• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Friday, January 22, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

নৰ্থ-ইষ্ট য়ুনাইটেড এফ চি একাডেমিৰ মুখ্য প্ৰশিক্ষকৰ ৰূপত খালিদ জামিল

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , June 20, 2019 5:27 pm

2 min read

NEUFC
735
VIEWS
Share on FacebookShare on Twitter

আই লীগৰ প্ৰাক্তন চেম্পিয়ন আইজল এফ চি তথা কলকাতাৰ ইষ্ট বেংগল আৰু মোহন বাগানৰ প্ৰশিক্ষক খালিদ জামিল হ’ব নৰ্থ-ইষ্ট য়ুনাইটেড এফ চি একাডেমিৰ মুখ্য প্ৰশিক্ষক আৰু দলটোৰ সহকাৰী প্ৰশিক্ষক।

কুৱেইটত জন্মগ্ৰহণ কৰা খালিদক নৰ্থ-ইষ্ট য়ুনাইটেডে তিনি বছৰৰ বাবে চুক্তিবদ্ধ কৰিছে। তেওঁ ভাৰতীয় ফুটবল দলৰ হৈ সাতখন মেচত অংশ গ্ৰহণ কৰিছিল। ২০০১ চনত ভাৰতীয় দলত অভিষেক ঘটিছিল খালিদৰ।

১২ বছৰীয়া ফুটবল কেৰিয়াৰত খালিদে ভাৰতৰ আগশাৰীৰ তিনিটা ক্লাবৰ হৈ খেলিছিল। খেলবিধৰ পৰা ২০০৯ চনত অৱসৰ লয়। আৰু তাৰ পিছৰ পৰাই প্ৰশিক্ষক হিচাপে নিজকে প্ৰস্তুত কৰাত গুৰুত্ব প্ৰদান কৰে।

আই লীগত প্ৰতিদ্বন্দ্বিতা কৰা আইজল এফ চিৰ মুখ্য প্ৰশিক্ষক হিচাপে খালিদে ২০১৭ চনত দায়িত্ব গ্ৰহণ কৰে। দায়িত্ব গ্ৰহণ কৰিয়ে খালিদৰ নেতৃত্বত আইজল এফ চিয়ে আই লীগৰ খিতাপ দখল কৰে। আই লীগৰ খিতাপ দখল কৰা আইজল এফ চি হৈছে উত্তৰ-পূবৰ একমাত্ৰ ফুটবল ক্লাব।

প্ৰশিক্ষক হিচাপে প্ৰথমটো বছৰতে চমক সৃষ্টি কৰা খালিদক কলকাতাৰ প্ৰসিদ্ধ ক্লাব ইষ্ট বেংগলে অভিলেখ সংখ্যক ১.২৫ কোটি টকাত চুক্তিবদ্ধ কৰে।

ইয়াৰ পিছতে চলিত বছৰৰ জানুৱাৰিত তেওঁ ইষ্ট বেংগল এৰি কলকাতাৰে আন এটা ঐতিহাসিক ক্লাব মোহন বাগান এফ চিত মুখ্য প্ৰশিক্ষকৰ দায়িত্ব গ্ৰহণ কৰে। কিন্তু নৰ্থ-ইষ্ট য়ুনাইটেডৰ স্বত্তাধিকাৰী জন আব্ৰাহামৰ অনুৰোধত খালিদে ১৯ জুনত নৰ্থ-ইষ্ট য়ুনাইটেডত যোগ দিয়াৰ সিদ্ধান্ত লয়।

ক্লাবটোত চুক্তিবদ্ধ হোৱাত খালিদে কয়, ‘ক্লাবৰ মেনেজমেণ্টে মোৰ ওপৰত কৰা বিশ্বাস আৰু এই সুযোগ দিয়াৰ বাবে তেওঁলোকক ধন্যবাদ জনাইছো। ক্লাবটোৰ সহকাৰী প্ৰশিক্ষক হিচাপে মই মোৰ নিজৰ সৰ্বোচ্চ দিয়াৰ চেষ্টা কৰিম। প্ৰথমবাৰৰ বাবে মই আই এছ এলত কাম কৰাৰ সুযোগ পাইছো আৰু মই সম্পূৰ্ণ আত্মবিশ্বাসী যে দলটোৱে যোৱাবাৰৰ দৰে ভাল প্ৰদৰ্শন কৰিব।

Recent News

পোনপ্ৰথমবাৰলৈ আছুৰ শ্বহীদ ন্যাসৰ সন্মুখত বিজেপি চৰকাৰৰ আৰক্ষীয়ে লগালে প্ৰকাণ্ড বেৰিকেড

পোনপ্ৰথমবাৰলৈ আছুৰ শ্বহীদ ন্যাসৰ সন্মুখত বিজেপি চৰকাৰৰ আৰক্ষীয়ে লগালে প্ৰকাণ্ড বেৰিকেড

Modi-speech-696

প্ৰধানমন্ত্ৰী মোদীৰ শিৱসাগৰ ভ্ৰমণ আৰু কিছু প্ৰাসংগিক কথা…

জোঁৰ সমদলত বাধা দিয়া আৰক্ষীৰ উচ্চপদস্থ বিষয়াক জবাবদিহি কৰিলে সমুজ্জ্বল ভট্টাচাৰ্য্যই

জোঁৰ সমদলত বাধা দিয়া আৰক্ষীৰ উচ্চপদস্থ বিষয়াক জবাবদিহি কৰিলে সমুজ্জ্বল ভট্টাচাৰ্য্যই

বোকাখাতত কৃষি আৰু উদ্যান শস্য মেলা, ভাৰ্চুৱেল আলোচনাত অংশগ্ৰহণ বিদেশী বিশেষজ্ঞৰ

বোকাখাতত কৃষি আৰু উদ্যান শস্য মেলা, ভাৰ্চুৱেল আলোচনাত অংশগ্ৰহণ বিদেশী বিশেষজ্ঞৰ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd