• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, July 30, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

কাজিৰঙা অৰ্কিড উদ্যানত পোনপ্ৰথমবাৰৰ বাবে বাঁহ সংৰক্ষণৰ ব্যৱস্থা; অহা ১৪ অক্তোবৰত মুকলি হ’ব জাতীয় বাঁহ উদ্যান, সংগ্ৰহালয় আৰু নাৰ্ছাৰি

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
October 8, 2018 8:05 pm
Bamboo

ফাইল ফটো।

11
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অৰ্কিড উদ্যানে ব্যাপক জনপ্ৰিয়তা লাভ কৰাৰ পিছত এইবাৰ কাজিৰঙাত মুকলি হ’ব জাতীয় বাঁহ উদ্যান। কাজিৰঙাৰ অৰ্কিড উদ্যানৰ ভিতৰতে হ’ব লগীয়া উক্ত বাঁহ উদ্যানখনৰ নাম হ’ব ‘কাজিৰঙা জাতীয় বাঁহ উদ্যান’।

অহা ১৪ অক্তোবৰৰ দিনা মুকলি কৰা হ’ব এই বাঁহ উদ্যানখন। উক্ত উদ্যানত উত্তৰ পূৰ্বাঞ্চলৰ ৫৪বিধ বাঁহ থাকিব। লগতে কেইবাটাও প্ৰজাতিৰ বেত উক্ত উদ্যানত সংৰক্ষণ কৰা হ’ব। এই কথা আজি এক সংবাদমেল যোগে জানিবলৈ দিছে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ উপদেষ্টা অখিল গগৈয়ে।

Apply Now

অখিল গগৈয়ে জানিবলৈ দিয়ামতে, উক্ত বাঁহ উদ্যানত ভলুকা, জাতি, কুটুহা বাঁহ, বিজুলী, কলচী, কাক, লাঠী বাঁহকে ধৰি বহুকেইবিধ বাঁহ সংৰক্ষণৰ ব্যৱস্থা কৰা হৈছে। অসম, মেঘালয়, অৰুণাচল প্ৰদেশ, মিজোৰাম আৰু নাগালেণ্ডৰ মুঠ ৫৪বিধ প্ৰজাতিৰ বাঁহ সংৰক্ষণ কৰা হৈছে বুলি জানিবলৈ দিয়ে কৃষকনেতা অখিল গগৈয়ে।

মন কৰিব লগীয়া যে ৩ বছৰৰ পূৰ্বেই এই বাঁহসমূহ ৰোপণ কৰা হৈছিল আৰু বৰ্তমান বাঁহসমূহে ঠন ধৰি উঠা বাবে পৰ্যটকসকলক দেখুৱাব পৰা হৈছে।

অহা ১৪ অক্তোবৰৰ দিনা উদ্বোধন হ’ব লগীয়া বাঁহৰ উদ্যানখনৰ উদ্বোধনী অনুষ্ঠানৰ সৈতে সংগতি ৰাখি সাংস্কৃতিক অনুষ্ঠানৰো আয়োজন কৰা হ’ব বুলি অখিল গগৈয়ে জনায়।

অসমৰ জাতীয় জীৱনৰ বাবে বাঁহ অত্যন্ত গুৰুত্বপূৰ্ণ অংগ। বাঁহ আৰু বেত নোহোৱাকৈ অসমৰ জাতীয় জীৱন নচলে। অথচ অসমত বাঁহ আৰু বেতৰ সংৰক্ষণ কৰিবৰ বাবে চৰকাৰৰ কোনো ব্যৱস্থা নাই। সেয়েহে প্ৰথমবাৰৰ বাবে এখন বাঁহৰ উদ্যান কাজিৰঙাত প্ৰস্তুত কৰি উলিওৱা হৈছে।

কাজিৰঙা জাতীয় অৰ্কিড উদ্যানৰ পৰিসীমাৰ ভিতৰতে এই বাঁহৰ উদ্যানখন স্থাপন কৰা হৈছে বুলি অখিল গগৈয়ে সংবাদমেলত জানিবলৈ দিয়ে। এই বাঁহ উদ্যানখনে আঢ়ৈ বিঘা মাটি আগুৰি আছে বুলি জানিব পৰা গৈছে।

ইয়াৰোপৰি অসমৰ সকলো জাতি-জনগোষ্ঠীৰ জনজীৱনৰ বাবে প্ৰয়োজনীয় সকলোবোৰ বস্তু সংৰক্ষণ কৰাৰ বাবে এটি সংগ্ৰহালয়ো উক্ত দিনটোত মুকলি কৰা হ’ব বুলি জানিবলৈ দিয়ে কৃষকনেতা অখিল গগৈয়ে। এই সংগ্ৰহালয়টোৰ নাম ৰখা হৈছে ‘অসম জাতীয় সংগ্ৰহালয়’।

নেতাগৰাকীয়ে লগতে কয়, “বিভিন্ন জাতি-জনগোষ্ঠীৰ সাজ-পোচাক, জন-জীৱনত ব্যৱহৃত সামগ্ৰী, মাছ ধৰা সঁজুলি, যুদ্ধৰ অস্ত্ৰ-শস্ত্ৰকে ধৰি আটাইসমূহ সামগ্ৰী উক্ত সংগ্ৰহলায়ত সংৰক্ষণ কৰাৰ বাবে চেষ্টা কৰা হৈছে।”

ভাষিক অসমীয়াসকলৰ জনজীৱনৰ সকলো সামগ্ৰী, মিচিং, বড়ো, কাৰ্বি, হাজং, দেউৰী, মৰাণ, মটক, তিৱা, ৰিয়াং, মণিপুৰী, কোচ ৰাজবংশী, ৰাভা-পাতিৰাভা, গাৰো, তাই-আহোমভাষী, চিংফ’, ডিমাছাকে ধৰি উত্তৰ-পূবৰ বিভিন্ন জাতি-জনগোষ্ঠীৰ জনজীৱনৰ সকলো সামগ্ৰী উক্ত সংগ্ৰহালয়ত ৰখা হৈছে বুলি তেওঁ সংবাদমেলত জনায়।

ইয়াৰোপৰি অসমত দীৰ্ঘদিন ধৰি বসবাস কৰি অহা বঙালী, মুছলমান, ৰাজস্থানী, বিহাৰীসকলৰ লোকজীৱনত ব্যৱহৃত সকলো সামগ্ৰী উক্ত সংগ্ৰহালয়ত ৰখাৰ চেষ্টা কৰা হৈছে বুলিও তেওঁ সংবাদমেলত জনায়।

আনহাতে, ইতিমধ্যে অৰ্কিড উদ্যানত ৫৪৮বিধ বিভিন্ন প্ৰজাতিৰ বনৌষধি উদ্ভিদৰ এখন বাগিচা আছে। এই বাগিচাৰ পৰা অসমৰ ৰাইজক আপুৰুগীয়া বনৌষধিসমূহ যোগান ধৰাৰ মানসেৰে অহা ১৪ অক্তোবৰতে মুকলি হ’ব ‘কাজিৰঙা জাতীয় নাৰ্ছাৰি’।

উক্ত নাৰ্ছাৰিত তেজমুৰি, যম লাখুটি, ব্ৰাহ্মী শাক, বনপিঠা (ফল), হেলছ, নগাটেঙা, জেটুলিপকাকে ধৰি অন্যান্য দুষ্প্ৰাপ্য উদ্ভিদৰ পুলিসমূহো উক্ত নাৰ্ছাৰিত পোৱা যাব বুলি অখিলে সংবাদমেলত জনায়।

তদুপৰি, অসমৰ জাতীয় উদ্ভিদ হোলোং আৰু চিয়া নাহৰকে ধৰি অন্যান্য দুষ্প্ৰাপ্য উদ্ভিদো পোৱা যাব ‘কাজিৰঙা জাতীয় নাৰ্ছাৰি’ত।

উল্লেখ্য যে, বৰ্তমানলৈকে অৰ্কিড জৈৱ বৈচিত্ৰ্য উদ্যানত প্ৰায় ১০০খন দেশৰ পৰ্য্যটক আহিছে বুলি অখিল গগৈয়ে সংবাদমেলত জানিবলৈ দিয়ে। ইয়াৰোপৰি উদ্যানখনত ৮৪গৰাকী কৰ্মচাৰীয়ে স্থায়ীভাৱে কাম কৰি থকাৰ লগতে অন্য ১০০গৰাকীয়ে ঠিকাভিত্তিক কাম কৰি আছে।

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

মা কামাখ্যাকে ধৰি ২৫০ বছৰ পুৰণি ধৰ্মীয় স্থানৰ আশে-পাশে মাটি ক্ৰয়-বিক্ৰয়ৰ নতুন নিয়ম : অসম বিধানসভাত বিধেয়ক গৃহীত

মা কামাখ্যাকে ধৰি ২৫০ বছৰ পুৰণি ধৰ্মীয় স্থানৰ আশে-পাশে মাটি ক্ৰয়-বিক্ৰয়ৰ নতুন নিয়ম : অসম বিধানসভাত বিধেয়ক গৃহীত

July 29, 2026 9:25 pm
ভয়ংকৰ খবৰ! মহাবিদ্যালয়ত পঢ়ি থকা ৭ হাজাৰ ছাত্ৰ-ছাত্ৰী এইডছত আক্ৰান্ত, চৰকাৰৰ কঠোৰ নিৰ্দেশনা জাৰি

ভয়ংকৰ খবৰ! মহাবিদ্যালয়ত পঢ়ি থকা ৭ হাজাৰ ছাত্ৰ-ছাত্ৰী এইডছত আক্ৰান্ত, চৰকাৰৰ কঠোৰ নিৰ্দেশনা জাৰি

July 29, 2026 8:25 pm
ভিআইপি সংস্কৃতিত বাধা! ৰাজহুৱা ধনৰ অপচয় ৰোধ কৰিবলৈ কেন্দ্ৰীয় চৰকাৰৰ ‘এক পদ, এখন গাড়ী’ নিয়ম

ভিআইপি সংস্কৃতিত বাধা! ৰাজহুৱা ধনৰ অপচয় ৰোধ কৰিবলৈ কেন্দ্ৰীয় চৰকাৰৰ ‘এক পদ, এখন গাড়ী’ নিয়ম

July 29, 2026 7:28 pm
ৰাজ্যৰ ৪,৮০০ কিলোমিটাৰ মথাউৰিৰ ভিতৰত ৩,০০০ কিলোমিটাৰ মথাউৰিৰে নাই বান প্ৰতিৰোধ ক্ষমতা

ৰাজ্যৰ ৪,৮০০ কিলোমিটাৰ মথাউৰিৰ ভিতৰত ৩,০০০ কিলোমিটাৰ মথাউৰিৰে নাই বান প্ৰতিৰোধ ক্ষমতা

July 29, 2026 6:53 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

মা কামাখ্যাকে ধৰি ২৫০ বছৰ পুৰণি ধৰ্মীয় স্থানৰ আশে-পাশে মাটি ক্ৰয়-বিক্ৰয়ৰ নতুন নিয়ম : অসম বিধানসভাত বিধেয়ক গৃহীত

মা কামাখ্যাকে ধৰি ২৫০ বছৰ পুৰণি ধৰ্মীয় স্থানৰ আশে-পাশে মাটি ক্ৰয়-বিক্ৰয়ৰ নতুন নিয়ম : অসম বিধানসভাত বিধেয়ক গৃহীত

July 29, 2026 9:25 pm
ভয়ংকৰ খবৰ! মহাবিদ্যালয়ত পঢ়ি থকা ৭ হাজাৰ ছাত্ৰ-ছাত্ৰী এইডছত আক্ৰান্ত, চৰকাৰৰ কঠোৰ নিৰ্দেশনা জাৰি

ভয়ংকৰ খবৰ! মহাবিদ্যালয়ত পঢ়ি থকা ৭ হাজাৰ ছাত্ৰ-ছাত্ৰী এইডছত আক্ৰান্ত, চৰকাৰৰ কঠোৰ নিৰ্দেশনা জাৰি

July 29, 2026 8:25 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd