• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, September 27, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home দেশ

দুবছৰৰ অন্তত অৱশেষত জামিন পালে সাংবাদিক ছিদ্দিক কাপ্পানে: উচ্চতম ন্যায়ালয়ে মঞ্জুৰ কৰিলে জামিন

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
September 9, 2022 5:32 pm
Siddique Kappan
94
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

দুটা বছৰ কাৰাগাৰত কটোৱাৰ পিছত অৱশেষত আজি জামিন লাভ কৰিলে কেৰালাৰ সাংবাদিক ছিদ্দিক কাপ্পনে। আজি মত প্ৰকাশৰ স্বাধীনতাৰ দোহাই দি উচ্চতম ন্যায়ালয়ে সাংবাদিক গৰাকীক জামিন প্ৰদান কৰে।

উত্তৰ প্ৰদেশৰ হথৰাছত সংঘটিত দলবদ্ধ ধৰ্ষণকাণ্ডৰ বিষয়ে বাতৰি সংগ্ৰহ কৰিবলৈ যোৱাৰ সময়তে উত্তৰ প্ৰদেশ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল কাপ্পানক।

Apply Now

আজি উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ উদয় উমেশ ললিত নেতৃত্বাধীন বিচাৰপীঠে কাপ্পানক তিনি দিনৰ ভিতৰত বিচাৰ আদালতত হাজিৰ কৰোৱাৰ পিছত জামিনত মুক্তি দিবলৈ নিৰ্দেশ দিয়ে।

বিচাৰপীঠে শুনানি গ্ৰহণ কৰি কয় যে প্ৰতিগৰাকী ব্যক্তিৰে মত প্ৰকাশৰ স্বাধীনতা তথা অধিকাৰ আছে। কাপ্পানে অপৰাধৰ বলি হোৱা ভুক্তভোগীৰ ন্যায়ৰ বিষয়টো সমুখলৈ আনিবলৈ চেষ্টা কৰিছিল বুলি উল্লেখ কৰি বিচাৰপীঠে উত্তৰ প্ৰদেশ চৰকাৰক এইয়া আইনৰ দৃষ্টিত অপৰাধ নেকি বুলিও প্ৰশ্ন কৰে।

আজি শীৰ্ষ আদালতত উত্তৰ প্ৰদেশ চৰকাৰক প্ৰতিনিধিত্ব কৰি অধিবক্তা মহেশ জেঠমালানীয়ে অভিযোগ কৰিছিল যে কাপ্পানে সংঘৰ্ষৰ বাবে উচতনি দিবলৈ চেষ্টা কৰিছিল। লগতে সাংবাদিক গৰাকীয়ে বিস্ফোৰক সামগ্ৰী ব্যৱহাৰ কৰিবলৈও প্ৰচেষ্টা চলাইছিল বুলিও জেঠমালানীয়ে দাবী কৰে।

অধিবক্তা জেঠমালানীয়ে লগতে কাপ্পান সন্ত্ৰাসবাদী সংগঠন পপুলাৰ ফ্ৰণ্ট অৱ ইণ্ডিয়াৰ (পিএফআই) সৈতেও জড়িত বুলি দাবী কৰি জামিনৰ বিৰোধিতা কৰে।

জেঠমালানীৰ এই দাবীৰ পিছতে বিচাৰপীঠে কাপ্পানৰ বিৰুদ্ধে থকা এই অভিযোগৰ কোনো নিৰ্দিষ্ট প্ৰমাণ আছে নেকি বুলি প্ৰশ্ন কৰে। কিন্তু উত্তৰ প্ৰদেশ চৰকাৰে এই বিষয়ত কোনো প্ৰমাণ দাঙি ধৰাত ব্যৰ্থ হয়।

উল্লেখ্য যে ২০২০ চনৰ ১৪ ছেপ্টেম্বৰত হাথৰাছৰ এখন গাঁৱত সংঘটিত হৈছিল এক নৃশংস দলবদ্ধ ধৰ্ষণকাণ্ড। চাৰিজন ব্যক্তিয়ে এগৰাকী যুৱতীক দলবদ্ধ ধৰ্ষণ কৰাৰ কিছুদিন পিছতে দিল্লীৰ এখন চিকিৎসালয়ত মৃত্যুবৰণ কৰিছিল।

এই ঘটনাৰ বিষয়ে প্ৰতিবেদন প্ৰস্তুতৰ বাবে যোৱাৰ সময়তে মালায়ালম নিউজ পৰ্টেল আজিমুখামৰ প্ৰতিবেদক তথা কেৰালা ইউনিয়ন অৱ ৱৰ্কিং জাৰ্নালিষ্টৰ (কেইউডব্লিউজে) দিল্লী গোটৰ সম্পাদক কাপ্পানক আন তিনিজন সতীৰ্থৰ সৈতে গ্ৰেপ্তাৰ কৰা হৈছিল।

আৰক্ষীয়ে আটাইকেইগৰাকীৰ বিৰুদ্ধে বেআইনী কাৰ্যকলাপ (প্ৰতিৰোধ) আইনৰ ধাৰা ১৭ আৰু ১৮, ভাৰতীয় দণ্ডবিধিৰ ধাৰা ১২৪ এ, ১৫৩এ আৰু ২৯৫ এ- ৰ লগতে তথ্য প্ৰযুক্তি আইনৰ ধাৰা ৬৫, ৭২ আৰু ৭৫ ৰ অধীনত গোচৰ ৰুজু কৰিছিল।

উল্লেখ্য যে কাপ্পানৰ দীঘলীয়া কাৰাবাস আৰু এই সময়ছোৱাত তেওঁৰ পৰিয়ালে সন্মুখীন হোৱা অপ্ৰীতিকৰ পৰিস্থিতিৰ বাবে বিশ্বব্যাপী প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। কাপ্পানৰ এই কাৰাবাসক ভাৰতৰ ক্ৰমাৎ সংবাদ মাধ্যমৰ স্বাধীনতা হ্ৰাস হোৱাৰ এক এক স্পষ্ট উদাহৰণ বুলিও উল্লেখ কৰা হৈছে।

চলিত মাহৰ আৰম্ভণিতে এলাহাবাদ উচ্চ ন্যায়ালয়ৰ লক্ষ্ণৌ বিচাৰপীঠে কাপ্পনৰ জামিন আবেদন নাকচ কৰিছিল। ইয়াৰ পিছতে তেওঁ জামিন বিচাৰি উচ্চতম ন্যায়ালয়ৰ কাষ চাপিছিল।

কাপ্পানে জামিন আবেদনত স্বতন্ত্ৰতাৰ অধিকাৰ লগতে স্বতন্ত্ৰ মাধ্যমত মত প্ৰকাশ আৰু বাক স্বাধীনতা সম্পৰ্কীয় প্ৰাথমিক সাংবিধানিক অধিকাৰৰ প্ৰশ্ন উত্থাপন কৰিছিল।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

পেট্ৰল নোহোৱাকৈ চলিব গাড়ী! অক্টোবৰত মুকলি হ’ব ১০০% ইথানল ইনোভা; জনালে নীতিন গাডকাৰীয়ে

পেট্ৰল নোহোৱাকৈ চলিব গাড়ী! অক্টোবৰত মুকলি হ’ব ১০০% ইথানল ইনোভা; জনালে নীতিন গাডকাৰীয়ে

September 27, 2026 1:07 pm
স্নাতকোত্তৰ ছাত্ৰ সন্থাৰ নিৰ্বাচন ন্যায়াধিকৰণৰ নিৰ্বাচন-সম্পৰ্কীয় অভিযোগ সন্দৰ্ভত সিদ্ধান্ত

স্নাতকোত্তৰ ছাত্ৰ সন্থাৰ নিৰ্বাচন ন্যায়াধিকৰণৰ নিৰ্বাচন-সম্পৰ্কীয় অভিযোগ সন্দৰ্ভত সিদ্ধান্ত

September 27, 2026 12:06 pm
গুৱাহাটী স্বেচ্ছাসেৱক বৈঠকৰ পূৰ্বে কেন্দ্ৰীয় মুখপাত্ৰ আশুতোষ ৰাংকাসহ কেইবাজনো চিজেপি কৰ্মীক আটক অসম আৰক্ষীৰ

গুৱাহাটী স্বেচ্ছাসেৱক বৈঠকৰ পূৰ্বে কেন্দ্ৰীয় মুখপাত্ৰ আশুতোষ ৰাংকাসহ কেইবাজনো চিজেপি কৰ্মীক আটক অসম আৰক্ষীৰ

September 27, 2026 11:44 am
ঘূৰ্ণীবতাহ অৰ্ণবৰ তাণ্ডৱ! ক্ষতিগ্ৰস্ত ১৪ খন ৰাজ্য, উত্তৰ প্ৰদেশত ১৩জনৰ মৃত্যু; শস্যৰ বিপুল ক্ষতি

ঘূৰ্ণীবতাহ অৰ্ণবৰ তাণ্ডৱ! ক্ষতিগ্ৰস্ত ১৪ খন ৰাজ্য, উত্তৰ প্ৰদেশত ১৩জনৰ মৃত্যু; শস্যৰ বিপুল ক্ষতি

September 27, 2026 10:20 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

পেট্ৰল নোহোৱাকৈ চলিব গাড়ী! অক্টোবৰত মুকলি হ’ব ১০০% ইথানল ইনোভা; জনালে নীতিন গাডকাৰীয়ে

পেট্ৰল নোহোৱাকৈ চলিব গাড়ী! অক্টোবৰত মুকলি হ’ব ১০০% ইথানল ইনোভা; জনালে নীতিন গাডকাৰীয়ে

September 27, 2026 1:07 pm
স্নাতকোত্তৰ ছাত্ৰ সন্থাৰ নিৰ্বাচন ন্যায়াধিকৰণৰ নিৰ্বাচন-সম্পৰ্কীয় অভিযোগ সন্দৰ্ভত সিদ্ধান্ত

স্নাতকোত্তৰ ছাত্ৰ সন্থাৰ নিৰ্বাচন ন্যায়াধিকৰণৰ নিৰ্বাচন-সম্পৰ্কীয় অভিযোগ সন্দৰ্ভত সিদ্ধান্ত

September 27, 2026 12:06 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd