• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, July 14, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত জিলিকিল অসমৰ প্ৰতিভা! স্পেইনৰ চলচ্চিত্ৰ মহোৎসৱত শ্ৰেষ্ঠত্বৰ সন্মান আঁজুৰিলে কৌশিক শৰ্মাৰ ছবিয়ে

স্পেইনৰ স্বতন্ত্ৰ চলচ্চিত্ৰ মহোৎসৱ ‘এফ আই চি আই এম এ ডি ২০২৬’ত এই বিৰল সন্মান লাভ, সামাজিক মাধ্যমৰ আসক্তি আৰু প্ৰযুক্তিৰ ভয়াৱহতাৰ ওপৰত আধাৰিত এই ব্যতিক্ৰমী ছবিখন

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
June 23, 2026 4:49 pm
23
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অসমৰ সাংস্কৃতিক জগতৰ বাবে এক গৌৰৱৰ মুহূৰ্ত। গুৱাহাটীৰ উদীয়মান চলচ্চিত্ৰ নিৰ্মাতা কৌশিক শৰ্মাৰ প্ৰথমখন ছুটি ছবি ‘দ্য স্ক্ৰ’ল দেট ষ্ট’ল টাইম’য়ে (The Scroll That Stole Time) স্পেইনৰ মাদ্ৰিদত অনুষ্ঠিত এক আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত ‘শ্ৰেষ্ঠ প্ৰবন্ধধৰ্মী ছবি’ (Best Essay Film) ৰ সন্মান লাভ কৰিবলৈ সক্ষম হৈছে। স্পেইনৰ আগশাৰীৰ স্বতন্ত্ৰ চলচ্চিত্ৰ মহোৎসৱ ‘এফ আই চি আই এম এ ডি ২০২৬’ (FICIMAD 2026) ত এই বঁটা আগবঢ়োৱা হৈছে। গুৱাহাটীত সম্পূৰ্ণ শূন্য বাজেটৰ আৰ্হিত নিৰ্মিত এই ব্যতিক্ৰমী ছবিখনে বৰ্তমান সমাজৰ প্ৰযুক্তি আৰু সামাজিক মাধ্যমৰ আসক্তিৰ ভয়াৱহ প্ৰভাৱক মূল বিষয়বস্তু হিচাপে উপস্থাপন কৰি এই আন্তঃৰাষ্ট্ৰীয় স্বীকৃতি লাভ কৰিছে।

তেওঁৰ নিজা প্ৰযোজনাত নিৰ্মিত চলচ্চিত্ৰখনৰ চিত্ৰনাট্য, পৰিচালনা, দৃশ্যগ্ৰহণ আৰু সম্পাদনাৰ দায়িত্ব কৌশিক শৰ্মাই নিজেই এককভাৱে বহন কৰিছে। নিউজিলেণ্ডৰ ৱাইকাটো ইনষ্টিটিউট অৱ টেকন’লজি আৰু মুম্বাইৰ হুইছলিং উডছ ইণ্টাৰনেচনেলৰ প্ৰাক্তন ছাত্ৰ শৰ্মাৰ এই প্ৰথম স্বাধীন প্ৰয়াস। ছবিখনৰ মূল চৰিত্ৰত অভিনয় কৰিছে ফিলিপছ নেওগে। ইয়াৰ উপৰিও ছবিখনত অৰুন্ধতী বৰা, অৰুন্ধতী শৰ্মা, সিন্ধু কাশ্যপ বৰপূজাৰী আৰু ৰ’নিল কাটকীৰ দৰে অসমৰ স্থানীয় প্ৰতিভাই গুৰুত্বপূৰ্ণ চৰিত্ৰ ৰূপায়ণ কৰিছে। মহোৎসৱৰ সঞ্চালক টমাছ পেৰেজ ট’ৰেলা আৰু প্ৰগ্ৰামিং টীমে ছবিখনৰ কলাত্মক দিশৰ ভূয়সী প্ৰশংসা কৰাৰ লগতে উৎসৱৰ ২০২৬ বৰ্ষৰ আনুষ্ঠানিক আলোচনীতো ইয়াক বিশেষভাৱে স্থান দিছে।

Apply Now

ছবিখনৰ কাহিনীভাগ ‘আৰৱ’ নামৰ এজন ব্যক্তিৰ মনস্তত্ত্বক কেন্দ্ৰ কৰি গঢ়ি উথিছে, য’ত ডিজিটেল বিভ্ৰান্তি আৰু আধুনিক সমাজৰ নিঃসংগতাৰ এক নিখুঁত চিত্ৰ ডাঙি ধৰা হৈছে। বৰ্তমান সময়ত মানুহ আৰু মোবাইল ফোনৰ সম্পৰ্কক লৈ ছবিখনে এক গভীৰ প্ৰশ্ন উত্থাপন কৰিছে। এই আন্তঃৰাষ্ট্ৰীয় স্বীকৃতি লাভৰ সন্দৰ্ভত পৰিচালক কৌশিক শৰ্মাই সামাজিক মাধ্যমত নিজৰ সন্তোষ প্ৰকাশ কৰি কয় যে এক সীমিত সম্পদ আৰু সামান্য পৰীক্ষা-নিৰীক্ষাৰে পৃথিৱীৰ এটা সৰু চুকত আৰম্ভ হোৱা এই যাত্ৰাই আশা কৰাতকৈ বহু দূৰ অগ্ৰসৰ হ’বলৈ সক্ষম হৈছে। স্পেইনৰ উপৰিও ব্ৰাজিলৰ বিখ্যাত ‘এফ আই চি এচ এ এম এচ’ (FICSAMAS) চলচ্চিত্ৰ মহোৎসৱতো ছবিখন আনুষ্ঠানিকভাৱে নিৰ্বাচিত হৈছে বুলি তেওঁ জানিবলৈ দিয়ে।

 

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ৰাম মন্দিৰৰ দৰে গুজৰাটৰ অম্বাজী মন্দিৰতো চুৰি : বৰঙণিৰ ধন সৰকোৱাৰ অভিযোগত গ্ৰেপ্তাৰ তিনি কৰ্মচাৰী

ৰাম মন্দিৰৰ দৰে গুজৰাটৰ অম্বাজী মন্দিৰতো চুৰি : বৰঙণিৰ ধন সৰকোৱাৰ অভিযোগত গ্ৰেপ্তাৰ তিনি কৰ্মচাৰী

July 14, 2026 8:24 pm
১৭ মাহৰ অভিলেখ ভংগ কৰি ৪.৩৮ শতাংশলৈ বৃদ্ধি পালে মূল্যবৃদ্ধি : মোদী চৰকাৰক তীব্ৰ আক্ৰমণ কংগ্ৰেছৰ

১৭ মাহৰ অভিলেখ ভংগ কৰি ৪.৩৮ শতাংশলৈ বৃদ্ধি পালে মূল্যবৃদ্ধি : মোদী চৰকাৰক তীব্ৰ আক্ৰমণ কংগ্ৰেছৰ

July 14, 2026 8:03 pm
মাৰাত্মক কৃষি ৰাসায়নিক ‘পৰাকুৱাট’ দেশত সম্পূৰ্ণ নিষিদ্ধ, সুৰক্ষিত হ’ব কৃষক আৰু শস্য পথাৰ

মাৰাত্মক কৃষি ৰাসায়নিক ‘পৰাকুৱাট’ দেশত সম্পূৰ্ণ নিষিদ্ধ, সুৰক্ষিত হ’ব কৃষক আৰু শস্য পথাৰ

July 14, 2026 7:54 pm
সদনত মুখ্যমন্ত্ৰীৰ ডাঙৰ ঘোষণা  : ১৪টা সমষ্টিত গঠন হ’ব নতুন ৰাজহচক্র

সদনত মুখ্যমন্ত্ৰীৰ ডাঙৰ ঘোষণা  : ১৪টা সমষ্টিত গঠন হ’ব নতুন ৰাজহচক্র

July 14, 2026 7:11 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ৰাম মন্দিৰৰ দৰে গুজৰাটৰ অম্বাজী মন্দিৰতো চুৰি : বৰঙণিৰ ধন সৰকোৱাৰ অভিযোগত গ্ৰেপ্তাৰ তিনি কৰ্মচাৰী

ৰাম মন্দিৰৰ দৰে গুজৰাটৰ অম্বাজী মন্দিৰতো চুৰি : বৰঙণিৰ ধন সৰকোৱাৰ অভিযোগত গ্ৰেপ্তাৰ তিনি কৰ্মচাৰী

July 14, 2026 8:24 pm
১৭ মাহৰ অভিলেখ ভংগ কৰি ৪.৩৮ শতাংশলৈ বৃদ্ধি পালে মূল্যবৃদ্ধি : মোদী চৰকাৰক তীব্ৰ আক্ৰমণ কংগ্ৰেছৰ

১৭ মাহৰ অভিলেখ ভংগ কৰি ৪.৩৮ শতাংশলৈ বৃদ্ধি পালে মূল্যবৃদ্ধি : মোদী চৰকাৰক তীব্ৰ আক্ৰমণ কংগ্ৰেছৰ

July 14, 2026 8:03 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd