• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 10, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

শ’লঠেকত শিলাদিত্য! কৰিমগঞ্জ আদালতৰ গ্ৰেপ্তাৰী পৰোৱানা জাৰি

শিলাদিত্যৰ বিৰুদ্ধে ছাত্ৰনেতা জুনেইদ আহমেদে আদালতত তৰিছিল গোচৰ

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
June 20, 2019 9:35 pm
Shiladitya-Deb-750x375-1

বিজেপি বিধায়ক শিলাদিত্য দেব। ফাইল ফটো

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

মুছলমান বিৰোধী তথা সাম্প্ৰদায়িকতাৰে পৰিপূৰ্ণ মন্তব্য কৰি এতিয়া শ’লঠেকত পৰিছে হোজাই সমষ্টিৰ বিজেপি বিধায়ক শিলাদিত্য দেব। কিয়নো বিধায়কজনৰ বিৰুদ্ধে গ্ৰেপ্তাৰী পৰোৱানা জাৰি কৰিছে কৰিমগঞ্জ জিলা দণ্ডাধীশৰ আদালতে।

উল্লেখযোগ্য যে, শিলাদিত্যৰ এই সাম্প্ৰদায়িক মন্তব্যৰ বিৰুদ্ধে কৰিমগঞ্জৰ জুনেইদ আহমেদ নামৰ এগৰাকী প্ৰাক্তন ছাত্ৰ নেতাই কৰিমগঞ্জ আদালতত ১৪৬৫/১৮ নং গোচৰত ভাৰতীয় দণ্ডবিধিৰ ২৯৮/৫০৪/৫০৫(১)(বি)(চি)/৫০৫(২)/২৯৫(এ)/১২১/১১৫ ধাৰত গোচৰ ৰুজু কৰিছিল। তাৰ পাছতে তিনিবাৰকৈ বিধায়কগৰাকীক আদালতত উপস্থিত হ’বৰ বাবে আদালতে নিৰ্দেশ দিছিল।

Apply Now

প্ৰথমবাৰ অৰ্থ্যাৎ ১১ ফেব্ৰুৱাৰিত নিৰ্দেশ দিয়াৰ পাছতো কৰিমগঞ্জৰ জিলা দণ্ডাধীশৰ আদালতত হাজিৰ নোহোৱাত আদালতে যোৱা ২৫ এপ্ৰিলৰ দিনা গুৱাহাটীৰ আৰক্ষী আয়ুক্ত আৰু কৰিমগঞ্জৰ আৰক্ষী অধীক্ষকক বিধায়কগৰাকীক আদালতত হাজিৰ কৰোৱাৰ নিৰ্দেশ দিছিল। তাৰ পাছতো নিজৰ ব্যক্তিগত অসুবিধাৰ অজুহাতত আদালতত উপস্থিত হোৱা নাছিল বিধায়কগৰাকী।

ইয়াৰ পাছত যোৱা ২৮ মে’ৰ দিনা আদালতত উপস্থিত হ’বলৈ নিৰ্দেশ দিছিল যদিও সেইবাৰো শিলাদিত্য দেব আদালতত উপস্থিত হোৱা নাছিল।

শেহতীয়াকৈ আজিও শিলাদিত্য দেব কৰিমগঞ্জ আদালতত উপস্থিত নোহোৱাত কৰিমগঞ্জ জিলা দণ্ডাধীশৰ আদালতে গ্ৰেপ্তাৰী পৰোৱানা জাৰি কৰে বুলি জানিব পৰা গৈছে। লগতে অহা ২৩ জুলাইত আদালতত বিধায়কগৰাকীক হাজিৰ কৰোৱাৰ নিৰ্দেশ দিছে আদালতে।

ইপিনে, কৰিমগঞ্জ আদালতৰ এই নিৰ্দেশৰ পাছতে ফেইচবুক লাইভৰ জৰিয়তে প্ৰাক্তন ছাত্ৰ নেতাজনে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে।

লাইভ ভিডিঅ’টোত তেওঁ কয়, ‘’বহুদিন ধৰি শিলাদিত্য দেবৰ বিৰুদ্ধে আইনী আন্দোলন কৰিছিলো। শিলাদিত্য দেবৰ সাম্প্ৰদায়িক মন্তব্যৰ বিৰুদ্ধে আইনৰ দ্বাৰস্থ হৈছিলো। অনেক বাহানা দেখুৱাই তেওঁ আদালতত উপস্থিত হোৱা নাছিল। ভাৰতবৰ্ষৰ নাগৰিক হিচাপে আমি গৌৰাৱান্বিত যে ভাৰতত আইন আছে আৰু ই সকলোৰে বাবে সমান। শিলাদিত্য দেবৰ সাম্প্ৰদায়িক মন্তব্য দিয়াৰ বিৰুদ্ধে গ্ৰেপ্তাৰী পৰোৱানা জাৰি কৰিছে কৰিমগঞ্জ আদালতে। আমাৰ এই আন্দোলন কোনো বিশেষ ধৰ্মৰ বিৰুদ্ধে নহয়, সুস্থ ভাৰত গঠন কৰাৰ বাবে এই আন্দোলন।‘‘

হোজাইৰ বিধায়কগৰাকীলৈ গ্ৰেপ্তাৰী পৰোৱানা দিয়াৰ পাছতে ছাত্ৰনেতাজনে আইনজীৱি আতিকুল বাৰিকক ধন্যবাদ জ্ঞাপন কৰে।

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

প্ৰতি লিটাৰ পেট্ৰ’ল ৮২ টকাত উপলব্ধ হ’বনে? কেজৰিৱালৰ দাবীক কেন্দ্ৰ কৰি নতুন বিতৰ্ক

প্ৰতি লিটাৰ পেট্ৰ’ল ৮২ টকাত উপলব্ধ হ’বনে? কেজৰিৱালৰ দাবীক কেন্দ্ৰ কৰি নতুন বিতৰ্ক

July 9, 2026 8:43 pm
অসম বিধানসভাত হিন্দী কিয়? আমাৰ ওপৰত হিন্দী জাপি দিয়া নচলিব!

অসম বিধানসভাত হিন্দী কিয়? আমাৰ ওপৰত হিন্দী জাপি দিয়া নচলিব!

July 9, 2026 8:14 pm
ইৰানৰ পাৰমাণৱিক ঘাটিত আমেৰিকাৰ ভয়ংকৰ আক্ৰমণ, তেজষ্ক্ৰিয় বিকিৰণৰ আশংকাত হুৱাদুৱা

ইৰানৰ পাৰমাণৱিক ঘাটিত আমেৰিকাৰ ভয়ংকৰ আক্ৰমণ, তেজষ্ক্ৰিয় বিকিৰণৰ আশংকাত হুৱাদুৱা

July 9, 2026 7:47 pm
ওমানত গ্ৰেপ্তাৰ মহাদেৱ বেটিং এপ কেলেংকাৰিৰ নায়ক সৌৰভ চন্দ্ৰকৰ; দেশলৈ ওভতাই অনাৰ প্ৰস্তুতি ভাৰতৰ

ওমানত গ্ৰেপ্তাৰ মহাদেৱ বেটিং এপ কেলেংকাৰিৰ নায়ক সৌৰভ চন্দ্ৰকৰ; দেশলৈ ওভতাই অনাৰ প্ৰস্তুতি ভাৰতৰ

July 9, 2026 7:45 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

প্ৰতি লিটাৰ পেট্ৰ’ল ৮২ টকাত উপলব্ধ হ’বনে? কেজৰিৱালৰ দাবীক কেন্দ্ৰ কৰি নতুন বিতৰ্ক

প্ৰতি লিটাৰ পেট্ৰ’ল ৮২ টকাত উপলব্ধ হ’বনে? কেজৰিৱালৰ দাবীক কেন্দ্ৰ কৰি নতুন বিতৰ্ক

July 9, 2026 8:43 pm
অসম বিধানসভাত হিন্দী কিয়? আমাৰ ওপৰত হিন্দী জাপি দিয়া নচলিব!

অসম বিধানসভাত হিন্দী কিয়? আমাৰ ওপৰত হিন্দী জাপি দিয়া নচলিব!

July 9, 2026 8:14 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd