পৰিৱৰ্তনকামী বিজেপি চৰকাৰে পৰিবৰ্তনৰ শ্ল’গান দি শাসনলৈ আহি শিক্ষা বিভাগৰ আমুল পৰিৱৰ্তন সাধন কৰিম বুলি কোৱা এইখন চৰকাৰৰ দিনতে খানাপাৰা চৰকাৰী নিম্ন বুনিয়াদী বিদ্যালয়ৰ দুৰৱস্থাই শিক্ষক শিক্ষয়িত্ৰী তথা ছাত্ৰ-ছাত্ৰীৰ মাজত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে।
এবাৰ কল্পনা কৰক! ১৯৩৫ চনতে স্থাপিত এইখন বিদ্যালয়ে এইবছৰ গুণোৎসৱত লাভ কৰিছে এ প্লাছ গ্ৰেড। উল্লেখ্য যে, বিদ্যালয়খনৰ শিক্ষাৰ মানদণ্ড উন্নত হোৱাৰ বাবেই বিদ্যালয়খনে লাভ কৰিছে এ প্লাছ। কিন্তু ন-ন সমস্যাই আগুৰি ধৰি আছে বিদ্যালখনক।
বিদ্যালয়খনৰ আন্তঃগাঁথনিৰ অৱস্থা তেনেই শোচনীয় তথা এজাক বৰষুণতে ৰাস্তাৰ পৰা পানী বাগৰি আহি বিদ্যালয়খনৰ চৌহদত প্ৰবেশ কৰাৰ লগতে শ্ৰেণীকোঠাতো পানী সোমোৱাৰ বাবে বৰষুণ দিলেই পাঠদান বন্ধ ৰাখিব লগীয়া হয়।
বিদ্যালয়খনৰ প্ৰধান শিক্ষয়িত্ৰী ভানুমতী মেধিয়ে নৰ্থ ইষ্ট নাওক জানিবলৈ দিয়া মতে বিগত বহু বছৰ ধৰি বিদ্যালয়খনলৈ আৰ্থিক অনুদান নহাৰ বাবে বিদ্যালয়খনৰ অৱস্থা অতি শোচনীয় হৈছে।
আনহাতে, বিদ্যালয়খনৰ গাতে লাগি থকা নলাটো জিএমচিয়ে নিয়মিতভাবে চাফা নকৰাৰ ফলতেই এজাক বৰষুণতে নলাৰে পানী বাগৰি বিদ্যালয়ৰ শ্ৰেণী কোঠাৰ ভিতৰত সোমায়। যাৰ ফলত ছাত্ৰ-ছাত্ৰী তথা শিক্ষক-শিক্ষয়িত্ৰীয়ে বোকা খচকি শ্ৰেণীকোঠাৰ ভিতৰত প্ৰবেশ কৰে। সেয়েহে শিক্ষক-শিক্ষয়িত্ৰীসকলে নিজৰ গাঁঠিৰ ধন খৰচ কৰি পানী খিনি ওলাই যাব পৰাকৈ নলা নিৰ্মাণ কৰি লৈছে যদিও এজাক বৰষুণতে পুনৰ পানী সোমায়।
তদুপৰি বিদ্যালয়ৰ চৌহদত বিশুদ্ধ খোৱা পানীৰ কোনো সু-ব্যৱস্থা নথকাৰ বাবে বিদ্যালয়ৰ শিক্ষক-শিক্ষয়িত্ৰীয়ে নিজ ধন খৰচ কৰি তিনিদিনৰ মূৰে মূৰে ২০০ টকাকৈ খোৱাপানী কিনিবলগীয়া হয় বুলি বিদ্যালয় কর্তৃপক্ষই জনায়।
আনহাতে, বিদ্যালয়খনত ৩৪৯ গৰাকী ছাত্ৰ-ছাত্ৰীৰ বিপৰীতে ১১ গৰাকী শিক্ষক-শিক্ষয়িত্ৰী আছে যদিও ৪ গৰাকী শিক্ষক-শিক্ষয়িত্ৰীক এন আৰচিৰ কামত নিয়োগ কৰাৰ বাবে পাঠদান কৰাত যথেষ্ট সমস্যাৰ সন্মুখীন হোৱা বুলিও বিদ্যালয়ৰ প্ৰধান শিক্ষয়িত্ৰীগৰাকীয়ে গুৰুতৰ অভিযোগ তোলে।
নানান সমস্যাৰে জুৰুলা কৰা বিদ্যালয়খনৰ ৰান্ধনিগৃহ সৰু হোৱাৰ বাবে এটা শ্ৰেণীকোঠাতে ৰান্ধনিঘৰ সাজি ল’বলগীয়া হৈছে, ডেস্ক-বেঞ্চৰ সংখ্যা পৰ্য্যাপ্ত নহয় তথা বিদ্যালয়খন কেইটিমান কোঠাৰ টিঙ ফুটা হোৱাৰ বাবে ওপৰৰ পৰা পানী পৰে।
উল্লেখযোগ্য যে, মহানগৰীৰ মাজ-মজিয়াৰ এইখন বিদ্যালয়ৰ এনে দুৰৱস্থাই প্ৰকৃতাৰ্থত পোহৰলৈ আনিছে শিক্ষা বিভাগৰ ফোপলা স্বৰূপ। পূৰ্বৰ কংগ্ৰেছ চৰকাৰৰ দিনতো উন্নয়নে ঢুকি নোপোৱা উক্ত বিদ্যালয়খনে বৰ্তমানৰ চৰকাৰৰ শিক্ষাবিভাগৰ তৰফৰ পৰা লাভ কৰিবনে সাহায্য, সেয়া এক লাখটকীয়া প্ৰশ্ন।