• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, September 7, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

পেৰুৰ ৰাষ্ট্ৰপতি নিৰ্বাচিত হ’ল সোঁপন্থী নেত্ৰী কেইকো ফুজিমোৰী; কিমান ভোটত সাৱ্যস্ত কৰিলে বিজয়?

৫১ বছৰীয়া কেইকো ফুজিমোৰী পেৰুৰ প্ৰাক্তন ৰাষ্ট্ৰপতি আলবাৰ্টো ফুজিমোৰীৰ কন্যা। মানৱ অধিকাৰ উলংঘাৰ অপৰাধত আলবাৰ্টোৱে ১৬ বছৰ কাৰাদণ্ড ভুগিছিল।

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
July 4, 2026 3:56 pm
32
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

দক্ষিণ আমেৰিকাৰ দেশ পেৰুত ৰাষ্ট্ৰপতি নিৰ্বাচনত আনুষ্ঠানিকভাৱে বিজয়ী ঘোষণা কৰা হৈছে সোঁপন্থী নেত্ৰী কেইকো ফুজিমোৰীক। শুকুৰবাৰে এই কথা ঘোষণা কৰে দেশখনৰ ইলেক্টোৰেল কোৰ্ট নেশ্যনেল জুৰি অফ ইলেকশ্যনে।

যোৱা ৭ জুনত পেৰুত অনুষ্ঠিত হোৱা ৰাষ্ট্ৰপতি নিৰ্বাচনৰ দ্বিতীয় ৰাউণ্ডৰ ভোটগ্ৰহণত এমাহৰ পিছত প্ৰকাশ পোৱা আনুষ্ঠানিক ফলাফলত ফুজিমোৰীয়ে বাওঁপন্থী প্ৰাৰ্থী কংগ্ৰেছ সদস্য ৰবাৰ্ট’ ছানচেজক পৰাস্ত কৰে।

Apply Now

যোৱা সপ্তাহৰ আৰম্ভণিতে সম্পূৰ্ণ হৈছিল ভোট গণনা। কালি ঘোষণা কৰা ফলাফলত দেখা গৈছে যে ফুজিমোৰীয়ে অতি সংকীৰ্ণ ব্যৱধানত জয়লাভ কৰিছে। তেওঁ লাভ কৰে ৯.২২৩ নিযুত ভোট। প্ৰতিদ্বন্দ্বী ছানচেজে লাভ কৰে ৯.১৭৩ নিযুত ভোট।

আনুষ্ঠানিক ফলাফল ঘোষণাৰ পিছত ফুজিমোৰীয়ে ছ’চিয়েল মিডিয়াত লিখিছে, “এটা নতুন অধ্যায় আৰম্ভ হ’ল।”

ফুজিমোৰীয়ে লগতে লিখিছে, “আমি এই দায়িত্ব, বিনম্ৰতা আৰু গভীৰ কৰ্তব্যবোধেৰে গ্ৰহণ কৰিছো। এই পৰিৱৰ্তনৰ প্ৰতিটো দিনেই শুনাৰ, আলোচনাত অংশ লোৱাৰ আৰু নতুন চৰকাৰৰ বাবে প্ৰস্তুতি চলোৱাৰ এক সুযোগ।’

৫১ বছৰীয়া কেইকো ফুজিমোৰী পেৰুৰ প্ৰাক্তন ৰাষ্ট্ৰপতি আলবাৰ্টো ফুজিমোৰীৰ কন্যা। মানৱ অধিকাৰ উলংঘাৰ অপৰাধত আলবাৰ্টোৱে ১৬ বছৰ কাৰাদণ্ড ভুগিছিল।

পেৰুত এপ্ৰিল মাহত প্ৰথম ৰাউণ্ডৰ ৰাষ্ট্ৰপতি নিৰ্বাচন অনুষ্ঠিত হৈছিল। কিন্তু কোনো প্ৰাৰ্থীয়ে ৫০ শতাংশ ভোট লাভ নকৰাত দ্বিতীয়বাৰৰ বাবে নিৰ্বাচন অনুষ্ঠিত হয়। দ্বিতীয় ৰাউণ্ডত ৩৩ জন প্ৰাৰ্থীক পিছ পেলাই কেইকো ফুজিমোৰী আৰু ৰবাৰ্ট’ ছানচেজে প্ৰতিদ্বন্দ্বিতাত অংশগ্ৰহণ কৰে।

অৱশ্যে এপ্ৰিল মাহত বেলট বিতৰণত পলম হোৱা আৰু দুয়োটা ৰাউণ্ডৰ পিছত দীঘলীয়া গণনা প্ৰক্ৰিয়াই এই বছৰৰ পেৰুৰ নিৰ্বাচনক লৈ সন্দেহৰ অৱতাৰণা কৰিছে। বিভিন্ন ৰাজনৈতিক মহলেও প্ৰৱঞ্চনাৰ অভিযোগ উত্থাপন কৰিছে।

গ্ৰাম্য আৰু খিলঞ্জীয়া ভোটাৰৰ মাজত ছানচেজৰ প্ৰবল সমৰ্থন আছিল। ভোট গণনাত অনিয়ম আৰু জালিয়াতিৰ অভিযোগ উত্থাপন কৰিছে যদিও ইয়াৰ সমৰ্থনত তেওঁ কোনো প্ৰমাণ দাঙি ধৰা নাই।

নিৰ্বাচনৰ পূৰ্বে নিয়ম সলনি কৰাক লৈ সমালোচনা কৰে ছানচেজে। দেশৰ নিৰ্বাচনী ব্যৱস্থাত প্ৰবাসী ভোটাৰে দিয়া ভোট ডিজিটেল মাধ্যমেৰে গণনাৰ নিয়ম। এই নিয়ম মানি চলাৰ বৰ্তমানৰ বাধ্যবাধকতা এই নিৰ্বাচনৰ পূৰ্বে শিথিল কৰা হৈছিল।

নিৰ্বাচনী পৰ্যবেক্ষকসকলেও কয় যে এতিয়ালৈকে ভোট প্ৰৱঞ্চনাৰ কোনো প্ৰমাণ পোৱা হোৱা নাই।

বাতৰি অনুসৰি, প্ৰবাসী ভোটাৰৰ সমৰ্থনে ফুজিম’ৰীক জয়ী কৰাত সহায় কৰিছিল। পেৰুত ৰবাৰ্ট’ ছানচেজে অধিক ভোট লাভ কৰিছিল। কিন্তু প্ৰবাসী ভোট ফুজিমোৰীৰ পক্ষত গ’ল। এই পৰিস্থিতিত ৰবাৰ্ট’ ছানচেজে ক্ষমতা দখল কৰাৰ পিছত ফুজিমোৰীৰ বিৰুদ্ধে অভিযোগনামা দাখিল কৰিবলৈ সমৰ্থকসকলক একত্ৰিত কৰাৰ চেষ্টা কৰিব পাৰে।

যোৱা সপ্তাহত কেইকোৱে কয় যে তেওঁৰ মূল লক্ষ্য হৈছে “দুটা শিবিৰত বিভক্ত” দেশবাসীক একত্ৰিত কৰা। অপৰাধ হ্ৰাস কৰাৰ লগতে তেওঁ বৰ্তমানৰ চৰম বৈষম্য দূৰ কৰাৰ প্ৰতিশ্ৰুতিও দিয়ে।

জুলাই মাহৰ শেষৰ ফালে পেৰুৰ স্বাধীনতা দিৱসত ফুজিমোৰীয়ে শপত গ্ৰহণ কৰাৰ কথা। ২০১৬ চনৰ পিছত দেশখনৰ দশম ৰাষ্ট্ৰপতি হিচাপে পৰিগণিত হ’ব ফুজিমোৰী। কেইকো ফুজিমোৰীৰ এই জয়ে এপিনে লেটিন আমেৰিকা সোঁপন্থাৰ পিনে ঢাল খওৱাৰ প্ৰৱণতা আৰু শক্তিশালী হ’ল, আনপিনে তিনিটা দশকৰ ভিতৰত পেৰুৰ অন্যতম প্ৰভাৱশালী ৰাজনৈতিক পৰিয়ালৰ প্ৰত্যাৱৰ্তনো নিশ্চিত হ’ল।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

বিৰোধী জয়ী হ’লে প্ৰধানমন্ত্ৰীৰ পদ দাবী কৰিব পাৰে ৰাহুল গান্ধীয়ে; কি যুক্তি চিপিএমৰ এম এ বেবীৰ?

বিৰোধী জয়ী হ’লে প্ৰধানমন্ত্ৰীৰ পদ দাবী কৰিব পাৰে ৰাহুল গান্ধীয়ে; কি যুক্তি চিপিএমৰ এম এ বেবীৰ?

September 7, 2026 12:55 pm
লোমহৰ্ষক কাণ্ড! গুৱাহাটীৰ ফ্লেটত উদ্ধাৰ হোৱা মৃত মহিলাৰ স্বামীক গ্ৰেপ্তাৰ; ফ্ৰীজৰ পৰা উদ্ধাৰ ছিন্নমুণ্ড

লোমহৰ্ষক কাণ্ড! গুৱাহাটীৰ ফ্লেটত উদ্ধাৰ হোৱা মৃত মহিলাৰ স্বামীক গ্ৰেপ্তাৰ; ফ্ৰীজৰ পৰা উদ্ধাৰ ছিন্নমুণ্ড

September 7, 2026 12:04 pm
ৰাণৱেৰ পৰা উফৰি গৈ খুন্দা মাৰিলে ট্ৰাকত; মিয়ামিত আমাজনৰ কাৰ্গো বিমান দুৰ্ঘটনাত নিহত ৫ জন

ৰাণৱেৰ পৰা উফৰি গৈ খুন্দা মাৰিলে ট্ৰাকত; মিয়ামিত আমাজনৰ কাৰ্গো বিমান দুৰ্ঘটনাত নিহত ৫ জন

September 7, 2026 11:18 am
নেপালৰ পিছত এইবাৰ ছিকিমত ভয়ংকৰ ভূমিস্খলন! তীস্তাৰ সোঁত বন্ধ হৈ পৰাত ভয়াৱহ দুৰ্যোগৰ আশংকা

নেপালৰ পিছত এইবাৰ ছিকিমত ভয়ংকৰ ভূমিস্খলন! তীস্তাৰ সোঁত বন্ধ হৈ পৰাত ভয়াৱহ দুৰ্যোগৰ আশংকা

September 7, 2026 10:35 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

বিৰোধী জয়ী হ’লে প্ৰধানমন্ত্ৰীৰ পদ দাবী কৰিব পাৰে ৰাহুল গান্ধীয়ে; কি যুক্তি চিপিএমৰ এম এ বেবীৰ?

বিৰোধী জয়ী হ’লে প্ৰধানমন্ত্ৰীৰ পদ দাবী কৰিব পাৰে ৰাহুল গান্ধীয়ে; কি যুক্তি চিপিএমৰ এম এ বেবীৰ?

September 7, 2026 12:55 pm
লোমহৰ্ষক কাণ্ড! গুৱাহাটীৰ ফ্লেটত উদ্ধাৰ হোৱা মৃত মহিলাৰ স্বামীক গ্ৰেপ্তাৰ; ফ্ৰীজৰ পৰা উদ্ধাৰ ছিন্নমুণ্ড

লোমহৰ্ষক কাণ্ড! গুৱাহাটীৰ ফ্লেটত উদ্ধাৰ হোৱা মৃত মহিলাৰ স্বামীক গ্ৰেপ্তাৰ; ফ্ৰীজৰ পৰা উদ্ধাৰ ছিন্নমুণ্ড

September 7, 2026 12:04 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd