• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, August 15, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

কেতন আগৰৱালা হত্যাকাণ্ড: অভিযুক্ত ছিয়া আৰু চেতনক ১৪ দিনৰ বাবে ন্যায়িক জিম্মালৈ প্ৰেৰণ

পুনেৰ এখন আদালতে শুকুৰবাৰে ৰিয়েল ষ্টেট ব্যৱসায়ী কেতন আগৰৱালাৰ হত্যাকাণ্ডৰ গোচৰত অভিযুক্ত ছিয়া গোৱেল আৰু চেতন চৌধুৰীক ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰিছে।

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
July 3, 2026 7:15 pm
18
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

পুনেৰ এখন আদালতে শুকুৰবাৰে ৰিয়েল ষ্টেট ব্যৱসায়ী কেতন আগৰৱালাৰ হত্যাকাণ্ডৰ গোচৰত অভিযুক্ত ছিয়া গোৱেল আৰু চেতন চৌধুৰীক ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰিছে। আৰক্ষীৰ জিম্মাৰ ম্যাদ শেষ হোৱাৰ পিছত দুয়োগৰাকী অভিযুক্তক ন্যায়িক দণ্ডাধীশ এ. এম. বিভুতেৰ সন্মুখত হাজিৰ কৰোৱা হৈছিল। আৰক্ষীয়ে অভিযুক্তৰ ম‘বাইল ফোনৰ পৰা উদ্ধাৰ হোৱা সাংকেতিক বাৰ্তাৰ পাঠোদ্ধাৰ কৰিবলৈ আৰু তিনি দিনৰ জিম্মা বিচাৰিছিল যদিও আদালতে দুয়োপক্ষৰ যুক্তি শুনাৰ পিছত এই আৱেদন নাকচ কৰে আৰু ১৬ জুলাইলৈকে তেওঁলোকক ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰে।

যোৱা ১৮ জুন তাৰিখে পুনে জিলাৰ লোহাগড় দুৰ্গৰ এটা পাহাৰৰ পৰা ঠেলি দি কেতন আগৰৱালাক হত্যা কৰাৰ অভিযোগ উত্থাপন হৈছে ২০ বছৰীয়া ছিয়া আৰু ২২ বছৰীয়া চেতনৰ বিৰুদ্ধে। উল্লেখযোগ্য যে, নিহত কেতন আৰু অভিযুক্ত ছিয়াৰ মাজত ইতিমধ্যে আঙুঠি পিন্ধোৱা পৰ্ব সম্পন্ন হৈছিল আৰু চলিত বৰ্ষৰ নৱেম্বৰ মাহত তেওঁলোকৰ বিবাহ সম্পন্ন হোৱাৰ কথা আছিল।

Apply Now

শুকুৰবাৰে পুনে গ্ৰাম্য আৰক্ষীয়ে তদন্তৰ স্বাৰ্থত ছিয়াক তেওঁৰ বাসগৃহ আৰু আন কেইবাখনো স্থানলৈ লৈ গৈছিল। আৰক্ষীয়ে ছিয়াক তেওঁৰ বাসগৃহৰ পৰা উলিয়াই অনাৰ সময়তে বাহিৰত উপস্থিত থকা সংবাদ মাধ্যমৰ কেমেৰাৰ সন্মুখত তেওঁ নিজৰ মাজৰ আঙুলিটো দেখুৱাই এক অশালীন ইংগিত প্ৰদান কৰে। ছিয়াৰ এই আচৰণৰ ভিডিঅ‘ ছচিয়েল মিডিয়াত ব্যাপকভাৱে ভাইৰেল হৈ পৰিছে। অৱশ্যে আৰক্ষীয়ে এই সন্দৰ্ভত কোনো মন্তব্য কৰা নাই আৰু কেৱল হত্যাকাণ্ডৰ তদন্তত গুৰুত্ব দিছে বুলি জানিবলৈ দিছে।

এই সমগ্ৰ ঘটনাত তৃতীয় এজন ব্যক্তিৰো নাম সাঙোৰ খাই পৰিছে। সূত্ৰৰ পৰা জানিব পৰা মতে, মহাৰাষ্ট্ৰৰ বীড জিলাৰ নিবাসী আৰু বৰ্তমান পুনেৰ বালেওৱাড়ীত কৰ্মৰত চেতনৰ এজন সহপাঠীৰ সৈতে ছিয়া আৰু চেতনে এই হত্যাকাণ্ডৰ পৰিকল্পনাৰ বিষয়ে আলোচনা কৰিছিল। আনকি ১৮ জুনত তেওঁক লোহাগড় দুৰ্গলৈ যাবলৈও নিমন্ত্ৰণ জনোৱা হৈছিল যদিও তেওঁ যোৱা নাছিল। সূত্ৰই দাবী কৰা অনুসৰি, এই যুৱকজনে অভিযুক্ত দুজনক এনে কাম নকৰিবলৈ পৰামৰ্শ দিছিল। হত্যাকাণ্ডৰ পিছতো অভিযুক্ত দুজনে এই যুৱকজনৰ সৈতে যোগাযোগ কৰিছিল বুলি সন্দেহ কৰা হৈছে আৰু আৰক্ষীয়ে কল ৰেকৰ্ড আৰু ডিজিটেল প্ৰমাণৰ আধাৰত সমগ্ৰ বিষয়টোৰ তদন্ত অব্যাহত ৰাখিছে।

ইয়াৰ পূৰ্বে বৃহস্পতিবাৰে আৰক্ষীয়ে ছিয়াক পুনেৰ চুল্লানগৰৰ এটা স্থানলৈ লৈ গৈছিল, য‘ত মে‘ মাহত তেওঁলোকে পাহাৰৰ পৰা মানুহ ঠেলি দিয়াৰ আখৰা কৰিছিল বুলি সন্দেহ কৰা হৈছে। ছিয়াই সেই স্থানখিনি চিনাক্ত কৰা বুলিও আৰক্ষীয়ে জানিবলৈ দিছে। ইফালে, দুয়োগৰাকী অভিযুক্তৰ পলিগ্ৰাফ পৰীক্ষা কৰিবলৈ পুনে গ্ৰাম্য আৰক্ষীয়ে ভাদগাওঁ মাৱল আদালতৰ কাষ চাপিছে। আদালতৰ অনুমতি আৰু অভিযুক্তৰ সন্মতি সাপেক্ষেহে এই পৰীক্ষা কৰা হ‘ব। আনহাতে, আৰক্ষীয়ে ছিয়াৰ ঘৰৰ পৰা ১৮ জুনত পিন্ধা বুলি সন্দেহ কৰা কাপোৰ উদ্ধাৰ কৰিছে আৰু ফৰেনছিক পৰীক্ষাৰ বাবে প্ৰেৰণ কৰিছে। এই সমগ্ৰ ঘটনাৰ প্ৰকৃত সময়সীমা নিৰ্ধাৰণ কৰিবলৈ আৰক্ষীয়ে ম‘বাইলৰ তথ্য, কল ৰেকৰ্ড আৰু অন্যান্য ডিজিটেল প্ৰমাণ সংগ্ৰহ কৰিছে।

 

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

অসমত গঠন হ’ব ৮ খন নতুন উপ-জিলা : স্বাধীনতা  দিৱসৰ দিনা ঘোষণা মুখ্যমন্ত্ৰীৰ

অসমত গঠন হ’ব ৮ খন নতুন উপ-জিলা : স্বাধীনতা  দিৱসৰ দিনা ঘোষণা মুখ্যমন্ত্ৰীৰ

August 15, 2026 1:31 pm
একেৰাহে দ্বিতীয় বছৰ! লালকিল্লাত স্বাধীনতা দিৱস উদযাপনত অনুপস্থিত খাৰ্গে-ৰাহুল গান্ধী

একেৰাহে দ্বিতীয় বছৰ! লালকিল্লাত স্বাধীনতা দিৱস উদযাপনত অনুপস্থিত খাৰ্গে-ৰাহুল গান্ধী

August 15, 2026 1:00 pm
ইৰাণ যুদ্ধত ডাঙৰ বিপৰ্যয়ৰ সন্মুখীন আমেৰিকা; হেৰুৱাইছে ৪৫খন এমকিউ ৯ ৰিপাৰ ড্ৰ’ন

ইৰাণ যুদ্ধত ডাঙৰ বিপৰ্যয়ৰ সন্মুখীন আমেৰিকা; হেৰুৱাইছে ৪৫খন এমকিউ ৯ ৰিপাৰ ড্ৰ’ন

August 15, 2026 11:56 am
স্মৃতিৰ কেলেণ্ডাৰত ১৫ আগষ্ট ২০০৪ : ধেমাজীয়ে সুধিব খুজিছে – আমি কিমান স্বাধীন? ‎

স্মৃতিৰ কেলেণ্ডাৰত ১৫ আগষ্ট ২০০৪ : ধেমাজীয়ে সুধিব খুজিছে – আমি কিমান স্বাধীন? ‎

August 15, 2026 10:56 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

অসমত গঠন হ’ব ৮ খন নতুন উপ-জিলা : স্বাধীনতা  দিৱসৰ দিনা ঘোষণা মুখ্যমন্ত্ৰীৰ

অসমত গঠন হ’ব ৮ খন নতুন উপ-জিলা : স্বাধীনতা  দিৱসৰ দিনা ঘোষণা মুখ্যমন্ত্ৰীৰ

August 15, 2026 1:31 pm
একেৰাহে দ্বিতীয় বছৰ! লালকিল্লাত স্বাধীনতা দিৱস উদযাপনত অনুপস্থিত খাৰ্গে-ৰাহুল গান্ধী

একেৰাহে দ্বিতীয় বছৰ! লালকিল্লাত স্বাধীনতা দিৱস উদযাপনত অনুপস্থিত খাৰ্গে-ৰাহুল গান্ধী

August 15, 2026 1:00 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd