ৰাজ্যসভাৰ বিৰোধী নেতা হিচাপে চৰকাৰ আৰু প্ৰধানমন্ত্ৰী মোডীৰ নীতিক সমালোচনা কৰাটো মোৰ অধিকাৰ। অৱশ্যে তাৰ বাবেই মোৰ ভাষণৰ এক বৃহৎ অংশ ৰেকৰ্ডৰ পৰা কাটি পেলোৱা হৈছে। শুকুৰবাৰে এই অভিযোগ উত্থাপন কৰে কংগ্ৰেছৰ সভাপতি মল্লিকাৰ্জুন খাৰ্গেই।
জিৰ’ আৱাৰৰ পিছত তেওঁ এই বিষয়টো উত্থাপন কৰে। ৰাজ্যসভাৰ বিৰোধী নেতাই তেওঁৰ ভাষণৰ কৰ্তন কৰা অংশ সদনৰ ৰেকৰ্ডত অন্তৰ্ভুক্ত কৰিবলৈ দাবী জনায়। নহ’লে সেই অংশটো তেওঁ ৰাজহুৱা কৰিব।
অৱশ্যে ৰাজ্যসভাৰ অধ্যক্ষ চি পি ৰাধাকৃষ্ণনে কয় যে ৰেকৰ্ডৰ পৰা যি বাদ দিয়া হৈছে, সেয়া বাহিৰত প্ৰকাশ কৰিব নোৱাৰিব। বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণেও আপত্তি কৰে।
কিন্তু কংগ্ৰেছৰ জ্যেষ্ঠ নেতাগৰাকীয়ে ইয়াতে থমকি নৰৈ ক’লে যে সংসদীয় ব্যৱস্থাৰ পৰা সামাজিক ন্যায়, উপযুক্ত উদাহৰণ আৰু ঘটনাকে ধৰি বিভিন্ন গুৰুত্বপূৰ্ণ কথা তুলি ধৰিছিলো। কিন্তু সেই ৪ ফেব্ৰুৱাৰীৰ ভাষণৰ বিভিন্ন অংশ বাদ দি ৰাজ্যসভাৰ ৱেবছাইটত প্ৰকাশ কৰা হৈছে।
খাৰ্গেৰ দাবী অনুসৰি কৰ্তন কৰা অংশটো ঘূৰাই দিবলৈ সন্মত নহ’ল অধ্যক্ষগৰাকীয়ে। স্বাভাৱিকতে কংগ্ৰেছৰ জ্যেষ্ঠ নেতাগৰাকীয়ে বিষয়টোকলৈ সৰৱ হৈ পৰে। তেওঁ কয়, ‘মই লক্ষ্য কৰিলোঁ যে বৰ্তমান চৰকাৰৰ কাৰ্যকালত মই সংসদীয় পদ্ধতি আৰু মোডী চৰকাৰৰ নীতি সন্দৰ্ভত যিবোৰ প্ৰশ্ন উত্থাপন কৰিছিলো, সেইবোৰ অংশই ৰেকৰ্ডৰ পৰা বাদ পৰিছে।
খাৰ্গেই লগতে কয় যে যদি অধ্যক্ষই চৰকাৰ আৰু মোদীজীৰ নীতিক সমালোচনা কৰাৰ বাবে সেই অংশবোৰ কাটি পেলায়, তেন্তে ইয়াৰ অৰ্থ হ’ল তেওঁ প্ৰধানমন্ত্ৰীক সুৰক্ষা দিছে।





