কাজিৰঙালৈ অহা পৰ্য্যটকো নামিল বন্যপ্ৰাণীৰ অংগৰ চোৰাং ব্যৱসায়ত; এজনক গ্ৰেপ্তাৰ

Hog-Deer-750x376

প্ৰতিনিধিত্বমূলক ফটো।

এশিঙীয়া গঁড়ৰ বাবে বিশ্বখ্যাত কাজিৰঙা চাবলৈ অসমলৈ অহা পৰ্য্যটক এতিয়া চোৰাং চিকাৰীত পৰিণত হোৱাৰ লগতে বন্যপ্ৰাণীৰ অংগৰ চোৰাং ব্যৱসায়ত জড়িত হৈছে।

৭ জানুৱাৰিত বৰঝাৰ বিমান বন্দৰত নিৰাপত্তা কৰ্মীয়ে গুৰগাৱঁৰ পৰা অহা এজন পৰ্য্যটকে বন্যপ্ৰাণীৰ অংগ সৰবৰাহ কৰিবলৈ ধৰোঁতেই ধৰা পেলায়। এইবোৰ আছিল বিপন্ন প্ৰজাতিৰ পহুৰ শিং।

পৰ্য্যটকজন হাৰিয়ানাৰ গুৰগাৱঁৰ স্বপন কুমাৰ দত্ত (৬৮) আৰু তেওঁ এজন অৱসৰপ্ৰাপ্ত অভিযন্তা, অসম আৰক্ষীয়ে নৰ্থ-ইষ্ট নাওক কয়।

“দত্তই স্বীকাৰ কৰিছে যে তেওঁ শিংকেইটা কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান ভ্ৰমণ কৰোঁতে এজন চোৰাং চিকাৰীৰ পৰা লৈছিল”, এজন আৰক্ষী বিষয়াই কয়।

বিষয়াজনৰ মতে, পৰ্য্যটকজনৰ পৰা তিনিটাকৈ শিং উদ্ধাৰ কৰা হৈছে আৰু এইকেইটা সুগৰী পহুৰ শিং।

“উদ্ধাৰ কৰা শিং তিনিটাৰ ভিতৰত আছে সুগৰী পহুৰ দুটীয়া (যুৰীয়া) আৰু এটীয়া শিং”, আৰক্ষী বিষয়াজনে নৰ্থ-ইষ্ট নাওক জনায়।

পৰ্য্যটকজনে এইকেইটা গুৰগাৱঁৰ এজন গ্ৰাহকক বিক্ৰীৰ বাবে সংগ্ৰহ কৰাৰ কথা স্বীকাৰ কৰিছে বুলি জানিব পৰা গৈছে।

সুগৰী পহু (ইংৰাজী- hog deer বৈজ্ঞানিক নাম- Hyelaphus porcinus) এবিধ বিপন্ন প্ৰজাতিৰ হৰিণ আৰু বন্য প্ৰাণী সংৰক্ষণ আইন ১৯৭২-ৰ অধীনত ইয়াক ১ নং সূচীত অন্তৰ্ভুক্ত কৰা হৈছে।

ভাৰতত সুগৰী পহু চিকাৰ কৰাটো এটা ফৌজদাৰী অপৰাধ। ইয়াৰ চোৰাং চিকাৰ বা ইয়াৰ অংগৰ চোৰাং সৰবৰাহত জড়িত ব্যক্তিৰ নিম্নতম ৭ বছৰ কাৰাবাস হ’ব পাৰে।

২০১৯ চনত এনেকুৱা এটা গোচৰত তিনিচুকীয়া জিলাৰ অতিৰিক্ত খণ্ড বিচাৰপীঠে আশিক বৰুৱা নামৰ লোকক সুগৰী পহু হত্যা কৰাৰ অপৰাধত ৭ বছৰ কাৰাবাসৰ ৰায় দিয়ে। তেওঁক লগতে ৫০ হাজাৰ টকাৰ জৰিমনাও বিহা হয়।

৮ জানুৱাৰিত কামৰূপ মহানগৰ মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতত হাজিৰ কৰোৱাৰ পিছত পৰ্য্যটকজনক ৩০ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰা হয়।

অৱশ্যে বন্যপ্ৰাণীৰ অংগৰ চোৰাং সৰবৰাহৰ ঘটনাটো সন্দৰ্ভত বন বিভাগে মৌনতাহে অৱলম্বন কৰে।

আৰক্ষী বিষয়াসকলৰ মতে বন বিভাগে তেওঁলোকৰ সৈতে যোগাযোগ কৰিছে আৰু পৰ্য্যটকজনক জেৰা কৰিব খুজিছে।

“বন বিভাগে শিংকেইটা পৰ্য্যটকজনে ক’ৰ পৰা সংগ্ৰহ কৰিছিল, সেইটো জানিব বিচাৰিছে”, আৰক্ষী বিষয়া এজনে কয়।

উল্লেখ কৰিব পাৰি যে য়ুনেস্ক’ৰ বিশ্ব ঐতিহ্য ক্ষেত্ৰ হিচাপে চিহ্নিত কাজিৰঙাক অসম চৰকাৰে অসমৰ অন্যতম পৰ্য্যটন ক্ষেত্ৰ হিচাপে দেখুৱাই আহিছে আৰু ৰাজ্যখনলৈ পৰ্য্যটনৰ সোঁতটোৰ ইয়েই হ’ল প্ৰধান লক্ষ্য।