• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, July 15, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

জেলতই থাকিব লাগিব কেজৰিৱাল! উচ্চতম ন্যায়ালয়ে নাকচ কৰিলে চিবিআই গোচৰৰ অন্তৱৰ্তীকালীন জামিন আবেদন

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
August 14, 2024 5:02 pm
387
VIEWS
Share on FacebookShare on Twitter

দিল্লীৰ মুখ্যমন্ত্ৰী তথা আম আদমী পাৰ্টিৰ মুৰব্বী অৰবিন্দ কেজৰিৱালে আপাততঃ উচ্চতম ন্যায়ালয়ত সকাহ নাপালে। বুধবাৰে কেজৰিৱালৰ অন্তৱৰ্তীকালীন জামিন আবেদনৰ শুনানি গ্ৰহণ নকৰিলে উচ্চতম ন্যায়ালয়ে। এই গোচৰত কেন্দ্ৰীয় তদন্তকাৰী সংস্থা চিবিআইৰ বক্তব্য বিচাৰিছে উচ্চতম ন্যায়ালয়ে। এই গোচৰৰ পৰৱৰ্তী শুনানি ২৩ আগষ্টত হ’ব। সেইদিনা কেজৰিৱালৰ জামিন সন্দৰ্ভত চিবিআইয়ে বিবৃতি দিব লাগিব।

দিল্লী আবকাৰী গোচৰত কেজৰিৱালক গ্ৰেপ্তাৰ কৰিছিল ইডিয়ে। জেলত থকাৰ সময়তে একেটা গোচৰতে চিবিআইয়ে গ্ৰেপ্তাৰ কৰিছিল। সেই গোচৰৰ জামিন বিচাৰি দিল্লী উচ্চ ন্যায়ালয়ৰ কাষ চাপিছিল কেজৰিৱালে। ৫ আগষ্টত কেজৰিৱাল গোচৰৰ শুনানিৰ সময়ত ন্যায়াধীশ নীনা বংছাল কৃষ্ণৰ বিচাৰপীঠে পৰ্যবেক্ষণ কৰিছিল যে গ্ৰেপ্তাৰৰ আঁৰত চিবিআইৰ ‘ন্যায্য’ কাৰণ আছে। গতিকে কেন্দ্ৰীয় তদন্তকাৰী সংস্থাৰ এই কাৰ্যক কেতিয়াও অবৈধ বুলি ক’ব নোৱাৰি। একে সময়তে দিল্লী উচ্চ ন্যায়ালয়ে কেজৰিৱালৰ জামিন আৱেদনৰ গোচৰটো নিষ্পত্তি কৰিছে।

উচ্চ ন্যায়ালয়ে তেওঁৰ জামিন আবেদন নাকচ কৰাৰ পিছতে যোৱা ১২ আগষ্টত উচ্চতম ন্যায়ালয়ৰ কাষ চাপিছিল দিল্লীৰ মুখ্যমন্ত্ৰীগৰাকীয়ে। বুধবাৰে উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ সূৰ্য্য কান্তৰৰ বিচাৰপীঠত কেজৰিৱালৰ অধিবক্তা অভিষেক মনু সিংভীয়ে কয় যে ১০ মে’ত আবকাৰী গোচৰত কেজৰিৱালক অন্তৱৰ্তীকালীন জামিন দিয়া হৈছিল। পিছত জুলাই মাহত তেওঁ একেটা গোচৰতে জামিন লাভ কৰে। আনকি নিম্ন আদালতেও চিবিআইৰ গোচৰত কেজৰিৱালক জামিন মঞ্জুৰ কৰিছিল। ইয়াৰ উপৰিও চিবিআইৰ গ্ৰেপ্তাৰক উচ্চতম ন্যায়ালয়ত ‘অবৈধ’ বুলিও উল্লেখ কৰা হৈছিল।

আদালতত কেজৰিৱালৰ অধিবক্তাই কয় যে আবকাৰী গোচৰ ৰুজু হোৱাৰ এবছৰ ১০ মাহৰ পাছত চিবিআইয়ে তেওঁৰ ক্লায়েণ্টক গ্ৰেপ্তাৰ কৰে। ইয়াৰ পিছত কেজৰিৱালেকে অন্তৱৰ্তীকালীন জামিনৰ বাবে আবেদন জনায়। উচ্চতম ন্যায়ালয়ে নাকচ কৰিলে। ন্যায়াধীশ সূৰ্য্য কান্তৰৰ বিচাৰপীঠে কয়, ‘অন্তৱৰ্তীকালীন জামিনৰ কথা নক’ব। আমি কোনো অন্তৱৰ্তীকালীন জামিন নিদিওঁ।”

মন কৰিবলগীয়া যে দিল্লীৰ আবকাৰী গোচৰত ২১ মাৰ্চত ইডিয়ে গ্ৰেপ্তাৰ কৰিছিল দিল্লীৰ মুখ্যমন্ত্ৰীক। তেতিয়াৰ পৰাই তেওঁ জেলত আছে। লোকসভা নিৰ্বাচনৰ সময়ত উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশত অন্তৱৰ্তীকালীন জামিনত কিছুদিন বাহিৰত আছিল। ২ জুনত পুনৰ আত্মসমৰ্পণ কৰে কেজৰীয়ে। আনহাতে, তেওঁ নিম্ন আদালতৰ পৰাও কেইবাবাৰো জামিন বিচাৰি উচ্চতম ন্যায়ালয়লৈ আবেদন জনাইছিল। কিছুদিন পূৰ্বে উচ্চতম ন্যায়ালয়ে ইডি গোচৰত কেজৰিৱালক জামিন মঞ্জুৰ কৰিছিল। অৱশ্যে কাৰাগাৰত থকাৰ সময়তে এই গোচৰত চিবিআইয়ে গ্ৰেপ্তাৰ কৰে। চিবিআইৰ গোচৰত জামিন বিচাৰি দিল্লী উচ্চ ন্যায়ালয়ৰ কাষ চাপিছিল কেজৰীয়ে। খাৰিজ হোৱাৰ পিছত উচ্চতম ন্যায়ালয়ত আবেদন জনায়।

Recent News

১৮ দিনীয়া মহাকাশ অভিযানৰ অন্ত! নৰলোকলৈ উভটি আহিল শুভাংশু শুক্লা

১৮ দিনীয়া মহাকাশ অভিযানৰ অন্ত! নৰলোকলৈ উভটি আহিল শুভাংশু শুক্লা

শোকাবহ! আত্মহ*ত্যাৰ চেষ্টা; অৱশেষত মৃত্যুক আঁকোৱলি ল’লে ADC ত্ৰিদীপ কোঁৱৰে

শোকাবহ! আত্মহ*ত্যাৰ চেষ্টা; অৱশেষত মৃত্যুক আঁকোৱলি ল’লে ADC ত্ৰিদীপ কোঁৱৰে

খৰাংত সৰ্বস্বান্ত কৃষক! অসমৰ জলসিঞ্চনক লৈ চৰকাৰক তীব্ৰ সমালোচনা অসম জাতীয় পৰিষদৰ

খৰাংত সৰ্বস্বান্ত কৃষক! অসমৰ জলসিঞ্চনক লৈ চৰকাৰক তীব্ৰ সমালোচনা অসম জাতীয় পৰিষদৰ

গোৱালপাৰাৰ সুৰক্ষাসিনী গাঁৱত ভূমি জৰীপৰ মাজতে গাওঁবাসীৰ মনত উচ্ছেদৰ ভয়ে সৃষ্টি কৰিছে আতংকৰ

গোৱালপাৰাৰ সুৰক্ষাসিনী গাঁৱত ভূমি জৰীপৰ মাজতে গাওঁবাসীৰ মনত উচ্ছেদৰ ভয়ে সৃষ্টি কৰিছে আতংকৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd