• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 31, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home দেশ

কৰ্ণাটক কংগ্ৰেছত আকৌ বিদ্ৰোহ! মুখ্যমন্ত্ৰী ডি কে শিৱকুমাৰৰ বিৰুদ্ধে অভিযোগ লৈ দিল্লী পালেগৈ দুই নেতা

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
June 10, 2026 11:55 am
17
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

নতুন মন্ত্ৰীসভা গঠন কৰাৰ পাছতো কৰ্ণাটক কংগ্ৰেছত শান্তি ঘূৰি অহা নাই। ৰাজ্যখনৰ নতুন মুখ্যমন্ত্ৰী ডি কে শিৱকুমাৰেও এই বিদ্ৰোহ চম্ভালিবলৈ গৈ যথেষ্ট সমস্যাৰ সন্মুখীন হৈছে। এইবাৰ মন্ত্ৰীত্ব নাপাই কৰ্ণাটকৰ এজন কংগ্ৰেছ বিধায়ক দিল্লীলৈ গৈছে। আনহাতে, মন্ত্ৰী হৈও সন্তুষ্ট নহয় শিৱকুমাৰৰ মন্ত্ৰীসভাৰ আন এজন সদস্য। তেৱোঁ কংগ্ৰেছৰ শীৰ্ষ নেতৃত্বৰ লগত আলোচনা কৰিবলৈ দিল্লীত উপস্থিত হৈছেগৈ।

নিজৰ অসন্তুষ্টি প্ৰকাশ কৰিবলৈ দিল্লীলৈ যোৱা মন্ত্ৰীজন হৈছে কৃষ্ণ বাইৰে গৌড়া। তেওঁক বেংগালুৰু উন্নয়ন বিভাগৰ দায়িত্ব দিয়া হৈছে। কিন্তু কৃষ্ণৰ দাবী যে বেংগালুৰু উন্নয়ন কৰ্তৃপক্ষ (বি ডি এ) আৰু বেংগালুৰু মহানগৰ উন্নয়ন কৰ্তৃপক্ষ (বি এম আৰ ডি এ) তেওঁৰ বিভাগৰ অধীনলৈ আনিব লাগে। তেওঁৰ মতে, এই দুটা চৰকাৰী সংস্থা তেওঁৰ অধীনত নাথাকিলে বেংগালুৰু আৰু ইয়াৰ দাঁতিকাষৰীয়া অঞ্চলৰ উন্নয়নত তেওঁৰ কোনো বিশেষ ভূমিকা নাথাকিব।

Apply Now

আনহাতে, মন্ত্ৰী পদৰ দাবী লৈ দিল্লীলৈ যোৱা কংগ্ৰেছ বিধায়কজন হৈছে ৰিজোৱান আৰছাদ। এটা সূত্ৰৰ মতে, তেওঁক মন্ত্ৰী কৰাৰ বিষয়ে কংগ্ৰেছৰ শীৰ্ষ নেতৃত্বৰ সৈতে আলোচনা চলি আছে। সেইবাবেই তেওঁ দিল্লীলৈ যোৱা বুলি জানিব পৰা গৈছে। এনে পৰিস্থিতিত কৰ্ণাটকৰ মন্ত্ৰীসভাত পুনৰ ৰদবদল হ’ব নেকি, তাক লৈ চৰ্চা আৰম্ভ হৈছে।

কেইদিনমান আগতে বিভাগ বিতৰণক লৈ অসন্তুষ্টি প্ৰকাশ কৰিছিল কৰ্ণাটকৰ আন এজন মন্ত্ৰী ৰামলিংগ ৰেড্ডীয়ে। মুখ্যমন্ত্ৰী শিৱকুমাৰে তেওঁক বৃহৎ আৰু মজলীয়া জলসিঞ্চন বিভাগৰ দায়িত্ব দিছিল। কিন্তু ৰেড্ডীৰ দাবী আছিল যে তেওঁক বেংগালুৰু উন্নয়ন বিভাগৰ মন্ত্ৰী কৰাৰ প্ৰতিশ্ৰুতি দিয়া হৈছিল। নিজৰ পছন্দৰ বিভাগ নাপায় তেওঁ মন্ত্ৰীসভাৰ পৰা পদত্যাগ কৰিছিল। অৱশ্যে পিছত শিৱকুমাৰে ৰেড্ডীৰ লগত আলোচনাত বহি এই সমস্যাৰ সমাধান কৰে। মুখ্যমন্ত্ৰীগৰাকীয়ে কৈছিল যে ৰামলিংগ ৰেড্ডী তেওঁৰ বন্ধু আৰু পদত্যাগৰ বিষয়টো এতিয়া মিমাংসা হৈছে। মন্ত্ৰীসভাত থকা আন দুজন সদস্য কে এইচ মুনিয়াপ্পা আৰু কে জে জৰ্জেও বিভাগ বিতৰণক লৈ অসন্তুষ্টি প্ৰকাশ কৰিছিল যদিও পিছত শান্ত হৈছিল। কিন্তু সেই সমস্যা সমাধান হোৱাৰ পাছতেই এতিয়া নতুনকৈ এই বিদ্ৰোহ আৰম্ভ হৈছে।

উল্লেখ্য যে, সিদ্ধাৰামাইয়াই পদত্যাগ কৰাৰ পিছত বুধবাৰে বিয়লি বেংগালুৰুৰ গ্লাছ হাউচত মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰে ডি কে শিৱকুমাৰে। ৰাজ্যপাল থাৱৰচান্দ গেহলটে তেওঁক শপত বাক্য পাঠ কৰোৱায়। শিৱকুমাৰৰ লগত উপ-মুখ্যমন্ত্ৰী হিচাপে শপত লয় দলিত নেতা জি পৰমেশ্বৰে। লগতে আন ১২ জন মন্ত্ৰীয়েও শপত গ্ৰহণ কৰে।

প্ৰাক্তন মুখ্যমন্ত্ৰী সিদ্ধাৰামাইয়াই ইতিমধ্যে স্পষ্ট কৰি দিছে যে ২০২৩ চনৰ চুক্তি অনুসৰি তেওঁ শিৱকুমাৰক মুখ্যমন্ত্ৰীৰ আসনখন এৰি দিলেও তেওঁ সক্ৰিয় ৰাজনীতিত থাকিব। তেওঁ লগতে কয় যে তেওঁৰ মূল গুৰুত্ব ৰাজ্যিক ৰাজনীতিতহে থাকিব, ৰাষ্ট্ৰীয় ৰাজনীতিত নহয়। কংগ্ৰেছ সূত্ৰৰ মতে, মুখ্যমন্ত্ৰীৰ পদ এৰি দিয়াৰ বিনিময়ত হাইকমাণ্ডে সিদ্ধাৰামাইয়াক কৰ্ণাটক প্ৰদেশ কংগ্ৰেছৰ সভাপতি (যিটো পদত আগতে শিৱকুমাৰ আছিল) বা ৰাজ্যসভাৰ সাংসদ পদ বাছি ল’বলৈ কৈছিল। কিন্তু সিদ্ধাৰামাইয়াই স্পষ্ট কৰি দিয়ে যে তেওঁ সংসদৰ উচ্চ সদনলৈ নাযায়।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ইউৰোপীয় দেশসমূহৰ বিশ্বকাপ বৰ্জনৰ হুংকাৰ: ফিফাৰ বিতৰ্কিত পৰিকল্পনাক লৈ তীব্ৰ সংঘাত

ইউৰোপীয় দেশসমূহৰ বিশ্বকাপ বৰ্জনৰ হুংকাৰ: ফিফাৰ বিতৰ্কিত পৰিকল্পনাক লৈ তীব্ৰ সংঘাত

July 31, 2026 6:30 am
লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

July 30, 2026 8:30 pm
২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

July 30, 2026 7:56 pm
গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

July 30, 2026 7:27 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ইউৰোপীয় দেশসমূহৰ বিশ্বকাপ বৰ্জনৰ হুংকাৰ: ফিফাৰ বিতৰ্কিত পৰিকল্পনাক লৈ তীব্ৰ সংঘাত

ইউৰোপীয় দেশসমূহৰ বিশ্বকাপ বৰ্জনৰ হুংকাৰ: ফিফাৰ বিতৰ্কিত পৰিকল্পনাক লৈ তীব্ৰ সংঘাত

July 31, 2026 6:30 am
লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

July 30, 2026 8:30 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd