• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, October 3, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

কাৰ্বি আংলঙত উদ্ধাৰ আহোম যুগৰ বিৰল পাণ্ডুলিপি; উন্মোচিত হ’ব ইতিহাসৰ বহুতো নতুন অধ্যায়

ডিফু জিলা সংগ্ৰহালয় আৰু নথেংপি কাৰ্বি হেৰিটেজ মিউজিয়ামত সংৰক্ষিত সাঁচিপাত আৰু তাম্ৰফলিৰ জৰিয়তে পোহৰলৈ আহিব পাৰে অসমৰ ইতিহাস আৰু মধ্যযুগীয় সভ্যতাৰ বহু অজ্ঞাত তথ্য

এন ই  নাও নিউজ, গুৱহাটী by এন ই নাও নিউজ, গুৱহাটী
June 14, 2026 8:13 pm
154
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অসমৰ কাৰ্বি আংলং জিলাত সংৰক্ষিত হৈ থকা মধ্যযুগৰ একাংশ বিৰল পাণ্ডুলিপিয়ে অঞ্চলটোৰ ইতিহাস, সংস্কৃতি আৰু থলুৱা জ্ঞানৰ ওপৰত নতুন পোহৰ পেলোৱাৰ সম্ভাৱনা প্ৰকট হৈ পৰিছে। জিলাখনৰ দুটাকৈ সংগ্ৰহালয়ত সংৰক্ষিত এই দুষ্প্ৰাপ্য সাঁচিপাত আৰু তাম্ৰফলিসমূহৰ পাঠোদ্ধাৰ কৰাৰ উদ্দেশ্যে এতিয়া জিলা প্ৰশাসনে বিশেষজ্ঞৰ কাষ চপাৰ লগতে কেন্দ্ৰীয় চৰকাৰৰ ‘জ্ঞান ভাৰতম’ আঁচনিৰ জৰিয়তে ইয়াক সংৰক্ষণ কৰাৰ বাবে বিশেষ প্ৰস্তুতি চলাইছে বুলি জানিব পৰা গৈছে।

বৰ্তমান কাৰ্বি আংলং জিলাৰ সদৰ ডিফুস্থিত জিলা সংগ্ৰহালয়ত দুখন বিৰল টাই পাণ্ডুলিপি সংৰক্ষিত হৈ আছে, য’ত ক্ৰমে ৬৭ আৰু ১৫৮ খিলা সাঁচিপাত আছে। এই পাণ্ডুলিপিসমূহৰ বিশেষত্ব হ’ল যে এইবোৰ চিঞাহীৰে লিখাৰ পৰিৱৰ্তে খোদিত কৰা হৈছে। আনহাতে, নথেংপি কাৰ্বি হেৰিটেজ মিউজিয়ামত তিনিখিলা পাত, এটা আঙুঠি আৰু এটা হাতীৰ প্ৰতীক সম্বলিত এখন তাম্ৰফলি সংৰক্ষণ কৰা হৈছে। নৱম শতিকাৰ বুলি ধাৰণা কৰা এই তাম্ৰফলিখনৰ ভাষা সংস্কৃত হ’লেও ইয়াৰ লিপি হৈছে অসমীয়া।

Apply Now

এই সন্দৰ্ভত কাৰ্বি আংলং জিলাৰ আয়ুক্ত অৰণ্যক শইকীয়াই জনায় যে ডিফু জিলা সংগ্ৰহালয় হৈছে চহকী সাংস্কৃতিক আৰু প্ৰত্নতাত্ত্বিক ঐতিহ্যৰ এক ভঁৰাল। ইয়াত সংৰক্ষিত মধ্যযুগৰ পাণ্ডুলিপিসমূহৰ জৰিয়তে ১২২৮ চনৰ পৰা ১৮২৬ চনলৈ অসমত ৰাজত্ব কৰা আহোম যুগৰ বহু গুৰুত্বপূৰ্ণ তথ্য পোহৰলৈ আহিব পাৰে বুলি তেওঁ প্ৰকাশ কৰে। এই দুষ্প্ৰাপ্য টাই পাণ্ডুলিপি দুখনৰ পাঠোদ্ধাৰৰ বাবে জিলা প্ৰশাসনে ‘ইনষ্টিটিউট অৱ টাই ষ্টাডিজ এণ্ড ৰিচাৰ্ছ’ৰ বিশেষজ্ঞৰ সৈতে যোগাযোগ কৰাৰ পৰিকল্পনা কৰিছে।

একে সময়তে, এই ঐতিহাসিক সমলসমূহৰ পদ্ধতিগত জৰীপ, বৈজ্ঞানিক সংৰক্ষণ আৰু ডিজিটেলকৰণৰ বাবে কেন্দ্ৰীয় চৰকাৰৰ ‘জ্ঞান ভাৰতম’ আঁচনিত অন্তৰ্ভুক্ত কৰাৰ প্ৰয়াস কৰা হৈছে। আয়ুক্তগৰাকীয়ে জানিবলৈ দিয়া মতে, ইতিমধ্যে ৰাজ্য চৰকাৰৰ সাংস্কৃতিক বিভাগলৈ এক প্ৰস্তাৱ প্ৰেৰণ কৰা হৈছে, যাতে তেওঁলোকে কেন্দ্ৰলৈ এই সন্দৰ্ভত প্ৰয়োজনীয় পদক্ষেপ গ্ৰহণ কৰে। ছাত্ৰ-ছাত্ৰী আৰু যুৱপ্ৰজন্মৰ মাজত অতীতৰ ঐতিহ্যক লৈ আগ্ৰহ বৃদ্ধি কৰাৰ উদ্দেশ্যে সংগ্ৰহালয়ত গ্ৰীষ্মকালীন শিবিৰ আৰু শৈক্ষিক ভ্ৰমণ অনুষ্ঠিত কৰাৰো পৰিকল্পনা কৰা হৈছে।

জিলা সংগ্ৰহালয়ৰ বিষয়া কৌস্তুভ শইকীয়াই জনায় যে ২০২০ চনত ওক-কেৰেং নিহাং ইংতি গাঁৱত উদ্ধাৰ হোৱা এই বিৰল তাম্ৰফলিখন গঞা ৰাইজে কাৰ্বি আংলং স্বায়ত্ত্বশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্যক আনুষ্ঠানিকভাৱে হস্তান্তৰ কৰিছিল। টাই পাণ্ডুলিপিসমূহৰ অৱস্থাৰ বৈজ্ঞানিক মূল্যায়নৰ বাবে অসম ৰাজ্যিক সংগ্ৰহালয়ৰ সংৰক্ষকৰ পৰামৰ্শ লোৱা হ’ব। তাৰ পিছতহে ইয়াৰ ডিজিটেলকৰণৰ কাম আৰম্ভ কৰা হ’ব।

জিলা প্ৰশাসন আৰু সংগ্ৰহালয় বিভাগৰ এই প্ৰচেষ্টাৰ ফলত কাৰ্বি আংলং আৰু পশ্চিম কাৰ্বি আংলং জিলাৰ থলুৱা সংস্কৃতি আৰু প্ৰত্নতাত্ত্বিক সমলসমূহ ভৱিষ্যত প্ৰজন্মৰ বাবে সুৰক্ষিত হোৱাৰ দিশত এক বলিষ্ঠ পদক্ষেপ গ্ৰহণ কৰা হৈছে বুলি বিবেচিত হৈছে। বিশেষজ্ঞৰ দ্বাৰা পাঠোদ্ধাৰ সম্পূৰ্ণ হ’লে এই পাণ্ডুলিপিসমূহে সমগ্ৰ ৰাজ্যখনৰ ইতিহাসৰ বহু নতুন অধ্যায় উন্মোচন কৰিব বুলি আশা কৰা হৈছে।

এন ই  নাও নিউজ, গুৱহাটী

এন ই নাও নিউজ, গুৱহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

গৰু সৰবৰাহ কৰিলেই গো-হত্যাৰ অপৰাধ নহয়! আৰক্ষীৰ অনুমানৰ ভিত্তিত শাস্তি দিয়া কাৰ্যক নাকচ উচ্চতম ন্যায়ালয়ৰ

গৰু সৰবৰাহ কৰিলেই গো-হত্যাৰ অপৰাধ নহয়! আৰক্ষীৰ অনুমানৰ ভিত্তিত শাস্তি দিয়া কাৰ্যক নাকচ উচ্চতম ন্যায়ালয়ৰ

October 3, 2026 8:19 pm
অসমৰ বান সমস‍্যাক ৰাষ্ট্ৰীয় জাতীয় সমস‍্যা হিচাপে গণ‍্য কৰাৰ দাবীত দিল্লীত ডি ৱাই এফ আইৰ প্ৰতিবাদী কাৰ্যসূচী

অসমৰ বান সমস‍্যাক ৰাষ্ট্ৰীয় জাতীয় সমস‍্যা হিচাপে গণ‍্য কৰাৰ দাবীত দিল্লীত ডি ৱাই এফ আইৰ প্ৰতিবাদী কাৰ্যসূচী

October 3, 2026 7:16 pm
উচ্চ ন্যায়ালয়ৰ নিৰ্দেশৰ পাছতো বাংলাদেশলৈ বিতাড়ন! নগাঁৱৰ দুগৰাকী মহিলাক ঘূৰাই অনাৰ দাবীত সৰৱ সাংসদ গৌৰৱ গগৈ

উচ্চ ন্যায়ালয়ৰ নিৰ্দেশৰ পাছতো বাংলাদেশলৈ বিতাড়ন! নগাঁৱৰ দুগৰাকী মহিলাক ঘূৰাই অনাৰ দাবীত সৰৱ সাংসদ গৌৰৱ গগৈ

October 3, 2026 7:02 pm
নেচলেৰ ডেইৰী হোৱাইটনাৰ অস্বাস্থ্যকৰ আৰু মানদণ্ডহীন! বিক্ৰী নিষিদ্ধ কৰিলে এফএছএছএআইয়ে

নেচলেৰ ডেইৰী হোৱাইটনাৰ অস্বাস্থ্যকৰ আৰু মানদণ্ডহীন! বিক্ৰী নিষিদ্ধ কৰিলে এফএছএছএআইয়ে

October 3, 2026 6:09 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

গৰু সৰবৰাহ কৰিলেই গো-হত্যাৰ অপৰাধ নহয়! আৰক্ষীৰ অনুমানৰ ভিত্তিত শাস্তি দিয়া কাৰ্যক নাকচ উচ্চতম ন্যায়ালয়ৰ

গৰু সৰবৰাহ কৰিলেই গো-হত্যাৰ অপৰাধ নহয়! আৰক্ষীৰ অনুমানৰ ভিত্তিত শাস্তি দিয়া কাৰ্যক নাকচ উচ্চতম ন্যায়ালয়ৰ

October 3, 2026 8:19 pm
অসমৰ বান সমস‍্যাক ৰাষ্ট্ৰীয় জাতীয় সমস‍্যা হিচাপে গণ‍্য কৰাৰ দাবীত দিল্লীত ডি ৱাই এফ আইৰ প্ৰতিবাদী কাৰ্যসূচী

অসমৰ বান সমস‍্যাক ৰাষ্ট্ৰীয় জাতীয় সমস‍্যা হিচাপে গণ‍্য কৰাৰ দাবীত দিল্লীত ডি ৱাই এফ আইৰ প্ৰতিবাদী কাৰ্যসূচী

October 3, 2026 7:16 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd