• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, October 6, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

অসমৰ বয়ন শিল্পলৈ কেইৰ্ণৰ অভূতপূৰ্ব অৱদান

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
March 7, 2026 4:29 pm
33
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অসমৰ গ্ৰাম্য অৰ্থনীতি আৰু পৰম্পৰাগত হস্ততাঁত শিল্পক এক নতুন মাত্ৰা প্ৰদান কৰিছে কেইৰ্ণ অইল এণ্ড গেছে। চলিত বৰ্ষৰ আন্তৰ্জাতিক নাৰী দিৱসৰ প্ৰাকক্ষণত গিভ টু গেইন শীৰ্ষক মূল বিষয়বস্তুৰে কেইৰ্ণে অসমৰ মহিলা তাঁত শিল্পীসকলৰ অনুপ্ৰেৰণাদায়ক যাত্ৰাক উদযাপন কৰিছে। কেইৰ্ণৰ বিশেষ সহযোগিতাত এতিয়া ৰাজ্যৰ বহু মহিলাই পুৰণি হস্ততাঁত শিল্পক সাৰথি কৰি নিজক আৰ্থিকভাৱে স্বাৱলম্বী কৰি তুলিবলৈ সক্ষম হৈছে। এই প্ৰচেষ্টাই কেৱল তেওঁলোকৰ জীৱিকাৰ পথেই মুকলি কৰা নাই, বৰঞ্চ সমাজত এক ইতিবাচক পৰিৱৰ্তনৰ সূচনা কৰিছে যিটো বহু লোকৰ বাবে এক ডাঙৰ আদৰ্শ হৈ পৰিছে।

সমগ্ৰ দেশৰ লগতে অসমতো কেইৰ্ণে মহিলা সৱলীকৰণৰ বাবে বিভিন্ন উন্নয়নমূলক কাম কৰি আহিছে। শিক্ষা, স্বাস্থ্য আৰু পুষ্টিৰ দৰে গুৰুত্বপূৰ্ণ দিশত কাম কৰি কোম্পানীটোৱে ইতিমধ্যে ২০ নিযুততকৈও অধিক মহিলা আৰু শিশুৰ জীৱনলৈ পৰিৱৰ্তন আনিছে। অসমৰ প্ৰেক্ষাপটত কেইৰ্ণে মহিলাসকলৰ দক্ষতা বিকাশত গুৰুত্ব দি কেইবাটাও গুৰুত্বপূৰ্ণ পদক্ষেপ গ্ৰহণ কৰিছে। ইয়াৰ ভিতৰত গোলাঘাট জিলাৰ বৰচাপৰি আৰু যোৰহাট জিলাৰ আগচামুৱা গাঁৱৰ মহিলাসকলৰ পুৰণি তাঁত শিল্পক আধুনিক ৰূপ দিয়াৰ কামটো অন্যতম। অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ সৈতে মিলি কেইৰ্ণে এই মহিলাসকলক তেওঁলোকৰ পৰম্পৰাগত দক্ষতাক এক লাভজনক ব্যৱসায়লৈ সলনি কৰাত সহায় কৰিছে।

Apply Now

গোলাঘাটত স্থাপন কৰা জেকাৰ্ড হেণ্ডলুম চেণ্টাৰটো এতিয়া গ্ৰাম্য মহিলাৰ বাবে আশাৰ কেন্দ্ৰ হৈ পৰিছে। মাত্ৰ কেইগৰাকীমান মহিলাই আৰম্ভ কৰা এই যাত্ৰাত এতিয়া ৩,০০০ তকৈও অধিক মহিলাই আত্মসহায়ক গোটৰ জৰিয়তে জড়িত হৈ পৰিছে। এই কেন্দ্ৰটোৰ পৰা উৎপাদিত গামোচা আৰু অন্যান্য কাপোৰসমূহ অসম চৰকাৰৰ স্বনিৰ্ভৰ নাৰী আঁচনিৰ অধীনত যোগান ধৰা হৈছে। ইয়াৰ উপৰি যোৰহাটৰ আগচামুৱাত থকা সম্প্ৰীতি মাকু হস্ততাঁত কেন্দ্ৰৰ জৰিয়তেও কেইৰ্ণে প্ৰয়োজনীয় সা-সুবিধা আৰু প্ৰশিক্ষণ প্ৰদান কৰি মহিলাসকলৰ উৎপাদন ক্ষমতা বৃদ্ধি কৰিছে। ইয়াৰ ফলত স্থানীয় মহিলাসকলে ঘৰৰ কাম-কাজ চম্ভালিও এক সন্মানীয় উপাৰ্জনৰ পথ বিচাৰি পাইছে।

মহিলাসকলক অধিক নিপুণ কৰি তুলিবলৈ ভাৰত চৰকাৰৰ সমৰ্থ আঁচনিৰ অধীনত বিশেষ দক্ষতা বিকাশ প্ৰশিক্ষণৰো ব্যৱস্থা কৰা হৈছে। এই প্ৰশিক্ষণে মহিলাসকলক বৰ্তমানৰ বজাৰৰ চাহিদা অনুযায়ী আধুনিক সাজ-পোছাক তৈয়াৰ কৰাত সহায় কৰিছে। এই সফলতাৰ বাবেই চলিত বৰ্ষত গোৱাত অনুষ্ঠিত হোৱা ইণ্ডিয়া এনাৰ্জী উইক ২০২৬ লৈ এই মহিলা শিল্পীসকলক আমন্ত্ৰণ জনোৱা হৈছিল। বিশ্ব পৰ্যায়ৰ এই অনুষ্ঠানত তেওঁলোকে নিজৰ হাতে বোৱা মুগা আৰু এৰি ৰেচমৰ মেখেলা চাদৰ, স্কাৰ্ফ, শাৰী আৰু অন্যান্য সামগ্ৰী প্ৰদৰ্শন কৰি দেশ-বিদেশৰ অতিথিৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হয়।

গাঁৱৰ এটা সৰু কোঠাৰ পৰা আৰম্ভ হোৱা এই যাত্ৰাই আজি বিশ্বৰ মঞ্চত অসমৰ বস্ত্ৰ শিল্পক চিনাকি কৰি দিছে। কেইৰ্ণৰ পেভিলিয়নলৈ অহা বিশিষ্ট অতিথিসকলক অসমীয়াৰ গৌৰৱ গামোচাৰে আদৰণি জনাই এই মহিলাসকলে অসমৰ সংস্কৃতিৰ এক সুন্দৰ ছবি দাঙি ধৰে। কেইৰ্ণৰ এই পদক্ষেপে স্পষ্ট কৰি দিছে যে যদি মহিলাসকলক উপযুক্ত সুযোগ দিয়া হয়, তেন্তে তেওঁলোকে নিজৰ লগতে সমগ্ৰ সমাজখনৰ উন্নয়নত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব পাৰে। নাৰী শক্তিৰ এই উন্নয়নমূলক যাত্ৰাই অসমৰ গ্ৰাম্য অৰ্থনীতিক এক নতুন দিশ দেখুৱাবলৈ সক্ষম হৈছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবীত উত্তপ্ত দিল্লী; বেৰিকেডৰ বাধাত ৰাজপথতে বহি পৰিল ‘ইণ্ডিয়া’ৰ সাংসদসকল

জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবীত উত্তপ্ত দিল্লী; বেৰিকেডৰ বাধাত ৰাজপথতে বহি পৰিল ‘ইণ্ডিয়া’ৰ সাংসদসকল

October 6, 2026 12:33 pm
প্ৰসিদ্ধ লেখক, জনপ্ৰিয় ঔপন্যাসিক তথা ৰাজনীতিক জেফ্ৰি আৰ্চাৰৰ ৮৬ বছৰ বয়সত দেহাৱসান

প্ৰসিদ্ধ লেখক, জনপ্ৰিয় ঔপন্যাসিক তথা ৰাজনীতিক জেফ্ৰি আৰ্চাৰৰ ৮৬ বছৰ বয়সত দেহাৱসান

October 6, 2026 11:35 am
সামৰিক বিমান দুৰ্ঘটনাগ্ৰস্ত হৈ ৩২ জনৰ মৃত্যু; ক’ত ঘটিল এই বিমান বিধ্বস্ত হোৱাৰ ঘটনা?

সামৰিক বিমান দুৰ্ঘটনাগ্ৰস্ত হৈ ৩২ জনৰ মৃত্যু; ক’ত ঘটিল এই বিমান বিধ্বস্ত হোৱাৰ ঘটনা?

October 6, 2026 10:34 am
নগাঁও লোকসভা উপ-নিৰ্বাচনৰ বাবে ২,১১২টা ভোটকেন্দ্ৰত আৰম্ভ হৈছে ভোটদান

নগাঁও লোকসভা উপ-নিৰ্বাচনৰ বাবে ২,১১২টা ভোটকেন্দ্ৰত আৰম্ভ হৈছে ভোটদান

October 6, 2026 9:44 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবীত উত্তপ্ত দিল্লী; বেৰিকেডৰ বাধাত ৰাজপথতে বহি পৰিল ‘ইণ্ডিয়া’ৰ সাংসদসকল

জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবীত উত্তপ্ত দিল্লী; বেৰিকেডৰ বাধাত ৰাজপথতে বহি পৰিল ‘ইণ্ডিয়া’ৰ সাংসদসকল

October 6, 2026 12:33 pm
প্ৰসিদ্ধ লেখক, জনপ্ৰিয় ঔপন্যাসিক তথা ৰাজনীতিক জেফ্ৰি আৰ্চাৰৰ ৮৬ বছৰ বয়সত দেহাৱসান

প্ৰসিদ্ধ লেখক, জনপ্ৰিয় ঔপন্যাসিক তথা ৰাজনীতিক জেফ্ৰি আৰ্চাৰৰ ৮৬ বছৰ বয়সত দেহাৱসান

October 6, 2026 11:35 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd