• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, October 3, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

যোগীৰ ৰাজ্যত বিজেপিৰ ভোট বেংকত আঘাত; ৫০খন আসনত প্ৰতিদ্বন্দ্বিতা কৰাৰ কথা ঘোষণা কৰ্ণি সেনাৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
June 9, 2026 8:16 am
81
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

কৰ্ণি সেনাৰ বৃহৎ ৰাজনৈতিক ঘোষণাই উত্তৰ প্ৰদেশৰ ৰাজনীতিত নতুন আলোড়নৰ সৃষ্টি কৰিছে। দীৰ্ঘদিন ধৰি বিজেপিৰ সমৰ্থক হিচাপে পৰিচিত এই সংগঠনটোৱে এতিয়া পোনপটীয়াকৈ নিৰ্বাচনী যুঁজত প্ৰৱেশ কৰাৰ ইংগিত দিছে।

কৰ্ণি সেনাৰ মুৰব্বী সুৰজপাল সিং ‘আম্মু’ই ঘোষণা কৰিছে যে তেওঁলোকৰ সংগঠনে আগন্তুক উত্তৰ প্ৰদেশ বিধানসভা নিৰ্বাচনত ৫০খন আসনত প্ৰাৰ্থী প্ৰক্ষেপ কৰিব। সোমবাৰে শ্বাহজাহানপুৰত অনুষ্ঠিত এখন সন্মিলনত এই ঘোষণা কৰাৰ পিছৰে পৰা ৰাজনৈতিক মহলত তুমুল চৰ্চা আৰম্ভ হৈছে।

Apply Now

সন্মিলনত ভাষণ দি সুৰজপাল সিং আম্মুৱে স্পষ্টভাৱে কয় যে, “আমি মুখ্যমন্ত্ৰী যোগী আদিত্যনাথক সন্মান কৰো, কিন্তু আমি বিজেপিৰ গোলাম নহয়। উত্তৰ প্ৰদেশৰ ৫০খন আসনত আমি নিৰ্বাচনত অৱতীৰ্ণ হ’ম।” তেওঁৰ এই মন্তব্য কেৱল ৰাজনৈতিক বাৰ্তা নহয়, দীৰ্ঘদিন ধৰি বিজেপিক সমৰ্থন কৰা এটা প্ৰভাৱশালী সংগঠনৰ অসন্তুষ্টিকো উদঙাই দিছে।

ৰাজনৈতিক সূত্ৰ অনুসৰি এই সিদ্ধান্তৰ আঁৰত আছে আসন বিতৰণ আৰু ৰাজনৈতিক প্ৰতিনিধিত্বক লৈ দীৰ্ঘদিনীয়া ক্ষোভ। উত্তৰ প্ৰদেশৰ ৰাজনীতিত ৰাজপুত বা ক্ষত্ৰীয় সম্প্ৰদায়ক তেওঁলোকৰ অৱদান আৰু প্ৰভাৱৰ তুলনাত উপযুক্ত ৰাজনৈতিক গুৰুত্ব দিয়া হোৱা নাই বুলি দাবী কৰি আহিছে কৰ্ণি সেনাই। যোৱা দেওবাৰেও সুৰজপাল সিঙে বিজেপিক ২৫খন বিধানসভা আসনত প্ৰাৰ্থী প্ৰক্ষেপ কৰাৰ সুযোগ বিচাৰিছিল বুলি জনা যায়। কিন্তু সেই দাবীৰ প্ৰতি ইতিবাচক সঁহাৰি নোপোৱাৰ পিছত মাত্ৰ এদিনৰ ভিতৰতে তেওঁ এই ডাঙৰ ঘোষণা কৰিলে।

শ্বাহজাহানপুৰ সন্মিলনত তেওঁ আঞ্চলিক নেতা-মন্ত্ৰীৰ বিষয়টোও পোনপটীয়াকৈ উত্থাপন কৰে। বিশেষকৈ ওম প্ৰকাশ ৰাজভৰৰ নাম উল্লেখ কৰি তেওঁ প্ৰশ্ন কৰে যে, “ৰাজভৰৰ দৰে অযোগ্য ব্যক্তি এজনক যেতিয়া আপোনালোকে মন্ত্ৰী কৰিব পাৰি, তেন্তে আমি কিয় নিৰ্বাচনত অৱতীৰ্ণ হ’ব নোৱাৰো?” পৰ্যবেক্ষকসকলৰ মতে এই মন্তব্য ৰাজনৈতিকভাৱে তাৎপৰ্যপূৰ্ণ। কাৰণ ইয়াৰ জৰিয়তে কেৱল বিজেপিৰ সিদ্ধান্তক প্ৰত্যাহ্বান জনোৱাই নহয়, মিত্ৰজোঁটৰ ৰাজনীতিৰ বৰ্তমানৰ গাঁথনিলৈও প্ৰশ্ন উত্থাপন হৈছে।

উত্তৰ প্ৰদেশত কৰ্ণি সেনাৰ প্ৰভাৱ প্ৰধানকৈ ৰাজপুত বা ক্ষত্ৰিয় সম্প্ৰদায়ৰ মাজত। এই সম্প্ৰদায়টো দীৰ্ঘদিন ধৰি বিজেপিৰ বাবে অন্যতম গুৰুত্বপূৰ্ণ ভোট বেংক হিচাপে বিবেচিত হৈ আহিছে। ফলত যদি সঁচাকৈয়ে কৰ্ণি সেনাই অকলে নিৰ্বাচনত অংশগ্ৰহণ কৰে, তেন্তে ইয়াৰ প্ৰভাৱ বিজেপিৰ ভোটৰ অংকত পৰিব পাৰে বুলি ৰাজনৈতিক বিশ্লেষকসকলে ধাৰণা কৰে।

কিন্তু ৰাজনৈতিক মহলৰ একাংশই ধাৰণা কৰে যে এই ঘোষণা আপাততঃ বিজেপিৰ ওপৰত চাপ প্ৰয়োগৰ কৌশলও হ’ব পাৰে। বিগত সময়ত বিভিন্ন সামাজিক আৰু জাতিভিত্তিক সংগঠনে নিৰ্বাচনৰ পূৰ্বে ৰাজনৈতিক গুৰুত্ব বৃদ্ধিৰ বাবে এনে স্থিতি গ্ৰহণ কৰি আহিছে। শেষত নিৰ্বাচনত পোনপটীয়াকৈ যুঁজিব নে নাই সেইটোৱেই আছিল ডাঙৰ প্ৰশ্ন। ফলত বৰ্তমান কৰ্ণি সেনাৰ বিষয়ে নিশ্চিতভাৱে একো ক’ব পৰা নাযায়।

আনহাতে, এই ঘোষণাৰ সন্দৰ্ভত বিজেপিয়ে এতিয়াও আনুষ্ঠানিক প্ৰতিক্ৰিয়া দিয়া নাই। কিন্তু ৰাজনৈতিক পৰ্যবেক্ষকৰ মতে যদি কৰ্ণি সেনাই নিজৰ স্থিতিত দৃঢ় হৈ থাকে আৰু ৫০খন আসনত প্ৰাৰ্থী প্ৰক্ষেপ কৰে তেন্তে উত্তৰ প্ৰদেশৰ নিৰ্বাচনী সমীকৰণত এক নতুন মাত্ৰা সংযোজন হ’ব। বিশেষকৈ ৰাজপুতৰ ভোটৰ এটা অংশ বিজেপিৰ পৰা আঁতৰি গ’লে একাধিক আসনত ইয়াৰ প্ৰভাৱ দেখা যাব।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

৭ বছৰ পাছতো এনআৰচিৰ পৰা বাদ পৰা ১৯ লাখ লোকে লাভ কৰা নাই প্ৰত্যাখ্যান পত্ৰ! উচ্চতম ন্যায়ালয়ত তথ্য সদৰী কেন্দ্ৰৰ

৭ বছৰ পাছতো এনআৰচিৰ পৰা বাদ পৰা ১৯ লাখ লোকে লাভ কৰা নাই প্ৰত্যাখ্যান পত্ৰ! উচ্চতম ন্যায়ালয়ত তথ্য সদৰী কেন্দ্ৰৰ

October 3, 2026 9:07 pm
গৰু সৰবৰাহ কৰিলেই গো-হত্যাৰ অপৰাধ নহয়! আৰক্ষীৰ অনুমানৰ ভিত্তিত শাস্তি দিয়া কাৰ্যক নাকচ উচ্চতম ন্যায়ালয়ৰ

গৰু সৰবৰাহ কৰিলেই গো-হত্যাৰ অপৰাধ নহয়! আৰক্ষীৰ অনুমানৰ ভিত্তিত শাস্তি দিয়া কাৰ্যক নাকচ উচ্চতম ন্যায়ালয়ৰ

October 3, 2026 8:19 pm
অসমৰ বান সমস‍্যাক ৰাষ্ট্ৰীয় জাতীয় সমস‍্যা হিচাপে গণ‍্য কৰাৰ দাবীত দিল্লীত ডি ৱাই এফ আইৰ প্ৰতিবাদী কাৰ্যসূচী

অসমৰ বান সমস‍্যাক ৰাষ্ট্ৰীয় জাতীয় সমস‍্যা হিচাপে গণ‍্য কৰাৰ দাবীত দিল্লীত ডি ৱাই এফ আইৰ প্ৰতিবাদী কাৰ্যসূচী

October 3, 2026 7:16 pm
উচ্চ ন্যায়ালয়ৰ নিৰ্দেশৰ পাছতো বাংলাদেশলৈ বিতাড়ন! নগাঁৱৰ দুগৰাকী মহিলাক ঘূৰাই অনাৰ দাবীত সৰৱ সাংসদ গৌৰৱ গগৈ

উচ্চ ন্যায়ালয়ৰ নিৰ্দেশৰ পাছতো বাংলাদেশলৈ বিতাড়ন! নগাঁৱৰ দুগৰাকী মহিলাক ঘূৰাই অনাৰ দাবীত সৰৱ সাংসদ গৌৰৱ গগৈ

October 3, 2026 7:02 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

৭ বছৰ পাছতো এনআৰচিৰ পৰা বাদ পৰা ১৯ লাখ লোকে লাভ কৰা নাই প্ৰত্যাখ্যান পত্ৰ! উচ্চতম ন্যায়ালয়ত তথ্য সদৰী কেন্দ্ৰৰ

৭ বছৰ পাছতো এনআৰচিৰ পৰা বাদ পৰা ১৯ লাখ লোকে লাভ কৰা নাই প্ৰত্যাখ্যান পত্ৰ! উচ্চতম ন্যায়ালয়ত তথ্য সদৰী কেন্দ্ৰৰ

October 3, 2026 9:07 pm
গৰু সৰবৰাহ কৰিলেই গো-হত্যাৰ অপৰাধ নহয়! আৰক্ষীৰ অনুমানৰ ভিত্তিত শাস্তি দিয়া কাৰ্যক নাকচ উচ্চতম ন্যায়ালয়ৰ

গৰু সৰবৰাহ কৰিলেই গো-হত্যাৰ অপৰাধ নহয়! আৰক্ষীৰ অনুমানৰ ভিত্তিত শাস্তি দিয়া কাৰ্যক নাকচ উচ্চতম ন্যায়ালয়ৰ

October 3, 2026 8:19 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd