• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, June 23, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

‘কাৰ্বি আংলং আৰু ইয়াৰ জনসাধাৰণৰ উন্নয়ন’

মাধুৰ্য ফুকন by মাধুৰ্য ফুকন
January 12, 2026 2:00 pm
73
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

জন ইংতি কাথাৰৰ সৈতে বিশেষ কথোপকথন

মাধুৰ্য ফুকন

Apply Now

উন্নয়ন দেশ এখনৰ বাবে অপৰিহাৰ্য আৰু দেশ এখনৰ উন্নয়ন বুলি কলে দেশখনৰ আন্তঃগাঁথনিৰ বিকাশকে নুবুজায়, ইয়াৰ সৈতে জনসাধাৰণৰ সামগ্ৰিক উত্তৰণৰ বিষয়টোও নিবিড়ভাৱে জড়িত হৈ থাকে। জনসাধাৰণৰ উন্নয়ন অবিহনে দেশ এখনৰ প্ৰকৃত উন্নতি আশা কৰিব নোৱাৰি। দেশ তথা জনসাধাৰণৰ কল্যাণৰ বাবে চৰকাৰে বিভিন্ন উন্নয়নমূলক পদক্ষেপ গ্ৰহণ কৰে যদিও প্ৰায়ে এক প্ৰশ্ন উত্থাপন হয় যে এই পদক্ষেপসমূহে প্ৰকৃততে সামগ্ৰিক উন্নয়নত অৰিহণা যোগাইছে নে কেৱল চৰকাৰী পৰিসংখ্যাতহে উন্নয়নৰ এখন কৃত্ৰিম ছবি দাঙি ধৰিছে? ইয়াৰ লগতে আন এটা গুৰুত্বপূৰ্ণ প্ৰশ্নও উত্থাপিত হয় যে এই উন্নয়ন প্ৰকৃততে কাৰ বাবে? সাধাৰণ জনসাধাৰণৰ বাবে নে কেৱল উদ্যোগপতিসকলৰ মুনাফাৰ বাবে?”

প্ৰায়ে চৰকাৰৰ আন্তঃগাঁথনিৰ সম্প্ৰসাৰণেই হওক বা অন্যান্য উন্নয়নমূলক প্ৰকল্পই হওক, সেইবোৰৰ বাবে সাধাৰণ শ্ৰেণীৰ মানুহে চৰম দুখ-কষ্ট ভোগ কৰিবলগীয়া হয়। এই প্ৰকল্পসমূহৰ বাবেই বহু লোকে নিজৰ ঘৰ-বাৰী, মাটি-ভেটি, আনকি জীৱিকাৰ পথো হেৰুৱাই পেলায়। ফলত মানুহে নিজৰ অধিকাৰ, ভূমি আৰু ভৱিষ্যত ৰক্ষাৰ বাবে যুঁজ দিবলৈ বাধ্য হৈছে। বিশেষকৈ উত্তৰ-পূৰ্বাঞ্চলত বহনক্ষম উন্নয়নৰ লক্ষ্যত উপনীত হোৱাটো অপৰিহাৰ্য আৰু প্ৰয়োজনীয়; কিন্তু এই উন্নয়ন ন্যায়সংগত হোৱাটো বাঞ্ছনীয়। দুৰ্ভাগ্যবশতঃ, আমি প্ৰায়ে এইক্ষেত্ৰত চৰকাৰৰ সামাজিক ন্যায়ৰ প্ৰতি থকা ঘোৰ অৱহেলাহে দেখিবলৈ পাওঁ।

উন্নয়নৰ বিষয়টো এই কাৰণে আলোচনাৰ মাজলৈ অনা হৈছে, কাৰণ শেহতীয়াকৈ কাৰ্বি আংলঙৰ ডিফু ভ্ৰমণৰ সময়ত অঞ্চলটোৰ এজন বিশিষ্ট নেতা জন ইংতি কাথাৰ (J.I. Kathar)-ক সাক্ষাৎ কৰিছিলোঁ। তেওঁ এজন অৱসৰপ্ৰাপ্ত আই.এ.এছ. (IAS) বিষয়া আৰু বৰ্তমান ‘অল পাৰ্টি হিল লীডাৰ্ছ কনফাৰেন্স’ (APHLC)-ৰ সভাপতি। তেওঁৰ সৈতে তাত চলি থকা সংঘাত আৰু অঞ্চলটোৰ সামগ্ৰিক উন্নয়ন সন্দৰ্ভত গুৰুত্বপূৰ্ণ বাৰ্তালাপ হৈছিল।

মাধুৰ্য ফুকন: কাৰদম! আহক আলাপৰ মাজলৈ আগবাঢ়ো…

জন ইংতি কাথাৰ: কাৰদম! নিশ্চয়।

মাধুৰ্য: কাৰ্বি আংলঙত ১০০০ মেগাৱাটৰ সৌৰ প্ৰকল্পৰ দৰে চলি থকা ডাঙৰ কৰ্প’ৰেট প্ৰকল্পসমূহৰ বিষয়ে আপুনি কি ভাবে? ই কাৰ্বি আংলং বা কাৰ্বি জনসাধাৰণৰ উন্নয়নত সহায় কৰিবনে?

জে. আই. কাথাৰ: ই কোনোমতে কাৰ্বি আংলঙক সহায় নকৰে। কাৰণ আমাৰ আমটেৰেঙত ইতিমধ্যে অসম চৰকাৰে কৰা এটা জলবিদ্যুৎ প্ৰকল্প আছে, কিন্তু কাৰ্বি আংলঙত পৰ্যাপ্ত বিদ্যুৎ নাই। ইয়াৰ কাৰণ হ’ল সমগ্ৰ শক্তি বিতৰণৰ ব্যৱস্থা কাহিলিপাৰালৈ লৈ যোৱা হৈছে। আমি দাবী জনাইছিলো যে এই কেন্দ্ৰটো আমটেৰেং বা বৈঠালাংচোতে স্থাপন কৰিব লাগে, কিন্তু তেওঁলোকে সন্মত নহ’ল, কাহিলিপাৰালৈ লৈ গ’ল। ফলস্বৰূপে এতিয়াআমটেৰেঙৰ পৰা আমচৈলৈপ্ৰায় ৪৬ কিলোমিটাৰ এলেকা সম্পূৰ্ণ আন্ধাৰ হৈ থাকে। ওপৰেৰে বিদ্যুতৰ তাঁৰ পাৰ হৈ গৈছে, কিন্তু তাঁৰৰ তলত থকা আমিবোৰ আন্ধাৰত আছো। তদুপৰি, পৰিষদে পাবলগীয়া ৰাজহখিনিও নাপালে, কাৰণ কেন্দ্ৰটো কাহিলিপাৰাতহে স্থাপন কৰা হ’ল।

আন এটা গুৰুত্বপূৰ্ণ বিষয় হ’ল নিযুক্তি। আমি প্ৰকৃততে কোনো স্থায়ী নিযুক্তি নাপাওঁ। যি দুই-এজনে কাম পাইছে, তেওঁলোককো তিনিচুকীয়া বা আন দূৰৈৰ ঠাইলৈ বদলি কৰা হয়। আচলতে তেওঁলোক কেৱল অস্থায়ী শ্ৰমিকহে। ই আমাৰ বাবে কোনোমতেই লাভজনক নহয়। এতিয়া আদানী আৰু আম্বানীয়ে যি প্ৰকল্প স্থাপন কৰিবলৈ ওলাইছে, তাৰ পৰিণাম একেই হ’ব; তেওঁলোকে উৎপাদিত সকলো শক্তি কাৰ্বি আংলঙৰ বাহিৰলৈ লৈ যাব। আমি না বিদ্যুৎ পাম, না কোনো নিযুক্তি পাম।

একেদৰে মিকিৰ বামুণী সৌৰ প্ৰকল্পৰ সময়ত আমাক হাজাৰ হাজাৰ নিযুক্তিৰ প্ৰতিশ্ৰুতি দিয়া হৈছিল, কিন্তু কাৰ্বি লোকৰ ভিতৰত মাত্ৰ এজনেহে চকীদাৰৰ চাকৰি পালে। এই ধৰণৰ সৌৰ বা জলবিদ্যুৎ প্ৰকল্পই আমাক সহায় কৰাৰ বিপৰীতে আমাৰ আপুৰুগীয়া ধানখেতিৰ পথাৰসমূহহে ধ্বংস কৰিব। পাহাৰীয়া অঞ্চলত ধানখেতিৰ পথাৰ অতি বিৰল আৰু এইবিলাক আমাৰ বাবে অমূল্য সম্পদ। য’ত পানী জমা কৰিবলৈ বান্ধ নিৰ্মাণৰ প্ৰস্তাৱ দিয়া হৈছে, সেইবোৰ আমাৰ সাৰুৱা কৃষিভূমি। এই প্ৰকল্পসমূহে আমাৰ খাদ্য আৰু জীৱিকা দুয়োটাকে নিঃশেষ কৰিব।

আমটেৰেঙৰ জলবিদ্যুৎ প্ৰকল্পই মাত্ৰ ৫ কিলোমিটাৰ ব্যাসাৰ্ধতহে বিদ্যুৎ যোগান ধৰিছিল। গতিকে এনে বৃহৎ প্ৰকল্প আমাৰ বাবে অৰ্থহীন। আমি বিচাৰোঁ ‘মাইক্ৰ’ হাইডেল’ বা ক্ষুদ্ৰ জলবিদ্যুৎ প্ৰকল্প। মই নিজেই বেছিথৰত (Besithar) এনে এটা প্ৰকল্পৰ উদ্যোগ লৈছিলোঁ। ‘অসম শক্তি উন্নয়ন সংস্থা’ই তিনি বছৰ ধৰি ইয়াৰ জৰীপ আৰু জোখ-মাখ কৰিছিল। কিন্তু শেষত এ.পি.ডি.চি.এলে (APDCL) ইয়াৰ দায়িত্ব ল’বলৈ অমান্তি হ’ল, কাৰণ ই আছিল কেৱল স্থানীয় ৰাইজৰ ব্যৱহাৰৰ বাবে। ইয়াৰ পৰাই স্পষ্ট হয় যে তেওঁলোকে আমাৰ স্থানীয়লোকৰ উন্নয়ন নিবিচাৰে; তেওঁলোকে কেৱল আমাৰ সম্পদ কাঢ়ি নিবহে বিচাৰে। আমি ইয়াৰ তীব্ৰ বিৰোধিতা কৰোঁ। যদি ধানখেতিৰ পথাৰ ধ্বংস নকৰাকৈ ক্ষুদ্ৰ জলবিদ্যুৎ প্ৰকল্প কৰা হয়, তেন্তে মই তাত সন্মতি দিম।

মাধুৰ্য: এই বৃহৎ প্ৰকল্পসমূহে পৰিৱেশৰ বিস্তৰ ক্ষতিসাধন কৰিব বুলি বিভিন্ন মহলত চৰ্চা চলি আছে? আপুনি কি ভাবে ?

জে. আই. কাথাৰ: এই প্ৰকল্পই নিশ্চয়কৈ ১৮,০০০ বিঘা কৃষিভূমি ধ্বংস কৰিব। ইতিমধ্যে উমৰাঙচুকে ধৰি কাৰ্বি আংলঙৰ প্ৰায় ১ লাখ ৫০ হাজাৰ বিঘা মাটি চৰকাৰে হস্তগত কৰিছে; অৰ্থাৎ আমাৰ পৰা আমাৰ ভূমি কাঢ়ি নিয়া হৈছে। মন কৰিবলগীয়া যে, এয়া সংবিধানৰ ষষ্ঠ অনুসূচীভুক্ত এক জনজাতীয় অঞ্চল, যিটো কেৱল জনজাতীয় লোকৰ বাবে সংৰক্ষিত। অৱশ্যে আমি ইয়াত বসবাস কৰা খিলঞ্জীয়া আৰু আদিবাসী লোকসকলক লৈ আপত্তি কৰিব লগা নাই, কাৰণ তেওঁলোক ১৮৩৬ বা ১৮৯০ চনৰ বহু আগৰে পৰাই ইয়াৰ স্থায়ী বাসিন্দা। আমি তেওঁলোকক বহিৰাগত বুলি গণ্য নকৰোঁ আৰু তেওঁলোকৰ লগতে অসমীয়া মানুহখিনিৰো সৰ্বাংগীণ উন্নয়ন বিচাৰোঁ।

প্ৰকল্পটোৱে আমাক ধ্বংস কৰিব নেকি বুলি সোধা প্ৰশ্নটোৰ উত্তৰত মই ক’ম ই নিশ্চিতভাৱে আমাক নিঃশেষ কৰিব। আমাৰ ভূমি ধ্বংস হ’ব। যদিহে এই কোম্পানীবোৰৰ মালিকীস্বত্ব, পৰিচালনা আৰু ব্যৱস্থাপনা জনজাতীয় লোকৰ হাতত থাকিলহেঁতেন, তেন্তে আমাৰ কোনো আপত্তি নাথাকিলহেঁতেন। কিন্তু বাস্তৱত তেনে হোৱা নাই। আদানী বা আম্বানী আমাৰ জনজাতীয় সমাজৰ নহয়, তেওঁলোক আনকি মংগোলীয়ও নহয়। তেওঁলোক আৰ্যমূলৰ লোক। সেয়েহে, এয়া আচলতে এক ‘আৰ্যকৰণ’ (Aryanization)-ৰ পৰিকল্পনাহে।

এই পৰিকল্পনাৰ জৰিয়তে আমাকো আৰ্যৰ দৰে অনুভৱ কৰিবলৈ বাধ্য কৰাই তেওঁলোকৰ পদতলত ৰখাৰ চেষ্টা কৰা হৈছে। যিহেতু তেওঁলোকে আমাৰ মাটি পোনপটীয়াকৈ দখল কৰিব নোৱাৰে, সেয়েহে ‘উন্নয়ন’ৰ দোহাই দি পিছদুৱাৰেদি আমাৰ ভূমি কাঢ়ি লৈছে। এই উন্নয়ন আমাৰ দৰে মংগোলীয় মূলৰ খিলঞ্জীয়া লোকৰ বাবে নহয়, ই কেৱল তেওঁলোকৰ বাবেহে। উত্তৰ-পূব ভাৰতত বসবাস কৰা ভাৰতীয় মংগোলীয়সকলক এই আৰ্যসকলে পছন্দ নকৰে; বৰঞ্চ আমাক দাস, চাকৰ বা ‘অসুৰ’ বুলিহে অভিহিত কৰে। গতিকে এই প্ৰকল্প আমাৰ স্বাৰ্থত নহয়, এয়া কেৱল আমাৰ ভূমি দখলৰ এক গভীৰ ষড়যন্ত্ৰহে।

মাধুৰ্য: এই প্ৰকল্পসমূহে কাৰ্বি লোকসকলৰ বাবে কোনো নিযুক্তিৰ সুযোগ প্ৰদান কৰাৰ প্ৰতিশ্ৰুতি দিছে নেকি?

জে. আই. কাথাৰ:  সেইটো মই ইতিমধ্যে কৈছো যে মিকিৰ বামুণীত তেওঁলোকে কৈছিল হাজাৰ হাজাৰ কৰ্মচাৰী নিয়োগ কৰা হ’ব। কিন্তু পালে মাত্ৰ এটা চকীদাৰৰ পদ। গতিকে এইবোৰ কেৱল মিছা কথা।

মাধুৰ্য: সম্প্ৰতি কাৰ্বি জনগোষ্ঠীৰ অস্তিত্ব তথা পৰিচয় হেৰুৱাৰ উপক্ৰম হৈছে। মোৰ গৱেষণা অনুসৰি, কাৰ্বি আংলঙৰ জনসংখ্যাৰ প্ৰায় ৪০% হে কাৰ্বি লোক আছে। এই বিষয়ে আপোনাৰ মতামত কি?

জে. আই. কাথাৰ: হয়, ১৯৫১ চনত আধুনিক কাৰ্বি আংলং জিলাৰ গঠন হৈছিল যদিও ইয়াৰ ইতিহাস অতি প্ৰাচীন। সম্ভৱতঃ ১৫০০ বছৰ ধৰি আমাৰ এই ভূমিখণ্ডৰ অস্তিত্ব আছে। আমাৰ নিজস্ব ৰাজতন্ত্ৰ আছিল আৰু ‘চ’ত ৰেচ’ (Sot Recho) আছিল আমাৰ প্ৰথমজন ৰজা।

এই মাটি আমাৰ আছিল। ১৯৫১ চনত যেতিয়া আধুনিক কাৰ্বি আংলং নিৰ্মাণ হৈছিল, তেতিয়া ইয়াৰ জনসংখ্যাৰ ৮৮ শতাংশই আছিল কাৰ্বি লোক আৰু ৯৬ শতাংশ আছিল আন্যান্য জনজাতীয় লোক। অ-জনজাতীয় লোক আছিল মাত্ৰ ৪ শতাংশ।

কিন্তু বৰ্তমান আমাৰ এই শোচনীয় অৱস্থাৰ মূল কাৰণ হ’ল সংবিধানৰ ষষ্ঠ অনুসূচীৰ সঠিক ৰূপায়ণ নোহোৱাটো। তদানীন্তন অসম চৰকাৰ আৰু ৰাজনৈতিক শক্তিসমূহে কিছুমান অযোগ্য মানুহক আমাৰ নেতা হিচাপে থিয় কৰাইছিল। এইসকল নামধাৰী নেতাৰ সহায়তে তেওঁলোকে আমাৰ মাটি, চৰকাৰী চাকৰি আৰু অধিকাৰসমূহ দখল কৰি ল’লে। ষষ্ঠ অনুসূচীৰ অনুচ্ছেদ ২ (উপ-অনুচ্ছেদ ৭)ৰ অধীনত যিখন মৌলিক আইন প্ৰণয়ন কৰিব লাগিছিল, সেয়া আজিও নহ’ল। ফলত স্বায়ত্তশাসন কেৱল নামতহে ৰৈ গ’ল, ই প্ৰকৃত স্বায়ত্তশাসন হৈ নাথাকিল। ইয়াৰ পৰিণাম স্বৰূপেই আজি আমাৰ জনসংখ্যা ৩৫ শতাংশলৈ হ্ৰাস পাইছে।

কেৱল সেয়াই নহয়, অনুচ্ছেদ ৩ ৰ অধীনত স্বায়ত্ত শাসিত পৰিষদে নিজা ভূমি আৰু ৰাজহ আইন বনাব লাগিছিল। হাজাৰ হাজাৰ বছৰ ধৰি কাৰ্বি, কুকি, ৰেংমা নগা, ডিমাছা, বড়ো, গাৰো, খাচী, তিৱা আৰু শ্যামসকলৰ নিজা পৰম্পৰাগত ভূমি আইন আছিল। সেই অনুসৰি ১৯৫২ চনতে আইন বনাব লাগিছিল যদিও তাৰ পৰিৱৰ্তে ১৯৫৩ চনৰ ২১ জুলাইত অসম চৰকাৰে আমাৰ ওপৰত জোৰকৈ ‘অসম ভূমি ৰাজহ নিয়ন্ত্ৰণ’ আইন জাপি দিলে। এই ক’লা আইনে আমাৰ পৰম্পৰাগত ভূমি পট্টাসমূহ নিমিষতে বাতিল কৰি দিলে। যি মাটিত অধিকাৰ থকাৰ বাবে আমি স্বায়ত্ত শাসিত পৰিষদ পাইছিলোঁ, সেই চৰকাৰী আইনৰ বাবে আমি নিজৰ মাটিতে ভূমিহীন হৈ পৰিলোঁ।

এটা সৰু উদাহৰণ দিওঁ, মোৰ দেউতা আমাৰ গাঁৱৰ গাঁওবুঢ়া আছিল। তেওঁ গোটেই গাঁৱৰ মাটিৰ মালিক আৰু পট্টা বিতৰণ কৰিব পৰা একমাত্ৰ কৰ্তৃত্বপ্ৰাপ্ত ব্যক্তি আছিল। কিন্তু দুৰ্ভাগ্যজনকভাৱে আজি চৰকাৰী ‘চিঠা’ত তেওঁক এজন ‘বেদখলকাৰী’ বুলি ঘোষণা কৰা হৈছে। এজন মালিক কেনেকৈ বেদখলকাৰী হ’ব পাৰে? এনেদৰেই আমাক পৰিকল্পিতভাৱে ধ্বংস কৰা হৈছে। চৰকাৰে কেতিয়াও কোনো বুদ্ধিমান আৰু সচেতন ব্যক্তিক নিৰ্বাচিত হৈ আহিবলৈ নিদিয়ে। ইয়াৰ পৰিৱৰ্তে বাংলাদেশ, বিহাৰ বা বংগৰ পৰা অহা বহিৰাগতক কাৰ্বি আংলঙত সংস্থাপিত কৰি আমাক সংখ্যালঘু কৰাটো অসম চৰকাৰৰ এক সুদূৰপ্ৰসাৰী চক্ৰান্ত।

মাধুৰ্য: বৰ্তমান কাৰ্বি লোকৰ ভূমি মালিকীস্বত্বৰ কোনো চৰকাৰী তথ্য উপলব্ধ নে? সকলো কাৰ্বিলোকৰে মাটিৰ মালিকীস্বত্ব আছে নে?

জে. আই. কাথাৰ: হয়, মই ইতিমধ্যে কৈছো যে আমাৰ নিজা আইন আছে। কাৰ্বি মানুহৰে নহয়— কুকি, ৰেংমা নগা, ডিমাছা, গাৰো, খাচী, তিৱা, শ্যাম সকলোৰে নিজা ভূমি আইন আছে। আৰু সেই ভূমি আইনৰ অধীনত আমাৰ ইতিমধ্যে পট্টা আছে, নিজৰ মাটি আছে। কিন্তু সেই পট্টাবোৰ ১৯৫৩ চনৰ ২১ জুলাইত অসম চৰকাৰে বাতিল কৰি দিছিল। আইনখনত অসমৰ মুখ্য সচিব এছ. কে. দত্তই স্বাক্ষৰ কৰিছিল। যদি স্বায়ত্ত শাসিত পৰিষদে কৰিলেহেঁতেন তেন্তে পৰিষদৰ অধ্যক্ষই স্বাক্ষৰ কৰিলেহেঁতেন। কিন্তু এতিয়া ইয়াত অসমৰ মুখ্য সচিবে স্বাক্ষৰ কৰিছে। তাৰ মানে অসম চৰকাৰে আমাৰ ওপৰত ভূমি আইন জাপি দিছে।

মাধুৰ্য: মোৰ আৰু এটা প্ৰশ্ন আছে। ২০২১ চনত কাৰ্বি আংলঙৰ উন্নয়নৰ বাবে ১০০০ কোটি টকা আৱণ্টন কৰা হৈছিল। আপুনি ভাবেনে যে এই আৱণ্টন সঠিকভাৱে ব্যৱহাৰ কৰা হৈছে আৰু ই অঞ্চলটোৰ সামগ্ৰিক উন্নয়নৰ উন্নতি ঘটাব?

জে. আই. কাথাৰ: ই সঠিকভাৱে ব্যৱহাৰ হোৱা নাই। উদাহৰণস্বৰূপে, ডিফুৰ এই উৰণীয়া সেতু নিৰ্মাণ, বৰ্তমান ইয়াৰ কোনো প্ৰয়োজন নাই। আচলতে যদি আমি ঠাইখন ধুনীয়া কৰি ৰাখিব বিচাৰো, উৰণীয়া সেতুৱে অঞ্চলটো ধুনীয়া নকৰে। ওপৰৰ পৰা হয়তো ইয়াক ধুনীয়া দেখি, কিন্তু বাস্তৱিকতে ই ধুনীয়া নহয়। আৰু এই পথ নিৰ্মাণ কিছুমান ঠাইত সম্পূৰ্ণ হৈছে যদিও পথ নিৰ্মাণৰ মান অতি বেয়া। উদাহৰণস্বৰূপে, এই ৰংপ্লিমপ্লাম অঞ্চলৰ পৰা ডিফুলৈ নিৰ্মাণ কৰা পথটো ইতিমধ্যে ভাঙি গৈছে। আৰু ডিচামা অঞ্চলৰ পৰা নিৰ্মাণ কৰা পথবোৰো ইতিমধ্যে ভাঙি গৈছে। বহু ঠাইত সকলো ৰাস্তা ভাঙি গৈছে।

আৰু এটা কথা চাওক, যদি আমি মানুহৰ উন্নয়ন কৰিব বিচাৰোঁ, তেন্তে ৰাস্তা-ঘাট প্ৰয়োজনীয়, সেইটো ঠিক আছে। কিন্তু মানুহক ‘ক্ৰয় ক্ষমতা’ (Purchasing Power) দিয়াটোহে আটাইতকৈ গুৰুত্বপূৰ্ণ কথা। মানুহক ক্ৰয় ক্ষমতা দিব লাগে। যদি মানুহক নিজৰ প্ৰয়োজনীয় বস্তু কিনিব পৰা শক্তি দিয়া হ’লহেঁতেন, তেন্তে সেয়াহে মানুহৰ প্ৰকৃত উন্নয়ন হ’লহেঁতেন।

এতিয়া ৰাস্তা নিৰ্মাণ কৰা হৈছে ঠিকেই, কিন্তু যিবোৰ মানুহ অতি দুখীয়া যাৰ ঘৰবোৰ বাঁহৰ আৰু মাটিৰ লেপন দিয়া, যাৰ ঘৰৰ মজিয়াখন সেমেকা আৰু সেই সেমেকা মজিয়াতে ল’ৰা-ছোৱালীবোৰে শুবলগীয়া হয়, আনকি যাৰ পাকঘৰত এসাঁজ খাবলৈ চাউলো নাই ৰাস্তাই তেওঁলোকক কেনেকৈ সহায় কৰিব? কেৱল ৰাস্তাই তেওঁলোকক সহায় নকৰে। আমি মানুহক ভাল ঘৰ দিব লাগিব। আৰু তেওঁলোকক ভাল ঘৰ দিয়াৰ নামত কেৱল সাহায্য বিতৰণ কৰাটোৱেই স্থায়ী সমাধান নহয়। আমি তেওঁলোকক এনে এক শক্তি দিব লাগিব, যাতে তেওঁলোকে নিজৰ ঘৰ নিজে নিৰ্মাণ কৰিব পাৰে। তেওঁলোকক সৰু সৰু চৰকাৰী ঘৰ দিয়াটোৱেই একমাত্ৰ উত্তৰ নহয়। আমি তেওঁলোকক নিজৰ ঘৰ কিনাৰ আৰু নিৰ্মাণ কৰাৰ লগতে নিজৰ সন্তানক শিক্ষিত কৰাৰ ক্ষমতা দিব লাগিব।

আৰু তাৰ বাবে আমি প্ৰতিটো পৰিয়ালত এজনকৈ চৰকাৰী চাকৰি দিয়াৰ ব্যৱস্থা কৰিব লাগিব। যদি পৰিষদে গুৰুত্বসহকাৰে কাম কৰিব বিচাৰিলেহেঁতেন, তেন্তে ই সম্ভৱ হ’লহেঁতেন। উদাহৰণস্বৰূপে, যোৱা পাঁচ বছৰত প্ৰায় ৪০০০ শিক্ষক নিযুক্তি দিয়া হৈছে। কিন্তু দুৰ্ভাগ্যজনকভাৱে এই ৪০০০ শিক্ষকৰ ভিতৰত কাৰ্বি লোক আৰু অন্যান্য জনজাতীয় লোকে মাত্ৰ ৬৫টা মানহে পদ পাইছে।

চাওক, এজন শিক্ষকে মাহে অন্ততঃ ৪০,০০০ টকা দৰমহা পায়। যদি আপুনি প্ৰতিটো পৰিয়ালৰ পৰা এজনকৈ শিক্ষক নিযুক্তি দিলেহেঁতেন, তেন্তে সমাজখন ইতিমধ্যে উন্নত হ’লহেঁতেন। তেতিয়া তেওঁলোকক অৰুণোদয় আঁচনিৰ ১২৫০ টকা দিয়াৰপ্ৰয়োজন নহ’লহেঁতেন। আপুনি তেওঁলোকক বিনামূলীয়া ৰেচন কাৰ্ড দিয়াৰো প্ৰয়োজন নহ’লহেঁতেন; কাৰণ তেওঁলোকে নিজেই খোৱা বস্তু কিনিব পাৰিলেহেঁতেন। তেওঁলোকে নিজৰ সন্তানক শিক্ষিত কৰিব পাৰিলেহেঁতেন আৰু নিজৰ পচন্দৰ ঘৰ সাজিব পাৰিলেহেঁতেন। তেওঁলোকে অন্ততঃ নিজৰ বাবে এখন সৰু গাড়ী কিনিব পাৰিলেহেঁতেন আৰু তেতিয়াহে নিৰ্মাণ কৰা ৰাস্তাবোৰত তেওঁলোকে নিজৰ গাড়ী চলাব পাৰিলেহেঁতেন। এতিয়া ৰাস্তাত আন মানুহৰ গাড়ীহে চলি আছে, সেয়া গাঁৱৰ মানুহৰ গাড়ী নহয়। এয়া প্ৰকৃত উন্নয়ন নহয়।

মাধুৰ্য: মই পুনৰ বৃহৎ সৌৰ প্ৰকল্পৰ বিষয়টোলৈ আহিছো। কিবা নিৰ্দিষ্ট তথ্য উপলব্ধ নেকি? এই মাটি কিমান বছৰৰ বাবে লীজত দিয়া হৈছে, কিমান মাটি অধিগ্ৰহণ কৰা হৈছে আৰু কিমান মানুহ উচ্ছেদৰ সন্মুখীন হ’ব?

জে. আই. কাথাৰ: কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদে ইতিমধ্যে পিছদুৱাৰেদি ১ লাখ ৫০ হাজাৰ বিঘা মাটি বিক্ৰী কৰি দিছে। আমাৰ জনজাতীয় মাটি অ-জনজাতীয় লোকক দিয়া হৈছে। আৰু সেই অ-জনজাতীয় লোকসকলো আৰ্য মানুহ, মংগোলীয় মানুহ নহয়। আৰু আমি সকলো মংগোলীয়। অসম আৰু উত্তৰ-পূব হ’ল ভাৰতীয় মংগোলীয়সকলৰ ভূমি। আৰু তাৰ পিছত মানুহবোৰক তাৰ পৰা উচ্ছেদ কৰা হয়। তেওঁলোকক ক্ষতিপূৰণ দিয়া হৈছে। ক্ষতিপূৰণ মানে কি? ক্ষতিপূৰণ মানে মাটি বিক্ৰী। ক্ষতিপূৰণ মানে মাটিৰ দাম। আমাৰ মাটি বিক্ৰী কৰিব নোৱাৰে। জনজাতীয় মাটি অ-জনজাতীয় লোকৰ ওচৰত বিক্ৰী কৰিব নোৱাৰি। কিন্তু ক্ষতিপূৰণৰ নামত মাটিবোৰ অ-জনজাতীয় লোকক বিক্ৰী কৰি দিয়া হয়। এয়া আৰএছএছ. (RSS)ৰ সৈতে জড়িত লোকৰ দ্বাৰা পৰিচালিত এটা স্বাৰ্থান্বেষী নীতি। এয়া আৰএছএছ আৰু ‘ইৰাণো-ইণ্ডো আৰ্য’ (Irano-Indo Aryan) লোকসকলৰ পৰিকল্পিত কাৰ্য। মই তেওঁলোকক ইৰাণো-ইণ্ডো আৰ্য বুলি কওঁ, কাৰণ ভাৰতৰ আৰ্যসকলৰ মূল বসতিস্থল ইৰাণতেই আছিল। তেওঁলোকে সদায় মুছলমানৰ কথা কয় যে, মুছলমানৰ পৰা বিপদ আছে। কিন্তু তেওঁলোকৰ নিজৰ ককাক-আজোককাকসকল ইৰাণত সম্ভৱতঃ মুছলমান আছিল। গতিকে যিবোৰ মানুহে মুছলমানে আমাক ভাবুকি দিছে বুলি কৈছে, সেইটো কেৱল আমাক আচল বিষয়বোৰৰ পৰা আঁতৰাই ৰাখিবলৈ হে কোৱা হৈছে। আমাক ইয়াত মূৰ্খ সজোৱা হৈছে। আৰু তদুপৰি কাৰ্বি আংলঙত মুছলমান লোকৰ সংখ্যা মাত্ৰ ২০,০০০; আনহাতে হিন্দু বাঙালীৰ সংখ্যা প্ৰায় ৩ লাখ। তেন্তে আপুনি নিজে চাওক আমাৰ প্ৰকৃত সমস্যা ২০,০০০ মুছলমানৰ পৰা নে ৩ লাখ হিন্দু বাঙালীৰ পৰা? ইয়াৰ উপৰিও ত্ৰিপুৰা ৰাজ্যখন মুছলমানে ধ্বংস কৰা নাছিল; সেয়া হিন্দু বাঙালীৰ আধিপত্যই কৰিছিল। ঠিক তেনেদৰে এসময়ৰ শক্তিশালী ডিমাছা ৰাজ্যখনো মুছলমানে ধ্বংস কৰা নাছিল; খাচপুৰত হিন্দু বাঙালীসকলেহে ইয়াক ধ্বংস কৰিছিল। মই এইটো কোৱা নাই যে মুছলমানসকল খুবেই ভাল; কিন্তু আমি প্ৰকৃত সত্যটো জানিব লাগিব।

মাধুৰ্য: এই গুৰুত্বপূৰ্ণ বিষয়ত আলোচনা কৰিবলৈ আমাক সময় দিয়া বাবে আপোনাক ধন্যবাদ।

জে. আই. কাথাৰ: কাৰদম!

মাধুৰ্য ফুকন

মাধুৰ্য ফুকন

নৰ্থ ইষ্ট নাওৰ সাংবাদিক, অনুবাদক ই-মেইল[email protected]

Stay Connected

  • 117k Fans

Recent News

শ্বেয়াৰ বজাৰত ভয়ংকৰ খহনীয়া, এদিনতে বিনিয়োগকাৰীৰ ছয় লাখ কোটি টকাৰ লোকচান, ছেনছেক্সৰ ৯০০ পইণ্টৰ পতন

শ্বেয়াৰ বজাৰত ভয়ংকৰ খহনীয়া, এদিনতে বিনিয়োগকাৰীৰ ছয় লাখ কোটি টকাৰ লোকচান, ছেনছেক্সৰ ৯০০ পইণ্টৰ পতন

June 23, 2026 6:14 pm
জুবিন গাৰ্গৰ মৃত্যুৰ তদন্তৰ মাজতে ন্যায়ালয়ৰ গুৰুত্বপূৰ্ণ নিৰ্দেশ! ফ্ৰীজ হৈ থকা বেংক একাউণ্ট পৰিচালনাৰ অনুমতি পালে পত্নী গৰিমা গাৰ্গে

জুবিন গাৰ্গৰ মৃত্যুৰ তদন্তৰ মাজতে ন্যায়ালয়ৰ গুৰুত্বপূৰ্ণ নিৰ্দেশ! ফ্ৰীজ হৈ থকা বেংক একাউণ্ট পৰিচালনাৰ অনুমতি পালে পত্নী গৰিমা গাৰ্গে

June 23, 2026 5:52 pm
“পৰীক্ষাতকৈ মোৰ বাবে বোৰ্খা বেছি গুৰুত্বপূৰ্ণ’’ : নীট পৰীক্ষাৰ্থীৰ মন্তব্যই চকু কপালত তুলিছে দেশবাসীৰ

“পৰীক্ষাতকৈ মোৰ বাবে বোৰ্খা বেছি গুৰুত্বপূৰ্ণ’’ : নীট পৰীক্ষাৰ্থীৰ মন্তব্যই চকু কপালত তুলিছে দেশবাসীৰ

June 23, 2026 5:04 pm
আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত জিলিকিল অসমৰ প্ৰতিভা! স্পেইনৰ চলচ্চিত্ৰ মহোৎসৱত শ্ৰেষ্ঠত্বৰ সন্মান আঁজুৰিলে কৌশিক শৰ্মাৰ ছবিয়ে

আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত জিলিকিল অসমৰ প্ৰতিভা! স্পেইনৰ চলচ্চিত্ৰ মহোৎসৱত শ্ৰেষ্ঠত্বৰ সন্মান আঁজুৰিলে কৌশিক শৰ্মাৰ ছবিয়ে

June 23, 2026 4:49 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

শ্বেয়াৰ বজাৰত ভয়ংকৰ খহনীয়া, এদিনতে বিনিয়োগকাৰীৰ ছয় লাখ কোটি টকাৰ লোকচান, ছেনছেক্সৰ ৯০০ পইণ্টৰ পতন

শ্বেয়াৰ বজাৰত ভয়ংকৰ খহনীয়া, এদিনতে বিনিয়োগকাৰীৰ ছয় লাখ কোটি টকাৰ লোকচান, ছেনছেক্সৰ ৯০০ পইণ্টৰ পতন

June 23, 2026 6:14 pm
জুবিন গাৰ্গৰ মৃত্যুৰ তদন্তৰ মাজতে ন্যায়ালয়ৰ গুৰুত্বপূৰ্ণ নিৰ্দেশ! ফ্ৰীজ হৈ থকা বেংক একাউণ্ট পৰিচালনাৰ অনুমতি পালে পত্নী গৰিমা গাৰ্গে

জুবিন গাৰ্গৰ মৃত্যুৰ তদন্তৰ মাজতে ন্যায়ালয়ৰ গুৰুত্বপূৰ্ণ নিৰ্দেশ! ফ্ৰীজ হৈ থকা বেংক একাউণ্ট পৰিচালনাৰ অনুমতি পালে পত্নী গৰিমা গাৰ্গে

June 23, 2026 5:52 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd