• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 31, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

খাৰ্গেৰ নতুন কংগ্ৰেছ ৱৰ্কিং কমিটীত স্থান পালে গৌৰৱ গগৈয়ে; অন্তৰ্ভুক্ত শশী থাৰুৰ, শচীন পাইলট

এন ই নাও নিউজ, নতুন দিল্লী by এন ই নাও নিউজ, নতুন দিল্লী
August 20, 2023 3:23 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

আজি কংগ্ৰেছ দলৰ সভাপতি মল্লিকাৰ্জুন খাৰ্গে নৱগঠিত কংগ্ৰেছ ৱৰ্কিং কমিটী ঘোষণা কৰে। সেই কমিটিত স্থান লাভ কৰিছে অসমৰ কংগ্ৰেছ সাংসদ তথা লোকসভাত বিৰোধী দলৰ উপ দলপতি গৌৰৱ গগৈয়ে। শেহতীয়াকৈ কংগ্ৰেছ দলৰ নতুন মুখ হিচাপে উজলি উঠা গৌৰৱ গগৈয়ে ইতিমধ্যে কংগ্ৰেছ হাইকমাণ্ডৰ অতি বিশ্বস্ত নেতা হিচাপে নিজৰ স্থান মজবুত কৰিছে।

বিগত কিছু বছৰত শচীন পাইলটে কেইবাবাৰো ‘বিদ্ৰোহ’ কৰি দলটোৰ অস্বস্তি বৃদ্ধি কৰিছে। কিন্তু এইবাৰ ৰাজস্থান বিধানসভা নিৰ্বাচনৰ পূৰ্বে কংগ্ৰেছ ৱৰ্কিং কমিটীত অন্তৰ্ভুক্ত হ’ল শচীন পাইলট।

লগতে পঢ়ক: কৰ’নাৰ পিছত কম বয়সীয়া লোকৰ ‘হঠাৎ মৃত্যু’ কিয় বাঢ়িছে? এইবাৰ তদন্ত কৰিব আইচিএমআৰে

Apply Now

তাৎপৰ্যপূৰ্ভাৱে নতুন কংগ্ৰেছ ৱৰ্কিং কমিটীত স্থান পালে শশী থাৰুৰেও। উল্লেখযোগ্য যে কংগ্ৰেছৰ সভাপতি পদৰ বাবে শশী থাৰুৰে খাৰ্গেৰ বিৰুদ্ধে প্ৰতিদ্বন্দ্বিতা কৰিছিল। গান্ধী বিৰোধী ‘বিদ্ৰোহী গোট’ৰ অন্যতম সদস্য আছিল শশী। কিন্তু দলৰ গাঁথনি সলনি হোৱাৰ পিছতো থাৰুৰে কেতিয়াও দলৰ বিৰুদ্ধে কথা কোৱা নাছিল।

ইয়াৰ পূৰ্বে কংগ্ৰেছৰ সভাপতি নিৰ্বাচনৰ ফলাফল ঘোষণাৰ সময়ত শশী থাৰুৰৰ শিবিৰত বিস্ফোৰক অভিযোগ উত্থাপন হৈছিল। কংগ্ৰেছৰ সভাপতিৰ নিৰ্বাচন অনিয়মিত বুলি অভিযোগ উত্থাপন হৈছিল।

এই সন্দৰ্ভত কংগ্ৰেছৰ সভাপতি প্ৰাৰ্থী শশী থাৰুৰৰ নিৰ্বাচনী এজেণ্ট ছলমান সোজে নিৰ্বাচনী বিষয়া মধুসুদন মিষ্ট্ৰীৰ সৈতে বাৰ্তালাপ কৰে। পিছত গম পোৱা গ’ল যে শশী থাৰুৰৰ শিবিৰৰ নেতাসকলে উত্তৰ প্ৰদেশৰ সকলো প্ৰতিনিধিৰ ভোট বাতিল কৰাৰ দাবী উত্থাপন কৰে।

লগতে পঢ়ক: চন্দ্ৰৰ কক্ষপথ পৰিক্ৰমা সম্পূৰ্ণ; এইবাৰ চন্দ্ৰপৃষ্ঠত মসৃন অৱতৰণৰ পথত চন্দ্ৰযান-৩

তদুপৰি, থাৰুৰৰ শিবিৰত মল্লিকাৰ্জুন খাৰ্গে শিবিৰে ভোটগণনাত প্ৰভাৱ পেলোৱাৰ অভিযোগ উত্থাপন কৰে। খাৰ্গেৰ ঘনিষ্ঠ বহু নেতা গণনা কেন্দ্ৰত অবৈধভাৱে উপস্থিত থকা বুলি দাবী কৰে শশী শিবিৰে। তেতিয়া দলৰ ভিতৰতে তিক্ততাৰ সৃষ্টি হৈছিল। কিন্তু সেই তিক্ততাবোৰ একাষৰীয়া কৰি খাৰ্গেই শশী থাৰুৰক কাৰ্য্যকৰী সমিতিত স্থান দিলে।

The Congress President Shri @kharge has constituted the Congress Working Committee.

Here is the list: pic.twitter.com/dwPdbtxvY5

— Congress (@INCIndia) August 20, 2023

ইপিনে, ৰাজস্থানত আহি আছে বিধানসভা নিৰ্বাচন। তাত অশোক গেহলট বনাম শচীন পাইলটৰ অৰিয়াঅ’ৰিত অস্বস্তিত পৰিছে কংগ্ৰেছ। বিগত পাঁচ বছৰে চৰকাৰ চলোৱাৰ সময়ছোৱাত এই দুই নেতাৰ মাজত হোৱা আভ্যন্তৰীণ যুঁজৰ ফলত দলটোৱে ক্ষতিগ্ৰস্ত হৈছে। দুবাৰকৈ চৰকাৰৰ পতনো ঘটাৰ উপক্ৰম হৈছিল। উপ-মুখ্যমন্ত্ৰীৰ পদ হেৰুৱাবলগীয়া হ’ল শচীন পাইলটে।

লগতে পঢ়ক: নিউ তিনিচুকীয়া আৰু ধুবুৰীৰ মাজত বিশেষ ৰে’লসেৱাৰ সম্প্ৰসাৰণ

ইপিনে, অশোক গেহলটে মুখ্যমন্ত্ৰী হৈ থাকিবলৈ কংগ্ৰেছৰ সভাপতি পদত বহি নাথাকিল। শেহতীয়াকৈ শচীন পাইলটে ৰাজস্থানৰ কংগ্ৰেছ চৰকাৰক অস্বস্তিত পেলাবলৈ বিভিন্ন কাৰ্যসূচী কৰি আহিছে। এই পৰিস্থিতিত শচীনক এই কমিটীত ৰখাটো ৰাজনৈতিক বিশ্লেষকসকলৰ মতে যথেষ্ট তাৎপৰ্যপূৰ্ণ বিবেচিত হৈছে।

এন ই নাও নিউজ, নতুন দিল্লী

এন ই নাও নিউজ, নতুন দিল্লী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

অট্টালিকা ভাঙি ৬ জনৰ মৃত্যু, ধ্বংসাৱশেষৰ তলত পোত গৈ বহু কেইজন; বৰষুণৰ বাবে উদ্ধাৰ কাৰ্যত বাধা

অট্টালিকা ভাঙি ৬ জনৰ মৃত্যু, ধ্বংসাৱশেষৰ তলত পোত গৈ বহু কেইজন; বৰষুণৰ বাবে উদ্ধাৰ কাৰ্যত বাধা

July 31, 2026 11:28 am
শীৰ্ষত অসম! বিজেপি শাসিত বহু ৰাজ্যত বিদ্যালয় এৰাৰ হাৰ ৰাষ্ট্ৰীয় গড়তকৈ বেছি, কেন্দ্ৰৰ পৰিসংখ্যাত উদ্বেগ

শীৰ্ষত অসম! বিজেপি শাসিত বহু ৰাজ্যত বিদ্যালয় এৰাৰ হাৰ ৰাষ্ট্ৰীয় গড়তকৈ বেছি, কেন্দ্ৰৰ পৰিসংখ্যাত উদ্বেগ

July 31, 2026 10:31 am
পাকিস্তানত কয়লা খনিত ভয়ংকৰ বিস্ফোৰণ! কমেও ৩২জনৰ মৃত্যু, মাটিৰ তলত আবদ্ধ বহু শ্ৰমিক

পাকিস্তানত কয়লা খনিত ভয়ংকৰ বিস্ফোৰণ! কমেও ৩২জনৰ মৃত্যু, মাটিৰ তলত আবদ্ধ বহু শ্ৰমিক

July 31, 2026 8:36 am
কাজিৰঙা বিলাসী হোটেল প্ৰকল্পৰ গোচৰত জামিন লাভ প্ৰণৱ দলে সহ চাৰিজন ভূমি অধিকাৰ কৰ্মীৰ

কাজিৰঙা বিলাসী হোটেল প্ৰকল্পৰ গোচৰত জামিন লাভ প্ৰণৱ দলে সহ চাৰিজন ভূমি অধিকাৰ কৰ্মীৰ

July 31, 2026 7:46 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

অট্টালিকা ভাঙি ৬ জনৰ মৃত্যু, ধ্বংসাৱশেষৰ তলত পোত গৈ বহু কেইজন; বৰষুণৰ বাবে উদ্ধাৰ কাৰ্যত বাধা

অট্টালিকা ভাঙি ৬ জনৰ মৃত্যু, ধ্বংসাৱশেষৰ তলত পোত গৈ বহু কেইজন; বৰষুণৰ বাবে উদ্ধাৰ কাৰ্যত বাধা

July 31, 2026 11:28 am
শীৰ্ষত অসম! বিজেপি শাসিত বহু ৰাজ্যত বিদ্যালয় এৰাৰ হাৰ ৰাষ্ট্ৰীয় গড়তকৈ বেছি, কেন্দ্ৰৰ পৰিসংখ্যাত উদ্বেগ

শীৰ্ষত অসম! বিজেপি শাসিত বহু ৰাজ্যত বিদ্যালয় এৰাৰ হাৰ ৰাষ্ট্ৰীয় গড়তকৈ বেছি, কেন্দ্ৰৰ পৰিসংখ্যাত উদ্বেগ

July 31, 2026 10:31 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd