ব্ৰিটেইনৰ পিছত এইবাৰ আমেৰিকা! ছান ফ্ৰান্সিস্কোত থকা ভাৰতীয় দূতাবাসত তাণ্ডৱ খালিস্তানী পন্থীৰ

ফটো: সংগ্ৰিহীত।

এইবাৰ খালিস্তানপন্থী অমৃতপালৰ সমৰ্থকসকলে আমেৰিকা যুক্তৰাষ্ট্ৰৰ ছান ফ্ৰান্সিস্কোত থকা ভাৰতীয় দূতাবাসত সোমবাৰে তাণ্ডৱ চলায়। তাত তেওঁলোকে দূতাবাসৰ খিৰিকী আৰু দুৱাৰৰ গ্লাছ ভাঙি চূৰ্ণ-বিচূৰ্ণ কৰে। ইয়াৰ পূৰ্বে, লণ্ডনৰ ভাৰতীয় উচ্চায়োগত খলিস্তানীপন্থীসকলৰ বিৰুদ্ধে ত্ৰিৰংগাক অপমান কৰাৰ  অভিযোগ উত্থাপিত হৈছিল।

পঞ্জাৱৰ খলিস্তানী নেতা অমৃতপাল সিঙক মুক্তি দিব লাগিব। খালিস্তানীসকলৰ বিৰুদ্ধে ছান ফ্ৰান্সিস্কোত ভাৰতীয় দূতাবাসত আক্ৰমণ কৰাৰ অভিযোগ উত্থাপিত হৈছে। সোমবাৰে দূতাবাসৰ পৰা খালিস্তানৰ হালধীয়া পতাকা অঁতৰাই দিয়াৰ পিছতে আক্ৰমণটো সংঘটিত হৈছিল। দূতাবাসৰ দেৱালত ‘ ফ্ৰী অমৃতপাল’ লিখা গ্ৰাফিটিও দেখা পোৱা গৈছে।

লগতে পঢ়ক: প্ৰৱঞ্চক মেহুল চোকছিৰ বিৰুদ্ধে ৰেড নটিচ প্ৰত্যাহাৰ কৰিলে ইণ্টাৰপোলে; কি হ’ব এতিয়া?

অমৃতপালৰ মুক্তিৰ দাবী উত্থাপন কৰা হৈছে যদিও আৰক্ষীয়ে তেওঁক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হোৱা নাই। তাৰ পৰিৱৰ্তে তেওঁ আৰক্ষীৰ চকুত ধুলি দি পলাই গৈছিল। ইফালে, সোমবাৰে ছ’চিয়েল মিডিয়াত ছান ফ্ৰান্সিস্কোত ভাৰতীয় দূতাবাসত হোৱা আক্ৰমণৰ কেইবাটাও ভিডিঅ’ ভাইৰেল হৈ পৰে।

সূত্ৰ অনুসৰি, দেখা গৈছিল যে বহুলোকে খালিস্তানৰ হালধীয়া পতাকাৰ লাঠিৰ অংশৰে দূতাবাসৰ মূল দুৱাৰৰ গ্লাছ ভাঙি আছিল। তেওঁলোকে দূতাবাসতো প্ৰৱেশ কৰিছিল। পিছত তাতো তাণ্ডৱ চলোৱাৰ অভিযোগ উঠিছে।

ছান ফ্ৰান্সিস্কোৰ আগতে লণ্ডনৰ ভাৰতীয় দূতাবাসত খালিস্তানী পন্থীসকলে একে ধৰণে আক্ৰমণ কৰিছিল। তেওঁলোকৰ বিৰুদ্ধে অভিযোগ আছিল যে লণ্ডনৰ দূতাবাসত ভাৰতীয় জাতীয় পতাকা নমাই দিয়া হৈছিল। ভিডিঅ’টো সামাজিক মাধ্যমতো ভাইৰেল হৈছিল। আক্ৰমণৰ পিছত ব্ৰিটিছ উপ উচ্চায়ুক্তক বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে মাতি পঠিয়াইছিল।

লগতে পঢ়ক: প্ৰেমে বয়স নামানে! ৯২ বছৰ বয়সত পঞ্চম বিবাহৰ বাবে সাজু মিডিয়া সম্ৰাট ৰুপাৰ্ট মৰ্ডক; কইনা কোন?

ইয়াৰ পূৰ্বে, কংগ্ৰেছৰ সাংসদ শশী থাৰুৰে ব্ৰিটেইনৰ ভাৰতীয় দূতাবাসত সংঘটিত ঘটনাক তীব্ৰ সমালোচনা কৰিছিল। তেওঁ কৈছিল যে ঘটনাটোৰ পৰিপ্ৰেক্ষিতত ব্ৰিটিছ কৰ্তৃপক্ষই কঠোৰ ব্যৱস্থা লোৱা উচিত। এই ঘটনাটোৰ সন্দৰ্ভত এজন লোকক গ্ৰেপ্তাৰ কৰা হৈছিল।