• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 17, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত ‘কাতি বিহু চৰাই গণনা ২০২৫’: নথিভুক্ত হ’ল ১৪৬টা প্ৰজাতিৰ চৰাই

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
October 20, 2025 2:53 pm
সংগৃ্হীত

সংগৃ্হীত

23
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান তথা ব্যাঘ্ৰ সংৰক্ষিত বনাঞ্চলত ‘কাতি বিহু চৰাই গণনা ২০২৫’ সফলতাৰে সম্পন্ন হৈছে। এই জৰীপত মুঠ ১৪৬টা চৰাইৰ প্ৰজাতি আৰু ১৯১৯টা অন্যান্য চৰাইৰ তথ্য নথিভুক্ত কৰা হৈছে। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ ক্ষেত্ৰ সঞ্চালক ড° সোণালী ঘোষে এক বিবৃতিৰ জৰিয়তে এই কথা সদৰী কৰিছে।

এই গণনা কাজিৰঙাৰ অভয়াৰণ্যৰ অন্তৰ্ভুক্ত অগৰাতলি, গমিৰি, পানবাৰী, পানপুৰ আৰু লাওখোৱা বন্যপ্ৰাণীকে ধৰি পাঁচখন ঠাইত এই জৰীপ চলোৱা হৈছিল। জৰীপৰ তথ্য অনুসৰি, অগৰাতলিত সৰ্বাধিক ৮৯টা প্ৰজাতিৰ চৰাই পোৱা গৈছে। ইয়াৰ পিছত গমিৰি আৰু পানবাৰীত ৫৯টা প্ৰজাতি, পানপুৰত ৫৫টা আৰু লাওখোৱাত ৩৭টা প্ৰজাতিৰ চৰাই নথিভুক্ত হৈছে।

Apply Now

ড° ঘোষে সদৰী কৰা অনুসৰি, এই গণনাত চৰাই অনুৰাগী, ছাত্ৰ-ছাত্ৰী, গৱেষক আৰু বন বিষয়াসহ মুঠ ৬৩ গৰাকীয়ে অংশ লৈছিল। জৰীপৰ তত্বাৱধানত আছিল ৰফিকুল ইছলাম (পানবাৰী), সমৰজিৎ ওজা আৰু নীৰজ বৰা (লাওখোৱা), ড° ৰঞ্জিত কাকতি (পানপুৰ), ৰাহুল শৰ্মা (গমিৰি) আৰু দাদুল গগৈ (অগৰাতলি)।

এইবাৰৰ গণনাৰ এক উল্লেখযোগ্য দিশ হৈছে লাওখোৱা আৰু পানবাৰীৰ মহিলা বনকৰ্মীসকলৰ সক্ৰিয় অংশগ্ৰহণ। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষ আৰু অসম চৰাই নিৰীক্ষণ নেটৱৰ্ক (এ বি এম এন)-ৰ যৌথ উদ্যোগত এই পদক্ষেপক বন্যপ্ৰাণী সংৰক্ষণৰ ক্ষেত্ৰত মহিলাসকলৰ সম্পৃক্ততা বৃদ্ধিৰ প্ৰথম পদক্ষেপ হিচাপে পৰিগণিত হৈছে।

উল্লেখ্য যে নথিভুক্ত প্ৰজাতিসমূহৰ ভিতৰত দুটা বিপন্ন প্ৰজাতি শ্বোৱাম্প গ্ৰাছ বেবলাৰ আৰু পেলাছ’ৰ মাছ ঈগল আৰু ছটা অসুৰক্ষিত প্ৰজাতি ৰিভাৰ টাৰ্ণ, গ্ৰেটাৰ স্পটেড ঈগল, স্লেণ্ডাৰ-বিল্ড বেবলাৰ, লেছাৰ এডজুটেণ্ট, গ্ৰেট হৰ্ণবিল আৰু শ্বোৱাম্প ফ্ৰাংকলিন আদি অন্তৰ্ভুক্ত। ইয়াৰ উপৰিও ছটা প্ৰজাতি ক্ৰমে উলি-নেকড ষ্টৰ্ক, নৰ্দাৰ্ণ লেপউইং, ব্ল’ছম-হেডেড পেৰাকিট, গ্ৰে-হেডেড ফিচ ঈগল, স্পট-বিল্ড পেলিকান আৰু ৰিভাৰ লেপউইং—বিপন্ন হোৱাৰ দিশে অগ্ৰসৰ হৈছে। বাকী ১৩২টা প্ৰজাতি বৰ্তমান বিপদৰ বাহিৰত আছে বুলি উদ্যান কৰ্তৃপক্ষই জানিবলৈ দিছে।

মুখ্যত চৰাই নিৰীক্ষণৰ প্ৰসাৰ, সংৰক্ষণৰ সজাগতা বৃদ্ধি, স্থানীয় জনগোষ্ঠীৰ অংশগ্ৰহণক উৎসাহিত কৰা আৰু মহিলা বনকৰ্মী তথা নৱ প্ৰজন্মক এই কামত জড়িত কৰাৰ উদ্দেশ্যৰে কাজিৰঙাৰ এই চৰাই গণনা কাৰ্যসূচী গ্ৰহণ কৰা বুলি সদৰী কৰিছে উদ্যোগতাই। এই উদ্যোগে কাজিৰঙাৰ জৈৱ-বৈচিত্ৰ্য সংৰক্ষণৰ ক্ষেত্ৰত এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

মন্দিৰত পূজা দিয়াৰ নামত পাহাৰলৈ গৈ হত্যা স্বামীক! প্ৰেমিকৰ সৈতে ব্লুপ্ৰিণ্ট ৰচিছিল পত্নীয়ে

মন্দিৰত পূজা দিয়াৰ নামত পাহাৰলৈ গৈ হত্যা স্বামীক! প্ৰেমিকৰ সৈতে ব্লুপ্ৰিণ্ট ৰচিছিল পত্নীয়ে

July 17, 2026 1:16 pm
শিক্ষাৰ উত্তৰণৰ বাবে বিৰল ত্যাগ: কুমাৰ ভাস্কৰ বৰ্মা সংস্কৃত আৰু পুৰাতন অধ্যয়ন বিশ্ববিদ্যালয়লৈ ১ কোটি টকা দান প্ৰাক্তন অধ্যাপক দম্পতীৰ

শিক্ষাৰ উত্তৰণৰ বাবে বিৰল ত্যাগ: কুমাৰ ভাস্কৰ বৰ্মা সংস্কৃত আৰু পুৰাতন অধ্যয়ন বিশ্ববিদ্যালয়লৈ ১ কোটি টকা দান প্ৰাক্তন অধ্যাপক দম্পতীৰ

July 17, 2026 12:32 pm
বৃদ্ধ আৰু মৃত্যুমুখী কাৰাবন্দীক আগতীয়া মুক্তিৰ নীতি প্ৰণয়নৰ নিৰ্দেশ উচ্চতম ন্যায়ালয়ৰ, সময়সীমা ৩ মাহ

বৃদ্ধ আৰু মৃত্যুমুখী কাৰাবন্দীক আগতীয়া মুক্তিৰ নীতি প্ৰণয়নৰ নিৰ্দেশ উচ্চতম ন্যায়ালয়ৰ, সময়সীমা ৩ মাহ

July 17, 2026 12:12 pm
বেয়া ফৰ্মৰ অৰ্থ অৱসৰ নহয়, ৰোহিতৰ পক্ষ লৈ সমালোচকক উত্তৰ দিলে বেটিং প্ৰশিক্ষকে

বেয়া ফৰ্মৰ অৰ্থ অৱসৰ নহয়, ৰোহিতৰ পক্ষ লৈ সমালোচকক উত্তৰ দিলে বেটিং প্ৰশিক্ষকে

July 17, 2026 12:12 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

মন্দিৰত পূজা দিয়াৰ নামত পাহাৰলৈ গৈ হত্যা স্বামীক! প্ৰেমিকৰ সৈতে ব্লুপ্ৰিণ্ট ৰচিছিল পত্নীয়ে

মন্দিৰত পূজা দিয়াৰ নামত পাহাৰলৈ গৈ হত্যা স্বামীক! প্ৰেমিকৰ সৈতে ব্লুপ্ৰিণ্ট ৰচিছিল পত্নীয়ে

July 17, 2026 1:16 pm
শিক্ষাৰ উত্তৰণৰ বাবে বিৰল ত্যাগ: কুমাৰ ভাস্কৰ বৰ্মা সংস্কৃত আৰু পুৰাতন অধ্যয়ন বিশ্ববিদ্যালয়লৈ ১ কোটি টকা দান প্ৰাক্তন অধ্যাপক দম্পতীৰ

শিক্ষাৰ উত্তৰণৰ বাবে বিৰল ত্যাগ: কুমাৰ ভাস্কৰ বৰ্মা সংস্কৃত আৰু পুৰাতন অধ্যয়ন বিশ্ববিদ্যালয়লৈ ১ কোটি টকা দান প্ৰাক্তন অধ্যাপক দম্পতীৰ

July 17, 2026 12:32 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd