NORTHEAST NOW (Assamese)

কেৰালাত তৃতীয়জন কৰ’না ভাইৰাছত আক্ৰান্ত লোকৰ মৃত্যু

April 11, 2020 11:54 am · এন ই নাও নিউজ
প্ৰতিনিধিত্বমূলক ফটো

কেৰালাত শনিবাৰে ৰাতিপুৱা কৰ’না ভাইৰাছত আক্ৰান্ত তৃতীয়টো মৃত্যুৰ ঘটনা সংঘটিত হৈছে। চৰকাৰী বিষয়াই এই তথ্য সদৰী কৰিছে।

৭১ বছৰীয়া মৃত লোকজন পুডুচেৰীৰ মাহেৰ বাসিন্দা। তেওঁ কেৰালাৰ পাৰিয়াৰম মেডিকেল কলেজ হাস্পাতলত ভৰ্তি হৈ আছিল।

তেওঁ কেইবাটাও জটিল সমস্যাত ভূগি আছিল বুলি কোৱা হৈছে।

চিকিৎসকে জানিবলৈ দিয়ে যে মৃত ৰোগীজন যোৱা দুসপ্তাহ ধৰি ভেন্টিলেটৰ ছাপোৰ্টত আছিল।

বিষয়াসকলে জানিবলৈ দিয়ে যে ৰোগীজনক যোৱা ২৭ মাৰ্চত এখন স্থানীয় হাস্পাতলত ভৰ্তি কৰোৱৰ পাছত যাবলৈ দিয়া হৈছিল।

নিউমোনিয়াত ভোগা আৰু দুয়োটা কিডনিত সংক্ৰমণ ঘটাৰ পাছত তেওঁক পুনৰ হাস্পাতলত ভৰ্তি কৰোৱা হৈছিল।

‘’যদিওবা তেওঁৰ কোনো ট্ৰেভেল হিষ্ট্ৰী নাছিল, কিন্তু তেওঁ জ্বৰত ভোগাৰ পূৰ্বে কেইবাটাও ৰাজহুৱা অনুষ্ঠান তথা কাৰ্যসূচীত যোগদান কৰিছিল,’’-চিকিৎসকে কয়।

উল্লেখযোগ্য যে ভাৰতৰ প্ৰথমটো COVID-19পজিটিভ ৰোগী প্ৰথম কেৰালাতে চিনাক্ত হৈছিল।

ৰাজ্যখনত মৃত্যুৰ সংখ্যা তাকৰ হোৱাৰ লগতে ইয়াত সুস্থ হৈ উঠাৰ হাৰো যথেষ্ট ভাল দেখা গৈছে।

Related News