• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, October 12, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

বিতৰ্কৰ মাজতে আবেগিক হৈ পৰিল খান ছাৰ, বিপৰ্যয়ৰ সময়ত পিতৃয়ে দিলে সাহস, জানক সবিশেষ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
June 7, 2026 2:05 pm
49
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বিহাৰৰ ৰাজধানী পাটনাৰ মুছল্লাপুৰ হাট এতিয়া সমগ্ৰ দেশতে চৰ্চাৰ কেন্দ্ৰবিন্দু হৈ পৰিছে। খান গ্ল’বেল ষ্টাডিজৰ প্ৰতিষ্ঠাপক খান ছাৰ আৰু জ্ঞান বিন্দু জি এছ একাডেমীৰ পৰিচালক ৰৌচন আনন্দৰ মাজত সৃষ্টি হোৱা আধিপত্যৰ যুঁজে দুয়োকে এক কঠিন পৰিস্থিতিৰ মাজলৈ ঠেলি দিছে। ইয়াৰ মাজতে খান ছাৰৰ এটা ভিডিঅ’ পোহৰলৈ আহিছে, য’ত তেওঁ লাইভ ক্লাছৰ সময়ত ছাত্ৰ-ছাত্ৰীসকলৰ সৈতে কথা পাতি থকা অৱস্থাত অত্যন্ত আবেগিক হৈ পৰা দেখা গৈছে। ভিডিঅ’টোত খান ছাৰে তেওঁ আত্মগোপন কৰাৰ খবৰ মিছা বুলি প্ৰমাণ কৰাৰ লগতে এই সংকটৰ সময়ত পিতৃৰ পৰা পোৱা সাহসৰ বাৰ্তাৰ বিষয়েও উল্লেখ কৰিছে।

খান ছাৰে তেওঁৰ পিতৃৰ উপদেশ আৰু ফোনত হোৱা বাৰ্তালাপৰ কথা শ্বেয়াৰ কৰি কয় যে পিতৃ সকলো সময়তে পিতৃয়েই হয়। তেওঁৰ পিতৃয়ে কৈছিল যে যিদৰে একাংশ মানুহে তেওঁৰ বিৰুদ্ধে ষড়যন্ত্ৰ ৰচনা কৰিছে আৰু টিভি চেনেলসমূহত দেখুৱাইছে, তাৰ মাজতে যদি তেওঁ জীৱনত কেতিয়াবা কিবা এটা সৰু ভুল কামো কৰিলেহেঁতেন, তেন্তে আজি বিৰোধীসকলে তেওঁক শেষ কৰি দিলেহেঁতেন। পিতৃৰ মতে, এই সমগ্ৰ বিতৰ্ক আচলতে তেওঁৰ জীৱনৰ এটা ডাঙৰ পৰীক্ষা বা অডিট হিচাপে প্ৰমাণিত হৈছে। বিৰোধী আৰু তদন্তকাৰী সংস্থাসমূহে প্ৰতিটো দিশ সূক্ষ্মভাৱে পৰীক্ষা কৰাৰ পিছতেও তেওঁৰ কোনো আসোঁৱাহ বিচাৰি পোৱা নাই। যদি কিবা খেলিমেলি থাকিলহেঁতেন, তেন্তে শত্ৰুৱে আজি তেওঁক কোনো কামৰ যোগ্য কৰি নাৰাখিলেহেঁতেন।

Apply Now

ইয়াৰ উপৰিও যোৱা ২ জুনৰ নিশা কোচিং কেন্দ্ৰত হোৱা আক্ৰমণ আৰু আৰক্ষীয়ে তেওঁৰ দুজন ব্যক্তিগত নিৰাপত্তাৰক্ষীক গ্ৰেপ্তাৰ কৰা ঘটনাক লৈও খান ছাৰে ক্ষোভ প্ৰকাশ কৰে। তেওঁ প্ৰশ্ন কৰে যে যদি কোনোবাই তেওঁলোকৰ ওপৰত বা কোচিং কেন্দ্ৰত পুনৰ আক্ৰমণ কৰে, তেন্তে তেওঁলোকে ফুল বৰ্ষণ কৰিব নে হাত জোৰ কৰি আক্ৰমণকাৰীৰ বাবে ৰৈ থাকিব। নিজৰ নিৰাপত্তাৰক্ষীজনক এজন দুখীয়া আৰু সৰল যুৱক বুলি অভিহিত কৰি তেওঁ কয় যে সেই যুৱকজনে কেৱল নিৰাপত্তাৰ দায়িত্বই পালন কৰা নাছিল, বৰং গৰুৰ গাখীৰ খীৰোৱা আৰু পথৰ কুকুৰক খাদ্য খুৱোৱাৰ দৰে কামো কৰিছিল। তেওঁ দাবী কৰে যে নিৰাপত্তাৰক্ষীজনৰ একমাত্ৰ অপৰাধ আছিল যে তেওঁ এজন আহত শিশুক ৰক্ষা কৰিবলৈ আৰু আত্মৰক্ষাৰ বাবে আকাশলৈ গুলীচালনা কৰিছিল যাতে উত্তেজিত জনতাহে তেওঁৰ ওপৰত প্ৰাণঘাতী আক্ৰমণ কৰিব নোৱাৰে।

ভিডিঅ’টোত খান ছাৰে নিজৰ সুৰক্ষাতকৈ তেওঁ চলাই থকা দাতব্য চিকিৎসালয়খনক লৈহে অধিক চিন্তা প্ৰকাশ কৰে। তেওঁ অভিযোগ কৰে যে এই বিবাদ কেৱল কোচিং কেন্দ্ৰৰ আধিপত্যৰ যুঁজ নহয়, বৰং দৰিদ্ৰ ৰোগীসকলৰ মাত্ৰ ৫০ টকাত চিকিৎসা সেৱা আগবঢ়োৱা আশাৰ প্ৰদীপটোক ভাঙি পেলোৱাৰ এক গভীৰ ষড়যন্ত্ৰ। তেওঁ আশংকা প্ৰকাশ কৰে যে বিৰোধীসকলে তেওঁৰ প্ৰগতিক বাধা দিবলৈ চিকিৎসালয়খনতো আক্ৰমণ কৰিব পাৰে। অতি আবেগিক হৈ খান ছাৰে কয় যে আত্মৰক্ষাৰ বাবে কৰা গুলীচালনাক যিদৰে বিকৃত ৰূপত উপস্থাপন কৰা হৈছে, তাক দেখি এতিয়া এনে লাগিছে যেন ভগৱানে দিয়া এই জীৱন বেছি দিন নিটিকে।

উল্লেখ্য যে, এই বিতৰ্কৰ আৰম্ভণি হৈছিল তেতিয়া, যেতিয়া জ্ঞান বিন্দু একাডেমীৰ ঠিক কাষতে খান ছাৰৰ প্ৰতিষ্ঠানৰ এটা ডাঙৰ হৰ্ডিং লগোৱা হৈছিল। সেই হৰ্ডিংখনত দাৰোগা নিযুক্তি পৰীক্ষাত ১২,০০০ ছাত্ৰ-ছাত্ৰী উত্তীৰ্ণ হোৱাৰ দাবী কৰা হৈছিল। ইয়াৰ পিছতে জ্ঞান বিন্দু একাডেমীৰ সমৰ্থকসকলে ভাবিছিল যে খান ছাৰে তেওঁলোকৰ কৃতিত্ব কাঢ়ি লবলৈ চেষ্টা কৰিছে। ইয়াৰ পৰিণতিত যোৱা ২ জুনৰ নিশা খান ছাৰৰ কোচিং কেন্দ্ৰত শিলগুটি নিক্ষেপ আৰু ভাঙি-ছিঙি লণ্ডভণ্ড কৰা হয়। ঘটনাৰ সন্দৰ্ভত আৰক্ষীয়ে ব্যৱস্থা গ্ৰহণ কৰি জ্ঞান বিন্দু একাডেমীৰ সঞ্চালক ৰৌচন আনন্দক গ্ৰেপ্তাৰ কৰি জেললৈ প্ৰেৰণ কৰে। কিন্তু ইয়াৰ পিছতে ঘটনাটোৱে নতুন মোৰ লয়, যেতিয়া খান ছাৰৰ নিৰাপত্তাৰক্ষীয়ে শূন্যলৈ গুলী চলোৱাৰ এটা ভিডিঅ’ ভাইৰেল হয়। নিৰাপত্তাৰক্ষী কেইজনে আৰক্ষীক জনায় যে তেওঁলোকে খান ছাৰৰ নিৰ্দেশতহে গুলী চলাইছিল। ইয়াৰ পিছতে পাটনা আৰক্ষীয়ে খান ছাৰৰ বিৰুদ্ধেও হত্যাৰ চেষ্টাৰ গোচৰ ৰুজু কৰিছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

শান্তিপূৰ্ণ প্ৰতিবাদত অংশ লোৱাৰ অধিকাৰ প্ৰতিজন অধিবক্তাৰ আছে: স্পষ্ট কৰিলে মুখ্য ন্যায়াধীশ সূৰ্য কান্তে

শান্তিপূৰ্ণ প্ৰতিবাদত অংশ লোৱাৰ অধিকাৰ প্ৰতিজন অধিবক্তাৰ আছে: স্পষ্ট কৰিলে মুখ্য ন্যায়াধীশ সূৰ্য কান্তে

October 12, 2026 9:15 pm
“উচ্চ ন্যায়ালয়ৰ সিদ্ধান্তৰ ওপৰত আমি একো কৰিব নোৱাৰোঁ,” অমৃতপ্ৰভা মহন্তৰ জামিনক লৈ মুখ খুলিলে হিমন্ত বিশ্ব শৰ্মাই

“উচ্চ ন্যায়ালয়ৰ সিদ্ধান্তৰ ওপৰত আমি একো কৰিব নোৱাৰোঁ,” অমৃতপ্ৰভা মহন্তৰ জামিনক লৈ মুখ খুলিলে হিমন্ত বিশ্ব শৰ্মাই

October 12, 2026 8:00 pm
গণতন্ত্ৰৰ বাবে প্রতিষ্ঠানৰ ওপৰত আস্থা কিমান গুৰুত্বপূৰ্ণ?

গণতন্ত্ৰৰ বাবে প্রতিষ্ঠানৰ ওপৰত আস্থা কিমান গুৰুত্বপূৰ্ণ?

October 12, 2026 7:00 pm
সঞ্জীৱ নাৰায়ণৰ ভাইৰেল ফোনালাপক লৈ ৰহস্য অব্যাহত! স্পষ্টীকৰণক লৈ প্ৰশ্ন সাংবাদিক সুশীল পাটোৱাৰীৰ

সঞ্জীৱ নাৰায়ণৰ ভাইৰেল ফোনালাপক লৈ ৰহস্য অব্যাহত! স্পষ্টীকৰণক লৈ প্ৰশ্ন সাংবাদিক সুশীল পাটোৱাৰীৰ

October 12, 2026 6:12 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

শান্তিপূৰ্ণ প্ৰতিবাদত অংশ লোৱাৰ অধিকাৰ প্ৰতিজন অধিবক্তাৰ আছে: স্পষ্ট কৰিলে মুখ্য ন্যায়াধীশ সূৰ্য কান্তে

শান্তিপূৰ্ণ প্ৰতিবাদত অংশ লোৱাৰ অধিকাৰ প্ৰতিজন অধিবক্তাৰ আছে: স্পষ্ট কৰিলে মুখ্য ন্যায়াধীশ সূৰ্য কান্তে

October 12, 2026 9:15 pm
“উচ্চ ন্যায়ালয়ৰ সিদ্ধান্তৰ ওপৰত আমি একো কৰিব নোৱাৰোঁ,” অমৃতপ্ৰভা মহন্তৰ জামিনক লৈ মুখ খুলিলে হিমন্ত বিশ্ব শৰ্মাই

“উচ্চ ন্যায়ালয়ৰ সিদ্ধান্তৰ ওপৰত আমি একো কৰিব নোৱাৰোঁ,” অমৃতপ্ৰভা মহন্তৰ জামিনক লৈ মুখ খুলিলে হিমন্ত বিশ্ব শৰ্মাই

October 12, 2026 8:00 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd