• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, August 17, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

কিয় ১ কিলোমিটাৰলৈ কমাব বিচৰা হৈছে কাজিৰঙাৰ ইক’-ছেনচিটিভ জ’ন? ৰাইজৰ স্বাৰ্থ নে কয়লা ছিণ্ডিকেটক আইনী সুৰক্ষা?

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু ব্যাঘ্ৰ প্ৰকল্পৰ পাৰিপাৰ্শ্বিক স্পৰ্শকাতৰ অঞ্চল ১০ কিলোমিটাৰৰ পৰা ১ কিলোমিটাৰলৈ হ্ৰাস কৰাৰ চৰকাৰী প্ৰস্তাৱক পূৰ্ণ সমৰ্থন জনাইছে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই। সোমবাৰে গুৱাহাটীৰ লোকসেৱা ভৱনত অনুষ্ঠিত এখন সংবাদমেলত এই সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে স্পষ্ট কৰি দিয়ে যে কাজিৰঙাৰ দাঁতিকাষৰীয়া অঞ্চলৰ ৰাইজে দীৰ্ঘদিন ধৰি সন্মুখীন হৈ অহা বিভিন্ন সমস্যা আৰু উদ্বেগৰ প্ৰতি লক্ষ্য ৰাখিয়েই এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে।

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
August 17, 2026 8:28 pm
5
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু ব্যাঘ্ৰ প্ৰকল্পৰ পাৰিপাৰ্শ্বিক স্পৰ্শকাতৰ অঞ্চল ১০ কিলোমিটাৰৰ পৰা ১ কিলোমিটাৰলৈ হ্ৰাস কৰাৰ চৰকাৰী প্ৰস্তাৱক পূৰ্ণ সমৰ্থন জনাইছে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই। সোমবাৰে গুৱাহাটীৰ লোকসেৱা ভৱনত অনুষ্ঠিত এখন সংবাদমেলত এই সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে স্পষ্ট কৰি দিয়ে যে কাজিৰঙাৰ দাঁতিকাষৰীয়া অঞ্চলৰ ৰাইজে দীৰ্ঘদিন ধৰি সন্মুখীন হৈ অহা বিভিন্ন সমস্যা আৰু উদ্বেগৰ প্ৰতি লক্ষ্য ৰাখিয়েই এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে।

Apply Now

সংবাদমেলত মুখ্যমন্ত্ৰীয়ে জানিবলৈ দিয়ে যে বোকাখাত আৰু কলিয়াবৰ আদি অঞ্চলৰ ৰাইজে যোৱা প্ৰায় এক দশক ধৰি এই বিশাল ইক’-ছেনচিটিভ জ’নৰ পৰিসৰৰ তীব্ৰ বিৰোধিতা কৰি আহিছে। ব্যৱসায়-বাণিজ্য আৰু দৈনন্দিন জীৱন-জীৱিকাৰ ওপৰত পৰা বিৰূপ প্ৰভাৱৰ বাবে স্থানীয় ৰাইজে আনকি উচ্চতম ন্যায়ালয়ৰো কাষ চাপিছিল। মুখ্যমন্ত্ৰীয়ে কয় যে কাজিৰঙাৰ ৰাইজেই প্ৰকৃততে কাজিৰঙাক সুৰক্ষা প্ৰদান কৰে। যদি মানুহক কাজিৰঙাৰ পৰা আঁতৰাই পঠিওৱা হয়, তেন্তে কাজিৰঙাৰ অস্তিত্বই বিপন্ন হ’ব বুলিও তেওঁ মন্তব্য কৰে। ইক’-ছেনচিটিভ জ’নৰ পৰিসৰ ১০ কিলোমিটাৰলৈ সম্প্ৰসাৰণ কৰিলে নুমলীগড় শোধনাগাৰো বন্ধ কৰিবলগীয়া পৰিস্থিতিৰ সৃষ্টি হ’ব বুলি মুখ্যমন্ত্ৰীয়ে সতৰ্ক কৰি দিয়ে। উচ্চতম ন্যায়ালয়ৰ ৰায় অনুসৰি এই জ’ন ১ৰ পৰা ৩ কিলোমিটাৰ হোৱাটোৱেই যথেষ্ট বুলি তেওঁ উল্লেখ কৰে।

কাজিৰঙাৰ বিশাল ভৌগোলিক বিস্তৃতিৰ কথা সোঁৱৰাই দি মুখ্যমন্ত্ৰীয়ে কয় যে উদ্যানখন উত্তৰে বিশ্বনাথ ঘাটলৈকে বিস্তৃত হৈ আছে। যদি সেই সীমাৰ পৰা ১০ কিলোমিটাৰ ধৰা হয়, তেন্তে গহপুৰ আৰু বিশ্বনাথ চাৰিআলিৰ দৰে ঘন জনবসতিপূৰ্ণ অঞ্চলসমূহো ইয়াৰ অন্তৰ্ভুক্ত হৈ পৰিব। কেৱল কোঁহৰাই কাজিৰঙা নহয় বুলি উল্লেখ কৰি তেওঁ কয় যে কাজিৰঙাৰ মূল সীমাৰ পৰা ১০ কিলোমিটাৰ ব্যাসাৰ্ধৰ কথা বিবেচনা কৰিবলগীয়া হ’লে এক বৃহৎ সমস্যাৰ সৃষ্টি হ’ব।

অৱশ্যে মুখ্যমন্ত্ৰীৰ এই স্থিতিক লৈ প্ৰকৃতিপ্ৰেমী আৰু বন্যপ্ৰাণী বিশেষজ্ঞসকলে গভীৰ উদ্বেগ প্ৰকাশ কৰিছে। তেওঁলোকৰ মতে, এই সুৰক্ষা বলয় সংকুচিত কৰিলে কাজিৰঙাৰ জৈৱ বৈচিত্ৰ্য আৰু দীৰ্ঘম্যাদী সংৰক্ষণ প্ৰক্ৰিয়াত বিৰূপ প্ৰভাৱ পৰিব। ৰাষ্ট্ৰীয় ব্যাঘ্ৰ সংৰক্ষণ কৰ্তৃপক্ষই ইতিমধ্যে সমগ্ৰ কাজিৰঙা-কাৰ্বি আংলং এলেকাত সকলো ধৰণৰ খনন, শিল ভঙা আৰু ক্ৰেচাৰ মেচিনৰ ব্যৱহাৰ তাৎক্ষণিকভাৱে বন্ধ কৰিবলৈ পৰামৰ্শ দিছিল। হাতী আৰু বাঘৰ দৰে বন্যপ্ৰাণীৰ বিচৰণ ভূমি সুৰক্ষিত কৰাৰ স্বাৰ্থত এই পৰামৰ্শ দিয়া হৈছিল যদিও সুৰক্ষা বলয় হ্ৰাস পালে এনে পৰিৱেশ বিনষ্টকাৰী কাৰ্যকলাপ পুনৰ বৃদ্ধি পোৱাৰ আশংকা কৰা হৈছে।

সংবাদমেলত মুখ্যমন্ত্ৰীয়ে বন্তৰা নামৰ সংস্থাটোৰ জৰিয়তে অসমত হাতীৰ চিকিৎসালয় নিৰ্মাণৰ প্ৰস্তাৱ সন্দৰ্ভতো স্পষ্টীকৰণ দিয়ে। তেওঁ জনায় যে সংস্থাটোৱে নিজে চিকিৎসালয় নিৰ্মাণ কৰাৰ সলনি ৰাজ্য চৰকাৰক এনে তিনিখন চিকিৎসালয় স্থাপনৰ বাবে প্ৰয়োজনীয় কাৰিকৰী জ্ঞান আৰু সাহায্য প্ৰদান কৰাৰহে প্ৰস্তাৱ দিছে। চৰকাৰে এই প্ৰস্তাৱ পৰীক্ষা কৰি চোৱাৰ পাছতহে চূড়ান্ত সিদ্ধান্ত ল’ব বুলি তেওঁ জানিবলৈ দিয়ে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ৰাষ্ট্ৰীয় ঘাইপথত ভয়ংকৰ পথ দুৰ্ঘটনা : জাগীৰোডত বাইকৰ মুখামুখি সংঘৰ্ষত দম্পতীৰ মৃত্যু

ৰাষ্ট্ৰীয় ঘাইপথত ভয়ংকৰ পথ দুৰ্ঘটনা : জাগীৰোডত বাইকৰ মুখামুখি সংঘৰ্ষত দম্পতীৰ মৃত্যু

August 17, 2026 8:35 pm
কিয় ১ কিলোমিটাৰলৈ কমাব বিচৰা হৈছে কাজিৰঙাৰ ইক’-ছেনচিটিভ জ’ন? ৰাইজৰ স্বাৰ্থ নে কয়লা ছিণ্ডিকেটক আইনী সুৰক্ষা?

কিয় ১ কিলোমিটাৰলৈ কমাব বিচৰা হৈছে কাজিৰঙাৰ ইক’-ছেনচিটিভ জ’ন? ৰাইজৰ স্বাৰ্থ নে কয়লা ছিণ্ডিকেটক আইনী সুৰক্ষা?

August 17, 2026 8:28 pm
‘কাজিৰঙা বিক্ৰী কৰা বন্ধ কৰক’: প্ৰস্তাৱিত পৰিৱেশ সংবেদনশীল অঞ্চল হ্ৰাসৰ বিৰুদ্ধে কংগ্ৰেছৰ প্ৰতিবাদ

‘কাজিৰঙা বিক্ৰী কৰা বন্ধ কৰক’: প্ৰস্তাৱিত পৰিৱেশ সংবেদনশীল অঞ্চল হ্ৰাসৰ বিৰুদ্ধে কংগ্ৰেছৰ প্ৰতিবাদ

August 17, 2026 7:46 pm
বিজেপিত ডাঙৰ ৰদবদল! আই টি চেলৰ মুৰব্বী পদৰ পৰা বিদায় অমিত মালব্যৰ, নতুন টিমত স্থান পালে কোনে কোনে?

বিজেপিত ডাঙৰ ৰদবদল! আই টি চেলৰ মুৰব্বী পদৰ পৰা বিদায় অমিত মালব্যৰ, নতুন টিমত স্থান পালে কোনে কোনে?

August 17, 2026 6:46 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ৰাষ্ট্ৰীয় ঘাইপথত ভয়ংকৰ পথ দুৰ্ঘটনা : জাগীৰোডত বাইকৰ মুখামুখি সংঘৰ্ষত দম্পতীৰ মৃত্যু

ৰাষ্ট্ৰীয় ঘাইপথত ভয়ংকৰ পথ দুৰ্ঘটনা : জাগীৰোডত বাইকৰ মুখামুখি সংঘৰ্ষত দম্পতীৰ মৃত্যু

August 17, 2026 8:35 pm
কিয় ১ কিলোমিটাৰলৈ কমাব বিচৰা হৈছে কাজিৰঙাৰ ইক’-ছেনচিটিভ জ’ন? ৰাইজৰ স্বাৰ্থ নে কয়লা ছিণ্ডিকেটক আইনী সুৰক্ষা?

কিয় ১ কিলোমিটাৰলৈ কমাব বিচৰা হৈছে কাজিৰঙাৰ ইক’-ছেনচিটিভ জ’ন? ৰাইজৰ স্বাৰ্থ নে কয়লা ছিণ্ডিকেটক আইনী সুৰক্ষা?

August 17, 2026 8:28 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd