰ বিৰুদ্ধে কথা কোৱাৰ অধিকাৰেই নোহোৱা কৰি পেলাইছে বুলি কানহায়া কুমাৰে মন্তব্য কৰে।

“মই কিবা ক’লে কিছুমান মানুহৰ কি হয় মই ক’ব নোৱাৰো। যিয়ে না মোৰ কথা শুনিব খোজে, না মোক কিবা ক’ব দিয়ে? কিন্তু তেওঁলোকে মোৰ কথা শুনিব নালাগে, অন্ততঃ প্ৰধান মন্ত্ৰীৰ কথাতো শুনক। প্ৰধান মন্ত্ৰীয়ে কৈছে ‘ডিজিটেল ইণ্ডিয়া’। এতিয়া কওক ‘ডিজিটেল ইণ্ডিয়া’ৰ দিনত কাৰোবাক কথা কোৱাৰ পৰা বন্ধ কৰি ৰাখিব পাৰি নেকি? মোৰ মুখ যিমানেই বন্ধ কৰি ৰাখিবলৈ চেষ্টা নকৰক কিয় মই সিমানেই কৈ থাকিম।”

ভাষণত বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি অমিত শ্বাহৰ বিৰুদ্ধেও সৰৱ হয় কানহায়া কুমাৰ।

“অমিত শ্বাহ কোন? তেওঁ কেনেকৈ ক’ব পাৰে ‘আমি ৫০ বছৰ ভাৰতত ৰাজ কৰিম?’ এতিয়া আকবৰৰ শাসন চলি আছে নেকি? ৰাজতন্ত্ৰতহে ৰজাই ৰাজত্ব কৰি থাকিব পাৰে”, কানহায়া কুমাৰে কয়।

তেওঁ লগতে অমিত শ্বাহৰ এই কথাৰ দ্বাৰা বিজেপিৰ গণতন্ত্ৰত ভৰসা নোহাৱা কথাটো প্ৰতিফলিত কৰিছে বুলি কয়। বৰ্তমান ভাৰতত গণতান্ত্ৰিক ব্যৱস্থাটোৱেই বিপদাপন্ন হোৱা বুলিও তেওঁ কয়।

ইয়াৰ উপৰি কানহায়া কুমাৰে প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে লালকিল্লাত থিয় হৈও মিছা কথা কয় বুলি মন্তব্য কৰে। তেওঁ কয় যে বিমুদ্ৰাকৰণ বিফল হ’ল, জি এছ টিৰ কথা কৈ লাভেই নাই। জি এছ টিয়ে সৰুসুৰা ব্যৱসায়ীৰ মূৰত মাধমাৰ শোধালে বুলিও তেওঁ মন্তব্য কৰে।

“মোদীয়ে কোৱা ২ কোটি ৰোজগাৰ ক’লৈ গ’ল? ক’লাধন ক’লৈ গ’ল?” বুলিও কানহায়া কুমাৰে প্ৰশ্ন উত্থাপন কৰে।

ইপিনে, বিজেপি চৰকাৰে এতিয়া কৃষকৰ বাবে বিভিন্ন আঁচনি লৈছে কিন্তু কিমান কৃষকে আত্মহত্যা কৰিব লগীয়া হৈছে তাৰহে কোনো হিচাপ তেওঁলোকৰ ওচৰত নাই বুলিও কুমাৰে চৰকাৰৰ কটাক্ষ কৰে।

ভাষণ প্ৰসংগত একাংশ বিজেপি নেতাই হিন্দু ধৰ্মৰ নামত অন্ধবিশ্বাসৰ প্ৰশ্ৰয় দিয়া বুলিও তেওঁ মন্তব্য কৰে। ধৰ্মৰ নামত কিছুমান অন্ধবিশ্বাসেৰে তেওঁলোকে প্ৰকৃততে হিন্দু ধৰ্মক অপমান কৰি আছে বুলিও তেওঁ ভাষণ প্ৰসংগত উল্লেখ কৰে।

তেওঁ কয়, “হিন্দু ধৰ্ম বিপদাপন্ন হোৱা নাই, এই দেশত বৰ্তমান প্ৰকৃততে গণতন্ত্ৰ, বিজ্ঞান, গণিত, তৰ্ক, মানৱতা, সমতা, ইতিহাস, ভূগোল, সংস্কৃতি আদিহে বিপদাপন্ন হৈ আছে। কোনো বিষয় লৈ আলোচনা, সমালোচনা, তৰ্ক ইত্যাদিৰ বিৰোধিতা কৰাটো আমাৰ দেশৰ সংস্কৃতি নাছিল। ইতিহাসেই এই কথাৰ প্ৰমাণ দিয়ে।”

কানহায়া কুমাৰৰ ভাষণৰ পাছতেই তেওঁ ছাত্ৰ-ছাত্ৰী আৰু উপস্থিত ৰাইজৰ লগতো মত বিনিময় কৰে।

আনহাতে, কেইজনমান লোকে কানহায়া কুমাৰৰ মত বিনিময় অনুষ্ঠানৰ মাজতেই বিভিন্ন প্ৰশ্নৰে তেওঁক ব্যতিব্যস্ত কৰিবলৈ চেষ্টা কৰে। ইয়াক কেন্দ্ৰ কৰি অনুষ্ঠানৰ মাজতেই কিছু উত্তপ্ত পৰিস্থিতিৰো সৃষ্টি হয়। অৱশ্যে উদ্যোক্তা আৰু আৰক্ষীৰ তৎপৰতাত পৰিস্থিতি নিয়ন্ত্ৰণত থাকে।

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

নিটৰ প্ৰতিবাদক লৈ এইবাৰ মাত মাতিলে শচীন তেণ্ডুলকাৰে, কি ক’লে লিটল মাষ্টাৰে?

নিটৰ প্ৰতিবাদক লৈ এইবাৰ মাত মাতিলে শচীন তেণ্ডুলকাৰে, কি ক’লে লিটল মাষ্টাৰে?

July 24, 2026 7:00 am
চানমাৰিৰ সহকাৰী আৰক্ষী আয়ুক্ত (এচিপি) প্ৰণামী ভৰদ্বাজ বৰা

প্ৰতিবাদৰ পূৰ্বে নাবালিকাক ভাবুকি দিয়াৰ অভিযোগত বিতৰ্কত অসম আৰক্ষীৰ বিষয়া

July 23, 2026 10:47 pm
ৰাজ্যৰ ভয়ংকৰ বান পৰিস্থিতিৰ বাবে স্থগিত প্ৰতিবাদী কাৰ্যসূচী, বানত হোৱা মৃত্যুৰ উচ্চ পৰ্যায়ৰ তদন্তৰ দাবী

ৰাজ্যৰ ভয়ংকৰ বান পৰিস্থিতিৰ বাবে স্থগিত প্ৰতিবাদী কাৰ্যসূচী, বানত হোৱা মৃত্যুৰ উচ্চ পৰ্যায়ৰ তদন্তৰ দাবী

July 23, 2026 9:00 pm
বানপানীৰ ভয়ংকৰ পৰিস্থিতিৰ মাজতে নীপকোৱে খুলিলে দৈয়াং বান্ধৰ তিনিখন গেট

বানপানীৰ ভয়ংকৰ পৰিস্থিতিৰ মাজতে নীপকোৱে খুলিলে দৈয়াং বান্ধৰ তিনিখন গেট

July 23, 2026 7:18 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

নিটৰ প্ৰতিবাদক লৈ এইবাৰ মাত মাতিলে শচীন তেণ্ডুলকাৰে, কি ক’লে লিটল মাষ্টাৰে?

নিটৰ প্ৰতিবাদক লৈ এইবাৰ মাত মাতিলে শচীন তেণ্ডুলকাৰে, কি ক’লে লিটল মাষ্টাৰে?

July 24, 2026 7:00 am
চানমাৰিৰ সহকাৰী আৰক্ষী আয়ুক্ত (এচিপি) প্ৰণামী ভৰদ্বাজ বৰা

প্ৰতিবাদৰ পূৰ্বে নাবালিকাক ভাবুকি দিয়াৰ অভিযোগত বিতৰ্কত অসম আৰক্ষীৰ বিষয়া

July 23, 2026 10:47 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd