Katrina Kaif বলীউদৰ মোহময়ী অভিনেত্ৰী কেটৰিনা কাইফ বৰ্তমান কিহত ব্যস্ত? শেহতীয়াকৈ শুনা গৈছে যে অহা ডিচেম্বৰতেই ভিকি কৌশল আৰু কেটৰিনা কাইফৰ বিয়া হ’বলৈ গৈছে।
ৰাজস্থানৰ জয়পুৰৰ ছিক্স ছেন্স ফ’ৰ্ট বাওৰাৰ বিলাসী ৰিজৰ্টোতেই এই যুগলৰ বিবাহৰ অনুষ্ঠান অনুষ্ঠিত হ’ব।
ইপিনে, চলমান খানৰ সৈতে নিজৰ আহিবলগীয়া ছবি ‘টাইগাৰ থ্ৰী’ক লৈ ভীষণ ব্যস্ত কেটৰিনা।
সূত্ৰসমূহৰ মতে, বিয়াৰ পাছতে নিজৰ নাম সলনি কৰিব পাৰে কেটৰিনা কাইফে।
Also Read: Darshan Nalkande দুৰ্দান্ত! হেট্ৰিকসহ চাৰিটা বলত চাৰিটা উইকেট লৈ অভিলেখ গঢ়িলে এইগৰাকী ভাৰতীয় বলাৰে
আহিবলগীয়া ছবি টাইগাৰ থ্ৰী’ৰ প্ৰমোচন, ছবিখনৰ মুক্তিৰ পূৰ্বেই যদি অভিনেত্ৰীগৰাকী বিবাহপাশত আৱদ্ধ হয়, তেতিয়াহ’লে ছবিৰ প্ৰমোচন, ট্ৰেলাৰৰ পৰা আৰম্ভ কৰি সকলোতেই নিজৰ নাম সলনি কৰি কেটৰিনা কাইফ কৌশল ৰাখিব পাৰে অভিনেত্ৰীগৰাকীয়ে।
বাতৰি অনুসৰি, কেটৰিনা-ভিকিৰ বিয়াত বলীউদৰ বহু অভিনেতা উপস্থিত নথকাৰ সম্ভাৱনা আছে।
ইয়াৰ ভিতৰত পূৰ্বতে কেটৰিনাৰ সৈতে ৰোমান্টিক সম্পৰ্কত জড়িত হৈ পৰা বা নাম জড়িত হৈ পৰা কেইবাগৰাকীও চেলিব্ৰেটি এই বিয়াত উপস্থিত নাথাকিব পাৰে।