ইৰাণৰ সৰ্বোচ্চ নেতা আয়াতুল্লাহ আলী খামেনিৰ শেহতীয়া হত্যাকাণ্ডৰ প্ৰসংগত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নীৰৱতাক লৈ প্ৰশ্ন উত্থাপন কৰিছে লোকসভাৰ বিৰোধী দলৰ নেতা ৰাহুল গান্ধীয়ে। ভাৰত চৰকাৰক এক স্পষ্ট নৈতিক স্থিতি গ্ৰহণৰ আহ্বান জনাই কংগ্ৰেছ নেতাগৰাকীয়ে কয় যে, এগৰাকী ৰাষ্ট্ৰমুৰব্বীৰ এনে হত্যাকাণ্ডক বিশ্ব শৃংখলা নিৰ্ধাৰণৰ এক মাধ্যম হিচাপে প্ৰধানমন্ত্ৰীয়ে সমৰ্থন কৰে নেকি, সেই বিষয়ে তেওঁ অনতিপলমে নিজৰ মত স্পষ্ট কৰা উচিত।
সামাজিক মাধ্যম ‘এক্স’ত প্ৰকাশ কৰা এক বিবৃতিত গান্ধীয়ে উল্লেখ কৰে যে এনে পৰিস্থিতিত গ্ৰহণ কৰা নীৰৱতাই বিশ্ব দৰবাৰত ভাৰতৰ মৰ্যাদা লাঘৱ কৰিছে। তেওঁ কয় যে ভাৰতৰ বৈদেশিক নীতি সদায় সাৰ্বভৌমত্ব আৰু বিবাদৰ শান্তিপূৰ্ণ সমাধানৰ ওপৰত আধাৰিত, সেয়েহে এই ক্ষেত্ৰত দেশখনে আন্তঃৰাষ্ট্ৰীয় আইন আৰু মানৱ জীৱন ৰক্ষাৰ স্বাৰ্থত নিৰ্ভীকভাৱে মাত মতা উচিত। ইয়াৰ পূৰ্বে কংগ্ৰেছ সংসদীয় দলৰ অধ্যক্ষা ছোনিয়া গান্ধীয়েও ‘ইণ্ডিয়ান এক্সপ্ৰেছ’ কাকতত প্ৰকাশিত এক প্ৰবন্ধৰ জৰিয়তে খামেনিৰ হত্যাকাণ্ডৰ সন্দৰ্ভত ভাৰত চৰকাৰৰ নীৰৱতাক লৈ প্ৰশ্ন উত্থাপন কৰিছিল।
আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু ইজৰাইলৰ আক্ৰমণৰ পিছত পশ্চিম এছিয়াত ক্ৰমাৎ বৃদ্ধি পোৱা সংঘাতৰ প্ৰতি উদ্বেগ প্ৰকাশ কৰি গান্ধীয়ে কয় যে ইয়াৰ ফলত সমগ্ৰ অঞ্চলটো এক ভয়াৱহ পৰিস্থিতিৰ দিশে অগ্ৰসৰ হৈছে। অঞ্চলটোত থকা প্ৰায় এক কোটি ভাৰতীয়কে ধৰি কোটি কোটি লোকৰ ভৱিষ্যতক লৈ অনিশ্চয়তাৰ সৃষ্টি হৈছে বুলি তেওঁ উল্লেখ কৰে। নিৰাপত্তাজনিত উদ্বেগসমূহ স্বীকাৰ কৰাৰ সমান্তৰালকৈ তেওঁ সাৰ্বভৌমত্ব উলংঘা কৰা যিকোনো আক্ৰমণক গৰিহণা দিয়ে। ইৰাণৰ ওপৰত হোৱা একপক্ষীয় আক্ৰমণ আৰু আন মধ্যপ্ৰাচ্যৰ দেশসমূহৰ ওপৰত ইৰাণৰ আক্ৰমণ, দুয়োটাকে গৰিহণা দি তেওঁ কয় যে হিংসাই কেৱল হিংসাৰ জন্ম দিয়ে, সেয়েহে শান্তিৰ একমাত্ৰ পথ হৈছে আলোচনা আৰু সংযম।
ইপিনে, ইৰাণৰ সৰ্বোচ্চ নেতাজনৰ মৃত্যুৰ পাছতো প্ৰধানমন্ত্ৰী মোদীয়ে বৰ্তমানলৈকে কোনো আনুষ্ঠানিক বিবৃতি প্ৰদান কৰা নাই। অৱশ্যে যোৱা ২ মাৰ্চত তেওঁ চৌদি আৰৱৰ ক্ৰাউন প্ৰিন্স মহম্মদ বিন ছলমানৰ সৈতে টেলিফোনযোগে বাৰ্তালাপ কৰি দেশখনৰ ভূখণ্ডত হোৱা শেহতীয়া ক্ষেপণাস্ত্ৰ আৰু ড্ৰোণ আক্ৰমণক গৰিহণা দিছিল। ইয়াৰ পূৰ্বে তেওঁ সংযুক্ত আৰৱ আমিৰশ্বাহীৰ নেতৃত্ব আৰু ইজৰাইলৰ প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতানিয়াহুৰ সৈতেও বাৰ্তালাপ কৰি শত্ৰুতাৰ অন্ত পেলোৱাৰ আহ্বান জনাইছিল। সোমবাৰে কানাডাৰ প্ৰধানমন্ত্ৰী মাৰ্ক কাৰ্নিৰ সৈতে এক যুটীয়া সংবাদমেল সম্বোধন কৰি প্ৰধানমন্ত্ৰী মোদীয়ে স্পষ্ট কৰে যে ভাৰতে আলোচনা আৰু কূটনীতিৰ জৰিয়তে সংঘাতৰ সমাধান বিচৰাৰ লগতে পশ্চিম এছিয়াত থকা ভাৰতীয়সকলৰ নিৰাপত্তা নিশ্চিত কৰিবলৈ সংশ্লিষ্ট দেশসমূহৰ সৈতে কাম কৰি যাব। ভাৰত চৰকাৰৰ ৰাজহুৱা বিবৃতিসমূহত শেহতীয়াকৈ সাৰ্বভৌমত্ব, ভূখণ্ডৰ অখণ্ডতা আৰু অসামৰিক লোকৰ নিৰাপত্তাৰ ওপৰত ধাৰাবাহিকভাৱে গুৰুত্ব আৰোপ কৰা পৰিলক্ষিত হৈছে।





