NORTHEAST NOW (Assamese)

টীয়কত যোৰহাট জিলা কেওট জাতীয় পৰিষদৰ ত্রি-বাৰ্ষিক অধিবেশন সম্পন্ন

March 7, 2021 5:58 pm · নীৰ্মলেন্দু পাঠক

যোৰহাট জিলাৰ টীয়কৰ গুৱালগাঁও স্থিত ডঃ ভূপেন হাজৰিকা প্ৰেক্ষাগৃহত দেওবাৰে যোৰহাট জিলা কেওট জাতীয় পৰিষদৰ ত্রি-বাৰ্ষিক অধিবেশনখন অনুষ্ঠিত হয়।

পুৱা পতাকা উত্তোলন, স্মৃতি তৰ্পণ কাৰ্যসূচীৰ পাছতে এখনি প্ৰতিনিধি সভাৰ আয়োজন কৰা হয়।

যোৱা তিনিটা বছৰৰ পূৰ্বে মাজুলীত পোন প্ৰথম বাৰৰ বাবে গঠিত হোৱা কেওট জাতীয় পৰিষদে নানা ঘাট প্ৰতিঘাটৰ মাজেৰে আজি গৌৰৱোজ্জ্বল তিনিটা বৰ্ষত ভৰি দিয়ে বুলিও জানিবলৈ দিয়ে কাৰ্যকৰী সভাপতি মুকুল বৰাই।

আজিৰ ত্রি-বাৰ্ষিক অধিবেশনতে টীয়ক অঞ্চলৰ সামাজিক ক্ষেত্ৰখনত বিশেষ অৰিহণা আগবঢ়াই অহা দুজন বিশিষ্ট ব্যক্তি ক্ৰমে হিমেন ভট্টাচাৰ্য্য আৰু শতায়ু গৰকা ৰত্নেশ্বৰ শইকীয়াক বিশেষভাৱে সম্বৰ্ধনা জনোৱা হয়।

উক্ত কাৰ্যসূচীৰ লগত সংগতি ৰাখি অনুষ্ঠিত হোৱা মুকলি সভাত কেওট জাতীয় পৰিষদৰ কেন্দ্ৰীয় তথা জিলাৰ প্ৰায়সংখ্যক বিষয়ববীয়াৰ উপস্থিত থাকি কেওট জাতীয় পৰিষদৰ আগন্তুক কাৰ্যপন্থাৰ ওপৰত বিশেষভাবে আলোকপাত কৰি জাতীটোৰ অৰ্থনৈতিক, সামাজিক, শৈক্ষিককে ধৰি প্ৰতিটো ক্ষেত্ৰতে সৰ্বাংগীণ উন্নতিৰ হকে কাম কৰাৰ প্ৰতিশ্ৰুতিবদ্ধ হয়।

উল্লেখযোগ্য যে দেশ তথা জাতিটোৰ বাবে যিসকল প্ৰতিনিধিয়ে কাম কৰাৰ মানসিকতা ৰাখিব তেনে প্ৰতিনিধিকে আগন্তুক নিৰ্বাচনত পূৰ্ণ সমৰ্থন আগবঢ়াব বুলি মন্তব্য কৰিছে উদ্যোক্তাসকলে।

Related News