• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, September 11, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

খানাপাৰা চৰকাৰী নিম্ন বুনিয়াদী বিদ্যালয়ৰ দুৰৱস্থাই উদঙাইছে চৰকাৰী শিক্ষাখণ্ডৰ ফোঁপোলা স্বৰূপ

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
September 11, 2018 10:35 pm
School Final Outpot
3
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

পৰিৱৰ্তনকামী বিজেপি চৰকাৰে পৰিবৰ্তনৰ শ্ল’গান দি শাসনলৈ আহি শিক্ষা বিভাগৰ আমুল পৰিৱৰ্তন সাধন কৰিম বুলি কোৱা এইখন চৰকাৰৰ দিনতে খানাপাৰা চৰকাৰী নিম্ন বুনিয়াদী বিদ্যালয়ৰ দুৰৱস্থাই শিক্ষক শিক্ষয়িত্ৰী তথা ছাত্ৰ-ছাত্ৰীৰ মাজত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে।

এবাৰ কল্পনা কৰক! ১৯৩৫ চনতে স্থাপিত এইখন বিদ্যালয়ে এইবছৰ গুণোৎসৱত লাভ কৰিছে এ প্লাছ গ্ৰেড। উল্লেখ্য যে, বিদ্যালয়খনৰ শিক্ষাৰ মানদণ্ড উন্নত হোৱাৰ বাবেই বিদ্যালয়খনে লাভ কৰিছে এ প্লাছ। কিন্তু ন-ন সমস্যাই আগুৰি ধৰি আছে বিদ্যালখনক।

Apply Now

বিদ্যালয়খনৰ আন্তঃগাঁথনিৰ অৱস্থা তেনেই শোচনীয় তথা এজাক বৰষুণতে ৰাস্তাৰ পৰা পানী বাগৰি আহি বিদ্যালয়খনৰ চৌহদত প্ৰবেশ কৰাৰ লগতে শ্ৰেণীকোঠাতো পানী সোমোৱাৰ বাবে বৰষুণ দিলেই পাঠদান বন্ধ ৰাখিব লগীয়া হয়।

বিদ্যালয়খনৰ প্ৰধান শিক্ষয়িত্ৰী ভানুমতী মেধিয়ে নৰ্থ ইষ্ট নাওক জানিবলৈ দিয়া মতে বিগত বহু বছৰ ধৰি বিদ্যালয়খনলৈ আৰ্থিক অনুদান নহাৰ বাবে বিদ্যালয়খনৰ অৱস্থা অতি শোচনীয় হৈছে।

আনহাতে, বিদ্যালয়খনৰ গাতে লাগি থকা নলাটো জিএমচিয়ে নিয়মিতভাবে চাফা নকৰাৰ ফলতেই এজাক বৰষুণতে নলাৰে পানী বাগৰি বিদ্যালয়ৰ শ্ৰেণী কোঠাৰ ভিতৰত সোমায়। যাৰ ফলত ছাত্ৰ-ছাত্ৰী তথা শিক্ষক-শিক্ষয়িত্ৰীয়ে বোকা খচকি শ্ৰেণীকোঠাৰ ভিতৰত প্ৰবেশ কৰে। সেয়েহে শিক্ষক-শিক্ষয়িত্ৰীসকলে নিজৰ গাঁঠিৰ ধন খৰচ কৰি পানী খিনি ওলাই যাব পৰাকৈ নলা নিৰ্মাণ কৰি লৈছে যদিও এজাক বৰষুণতে পুনৰ পানী সোমায়।

তদুপৰি বিদ্যালয়ৰ চৌহদত বিশুদ্ধ খোৱা পানীৰ কোনো সু-ব্যৱস্থা নথকাৰ বাবে বিদ্যালয়ৰ শিক্ষক-শিক্ষয়িত্ৰীয়ে নিজ ধন খৰচ কৰি তিনিদিনৰ মূৰে মূৰে ২০০ টকাকৈ খোৱাপানী কিনিবলগীয়া হয় বুলি বিদ্যালয় কর্তৃপক্ষই জনায়।

আনহাতে, বিদ্যালয়খনত ৩৪৯ গৰাকী ছাত্ৰ-ছাত্ৰীৰ বিপৰীতে ১১ গৰাকী শিক্ষক-শিক্ষয়িত্ৰী আছে যদিও ৪ গৰাকী শিক্ষক-শিক্ষয়িত্ৰীক এন আৰচিৰ কামত নিয়োগ কৰাৰ বাবে পাঠদান কৰাত যথেষ্ট সমস্যাৰ সন্মুখীন হোৱা বুলিও বিদ্যালয়ৰ প্ৰধান শিক্ষয়িত্ৰীগৰাকীয়ে গুৰুতৰ অভিযোগ তোলে।

নানান সমস্যাৰে জুৰুলা কৰা বিদ্যালয়খনৰ ৰান্ধনিগৃহ সৰু হোৱাৰ বাবে এটা শ্ৰেণীকোঠাতে ৰান্ধনিঘৰ সাজি ল’বলগীয়া হৈছে, ডেস্ক-বেঞ্চৰ সংখ্যা পৰ্য্যাপ্ত নহয় তথা বিদ্যালয়খন কেইটিমান কোঠাৰ টিঙ ফুটা হোৱাৰ বাবে ওপৰৰ পৰা পানী পৰে।

উল্লেখযোগ্য যে, মহানগৰীৰ মাজ-মজিয়াৰ এইখন বিদ্যালয়ৰ এনে দুৰৱস্থাই প্ৰকৃতাৰ্থত পোহৰলৈ আনিছে শিক্ষা বিভাগৰ ফোপলা স্বৰূপ। পূৰ্বৰ কংগ্ৰেছ চৰকাৰৰ দিনতো উন্নয়নে ঢুকি নোপোৱা উক্ত বিদ্যালয়খনে বৰ্তমানৰ চৰকাৰৰ শিক্ষাবিভাগৰ তৰফৰ পৰা লাভ কৰিবনে সাহায্য, সেয়া এক লাখটকীয়া প্ৰশ্ন।

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

সোণাপুৰৰ ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথত পুনৰ দুৰ্ঘটনাগ্ৰস্ত বাহন; আহত কেইবাজনো লোক

সোণাপুৰৰ ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথত পুনৰ দুৰ্ঘটনাগ্ৰস্ত বাহন; আহত কেইবাজনো লোক

September 10, 2026 8:39 pm
বিৰোধীৰ অন্তৰ্দ্বন্দ্বক লৈ উদ্বিগ্ন বিশিষ্ট নাগৰিক সমাজ; বিজেপিৰ অপশাসনৰ বিৰুদ্ধে ঐক্যবদ্ধ সংগ্ৰামৰ আহ্বান

বিৰোধীৰ অন্তৰ্দ্বন্দ্বক লৈ উদ্বিগ্ন বিশিষ্ট নাগৰিক সমাজ; বিজেপিৰ অপশাসনৰ বিৰুদ্ধে ঐক্যবদ্ধ সংগ্ৰামৰ আহ্বান

September 10, 2026 8:14 pm
ব্ৰিকছ সন্মিলনৰ বাবে ভাৰতলৈ নাহে বাংলাদেশৰ প্ৰধানমন্ত্ৰী তাৰিক ৰহমান! কি ক’লে ঢাকাই?

ব্ৰিকছ সন্মিলনৰ বাবে ভাৰতলৈ নাহে বাংলাদেশৰ প্ৰধানমন্ত্ৰী তাৰিক ৰহমান! কি ক’লে ঢাকাই?

September 10, 2026 6:02 pm
অতিথিশালাত ২০ দিনৰ মূৰত দম্পতীৰ ৰহস্যমৃত্যু, উদ্ধাৰ মৃতদেহ! সন্ধান ওলাল ‘অপহৃত’ যুৱতীৰ

অতিথিশালাত ২০ দিনৰ মূৰত দম্পতীৰ ৰহস্যমৃত্যু, উদ্ধাৰ মৃতদেহ! সন্ধান ওলাল ‘অপহৃত’ যুৱতীৰ

September 10, 2026 5:16 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

সোণাপুৰৰ ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথত পুনৰ দুৰ্ঘটনাগ্ৰস্ত বাহন; আহত কেইবাজনো লোক

সোণাপুৰৰ ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথত পুনৰ দুৰ্ঘটনাগ্ৰস্ত বাহন; আহত কেইবাজনো লোক

September 10, 2026 8:39 pm
বিৰোধীৰ অন্তৰ্দ্বন্দ্বক লৈ উদ্বিগ্ন বিশিষ্ট নাগৰিক সমাজ; বিজেপিৰ অপশাসনৰ বিৰুদ্ধে ঐক্যবদ্ধ সংগ্ৰামৰ আহ্বান

বিৰোধীৰ অন্তৰ্দ্বন্দ্বক লৈ উদ্বিগ্ন বিশিষ্ট নাগৰিক সমাজ; বিজেপিৰ অপশাসনৰ বিৰুদ্ধে ঐক্যবদ্ধ সংগ্ৰামৰ আহ্বান

September 10, 2026 8:14 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd