শুকুৰবাৰে বলীউডৰ অভিনেত্ৰী কেটৰিনা কাইফ আৰু বিকি কৌশলে এজন ল’ৰা সন্তান জন্ম হোৱাৰ খবৰ ঘোষণা কৰে।
নিজ নিজ ইনষ্টাগ্ৰাম একাউণ্টত প্ৰকাশ কৰা এক যৌথ বিবৃতিত এই ঘোষণা কৰিছে দম্পতীহালে।
উল্লেখ্য যে ২০২১ চনৰ ৯ ডিচেম্বৰত ৰাজস্থানত বিবাহপাশত আবদ্ধ হৈছিল কেটৰিনা আৰু বিকি।
চলিত বৰ্ষৰ ছেপ্টেম্বৰ মাহত দম্পতীহালে কেটৰিনাৰ গৰ্ভধাৰণৰ কথা ঘোষণা কৰিছিল।





