মুক্তিৰ ঠিক আগতেই কেৰালা ষ্ট’ৰী ২ ডাঙৰ বিপৰ্যয়ৰ সন্মুখীন হৈছে। কেৰালা উচ্চ ন্যায়ালয়ে ছবিখনৰ চেন্সৰৰ প্ৰমাণপত্ৰক প্ৰত্যাহ্বান জনাই দাখিল কৰা আবেদনৰ ভিত্তিত বৃহস্পতিবাৰে ছবিখনৰ মুক্তিৰ ওপৰত স্থগিতাদেশ জাৰি কৰিছে।
ন্যায়াধীশ বেচু কুৰিয়ান থমাছৰ এজনীয়া বিচাৰপীঠে নিৰ্দেশ দিছে যে পূৰ্বে নিৰ্ধাৰিত ২৭ ফেব্ৰুৱাৰীত ছবিখন মুক্তি দিব নোৱাৰিব।
শুনানিৰ সময়ত আদালতে কেন্দ্ৰীয় চলচ্চিত্ৰ প্ৰমাণীকৰণ ব’ৰ্ড (চিবিএফচি)ৰ ভূমিকাক লৈ তীব্ৰ প্ৰশ্ন উত্থাপন কৰে। আদালতে পৰ্যবেক্ষণ কৰে যে ছবিখনক প্ৰমাণ পত্ৰ প্ৰদান কৰাৰ সময়ত চেন্সৰ ব’ৰ্ডে সঠিক বিচাৰ-বিবেচনা প্ৰয়োগ কৰাত ব্যৰ্থ হৈছে।
জীৱবিজ্ঞানী শ্ৰীদেৱ নামবুদিৰীয়ে ছবিখনৰ ট্ৰেইলাৰক লৈ আপত্তি কৰি দাবী কৰিছিল যে ছবিখনে কেৰালাক অতি নেতিবাচক দৃষ্টিৰে দেখুৱাইছে, যিয়ে সামাজিক স্থিতিশীলতা ধ্বংস কৰিব পাৰে। আদালতে এই উদ্বেগক “সম্ভৱতঃ প্ৰকৃত” বুলি অভিহিত কৰিছে।
বিপুল অমৃতলাল শ্বাহৰ প্ৰযোজনা আৰু কামাখ্যা নাৰায়ণ সিঙৰ পৰিচালনাত নিৰ্মিত এই ছবিখনত হিন্দু ছোৱালীবোৰক আন ধৰ্মত বিবাহৰ প্ৰলোভন দিয়া হয় আৰু পিছত নিৰ্যাতন চলাই ধৰ্মান্তৰিত হ’বলৈ বাধ্য কৰা হয় বুলি দাবী কৰা হৈছে। ট্ৰেইলাৰ মুক্তি পোৱাৰ পিছৰে পৰা সমগ্ৰ দেশতে এই বিষয়বস্তুক লৈ বিতৰ্ক আৰম্ভ হৈছে।
ইণ্ডিয়া টুডেৰ সূত্ৰ অনুসৰি ছবিখনৰ নিৰ্মাতাসকলে এজনীয়া বিচাৰপীঠৰ ৰায়ৰ বিৰুদ্ধে আজি কেৰালা উচ্চ ন্যায়ালয়ৰ বৃহত্তৰ বিচাৰপীঠত আবেদন দাখিল কৰিব পাৰে। যিহেতু হাতত সময় অতি কম, গতিকে তেওঁলোকে জৰুৰী শুনানিৰ বাবে অনুৰোধ কৰিব, যাতে ২৭ ফেব্ৰুৱাৰীৰ মুক্তি কেনেবাকৈ নিশ্চিত কৰিব পৰা যায়।
ইতিমধ্যে কেৰালা উচ্চ ন্যায়ালয়ে তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়, চেন্সৰ ব’ৰ্ড আৰু ছবিখনৰ প্ৰযোজকসকলক জাননী জাৰি কৰি তেওঁলোকৰ উত্তৰ বিচাৰিছে।





