• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, July 18, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

খোৱাঙত নিৰ্বাচনী গৰ্জন লুৰীণজ্যোতি গগৈৰ: বিধায়ক চক্ৰধৰ গগৈক তীব্ৰ সমালোচনা

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
March 18, 2026 10:45 pm
44
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অসম জাতীয় পৰিষদৰ পৰা প্ৰাৰ্থিত্ব লাভ কৰাৰ পাছত বুধবাৰে প্ৰথমবাৰৰ বাবে খোৱাং সমষ্টিত উপস্থিত হয় দলটোৰ সভাপতি তথা বিৰোধী ঐক্যমঞ্চৰ প্ৰাৰ্থী লুৰীণজ্যোতি গগৈ। খোৱাঙত ভৰি থৈয়ে তেওঁ সমষ্টিটোৰ বৰ্তমানৰ বিধায়ক চক্ৰধৰ গগৈৰ বিৰুদ্ধে অতি সৰৱ হৈ পৰে। বিধায়কগৰাকীক নিমাতী কইনা আখ্যা দি লুৰীণজ্যোতি গগৈয়ে কয় যে বিধানসভাত ৰাইজৰ সমস্যাৰ কথা ক’বলৈ বিধায়কজনৰ কোনো শক্তি বা সাহস নাই। তেওঁ মুখ্যমন্ত্ৰীক আহ্বান জনাই কয় যে বিধায়কগৰাকীলৈ চৰকাৰে এখন নেমপ্লেট পঠিয়াই দিব লাগে য’ত লিখা থাকিব যে তেওঁ এজন নিমাতী কইনা আৰু বিধানসভাত কথা কোৱাৰ তেওঁৰ কোনো শক্তি নাই। কেৱল নিজৰ ভাতৃ আৰু ভনী জোঁৱাইৰ ঠিকা তথা কমিচনৰ কথা আহিলেহে বিধায়কজনৰ মুখৰ পৰা মাত ওলায় বুলি লুৰীণজ্যোতি গগৈয়ে গুৰুতৰ অভিযোগ উত্থাপন কৰে।

চক্ৰধৰ গগৈয়ে লুৰীণজ্যোতি গগৈক চালানী বুলি কৰা মন্তব্যৰো কঠোৰ প্ৰত্যুত্তৰ দিয়ে নেতাগৰাকীয়ে। তেওঁ কয় যে যাৰ ক’বলৈ কোনো উন্নয়নমূলক এজেণ্ডা নাই, তেওঁহে এনে নিম্ন মানদণ্ডৰ কথা কয়। অসমৰ প্ৰতিটো প্ৰান্তৰ প্ৰতিজন খিলঞ্জীয়া আৰু ভূমিপুত্ৰ মানুহ নিজৰ বুলি উল্লেখ কৰি তেওঁ কয় যে তেওঁৰ নিজৰ ঘৰ খনিকৰত হোৱাৰ পাছতো বিধায়কজনে যি অপপ্ৰচাৰ চলাইছে সেয়া অতি লাজলগা বিষয়। বিজেপি দলে হিন্দু-মুছলমানৰ মাজত বিভাজন অনাৰ দৰে বিধায়কজনেও এতিয়া স্থানীয় আৰু অস্থানীয়ৰ নামত বিভাজন আনিব বিচাৰিছে বুলি তেওঁ মন্তব্য কৰে। তেওঁৰ মতে খোৱাং সমষ্টিৰ মানুহে যিবোৰ পুখুৰীত মৎস্য পালন কৰি স্বাৱলম্বী হৈ আছিল, সেইবোৰৰ ওপৰতো বিধায়কগৰাকীৰ চকু পৰিছে।

Apply Now

লুৰীণজ্যোতি গগৈয়ে লগতে কয় যে বিধায়ক চক্ৰধৰ গগৈয়ে ৰাইজৰ ওচৰলৈ নিজৰ ৰিপ’ৰ্ট কাৰ্ড লৈ যাব নোৱাৰে। সমষ্টিটোৰ বাট-পথ, চেচুঘাট দলং, স্বাস্থ্য সেৱা, বিজ্ঞান মহাবিদ্যালয় আৰু বানপানী-খহনীয়াৰ দৰে মৌলিক সমস্যাসমূহ সমাধানৰ ক্ষেত্ৰত বিধায়কজন সম্পূৰ্ণ ব্যৰ্থ হৈছে। ৰাইজৰ আগত ক’বলৈ তেওঁৰ হাতত একো উত্তৰ নাই বাবেই তেওঁ এতিয়া ব্যক্তিগত আক্ৰমণত নামি পৰিছে। খোৱাং সমষ্টিৰ উন্নয়ন মানে কেৱল বিধায়কৰ পৰিয়াল আৰু ঘনিষ্ঠ লোকৰ উন্নয়ন বুলি অভিহিত কৰি লুৰীণজ্যোতি গগৈয়ে কয় যে এইবাৰ ৰাইজে বিজেপিৰ এই অপশাসন আৰু দুৰ্নীতিৰ বিৰুদ্ধে একত্ৰিত হৈ যুঁজ দিব লাগিব।

বিমানবন্দৰৰ পৰা খোৱাং সমষ্টিত উপস্থিত হোৱাৰ লগে লগে হাজাৰ হাজাৰ দলীয় কৰ্মী আৰু শুভাকাংক্ষীয়ে লুৰীণজ্যোতি গগৈক গায়ন-বায়ন আৰু ঢোলে-ডগৰে উষ্ম আদৰণি জনায়। খোৱাং চাৰিআলিৰ পৰা সমদল কৰি জয়মতী প্ৰেক্ষাগৃহলৈ যোৱাৰ সময়ত ৰাইজৰ উছাহ আছিল দেখিবলগীয়া। এই অনুষ্ঠানতে বিজেপিৰ কেইবাজনো কৰ্মীয়ে আনুষ্ঠানিকভাৱে অসম জাতীয় পৰিষদত যোগদান কৰে। খোৱাং সমষ্টিৰ ৰাইজৰ ৰাজনৈতিক পৰিপক্কতাৰ শলাগ লৈ গগৈয়ে কয় যে এই সমষ্টিটোৱে সদায় ঐতিহাসিক সিদ্ধান্ত দি আহিছে। তেওঁ নিজকে এজন সেৱক হিচাপে আগবঢ়াই দি ৰাইজৰ আশীৰ্বাদ আৰু অভিভাৱকত্ব বিচাৰে। আগন্তুক নিৰ্বাচনত তেওঁৰ যুঁজখন কোনো ব্যক্তিৰ লগত নহয়, বৰঞ্চ বিজেপিৰ দুৰ্নীতি আৰু চিণ্ডিকেটৰ বিৰুদ্ধেহে হ’ব বুলি তেওঁ দৃঢ়তাৰে প্ৰকাশ কৰে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

সোণম ৱাংছুকলৈ অনশন ভংগৰ আহ্বান অসমৰ বহু বিশিষ্ট ব্যক্তিৰ : চৰকাৰক তীব্ৰ গৰিহণা

সোণম ৱাংছুকলৈ অনশন ভংগৰ আহ্বান অসমৰ বহু বিশিষ্ট ব্যক্তিৰ : চৰকাৰক তীব্ৰ গৰিহণা

July 17, 2026 9:52 pm
বৈষ্ণোদেৱী মন্দিৰত ৫০০ কোটি কেলেংকাৰী! ৭০ কেজিৰ ৰূপৰ ভিতৰত আচল ৰূপ ওলাল মাত্ৰ ৩ কেজি

বৈষ্ণোদেৱী মন্দিৰত ৫০০ কোটি কেলেংকাৰী! ৭০ কেজিৰ ৰূপৰ ভিতৰত আচল ৰূপ ওলাল মাত্ৰ ৩ কেজি

July 17, 2026 9:35 pm
ভোটাৰ তালিকাৰ পৰা নাম বাদ পৰিলেই বাতিল নহয় নাগৰিকত্ব : পুনৰ স্পষ্ট কৰিলে উচ্চতম ন্যায়ালয়ে

ভোটাৰ তালিকাৰ পৰা নাম বাদ পৰিলেই বাতিল নহয় নাগৰিকত্ব : পুনৰ স্পষ্ট কৰিলে উচ্চতম ন্যায়ালয়ে

July 17, 2026 8:49 pm
১৯৮৪ চনত পিতৃৰ অনশন ভাঙিবলৈ গৈছিল ইন্দিৰা গান্ধী, এতিয়া পুত্ৰ সোণম ৱাংচুকৰ কাষত থিয় দিবলৈ কংগ্ৰেছক নিৰ্দেশ ছোনিয়াৰ

১৯৮৪ চনত পিতৃৰ অনশন ভাঙিবলৈ গৈছিল ইন্দিৰা গান্ধী, এতিয়া পুত্ৰ সোণম ৱাংচুকৰ কাষত থিয় দিবলৈ কংগ্ৰেছক নিৰ্দেশ ছোনিয়াৰ

July 17, 2026 7:58 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

সোণম ৱাংছুকলৈ অনশন ভংগৰ আহ্বান অসমৰ বহু বিশিষ্ট ব্যক্তিৰ : চৰকাৰক তীব্ৰ গৰিহণা

সোণম ৱাংছুকলৈ অনশন ভংগৰ আহ্বান অসমৰ বহু বিশিষ্ট ব্যক্তিৰ : চৰকাৰক তীব্ৰ গৰিহণা

July 17, 2026 9:52 pm
বৈষ্ণোদেৱী মন্দিৰত ৫০০ কোটি কেলেংকাৰী! ৭০ কেজিৰ ৰূপৰ ভিতৰত আচল ৰূপ ওলাল মাত্ৰ ৩ কেজি

বৈষ্ণোদেৱী মন্দিৰত ৫০০ কোটি কেলেংকাৰী! ৭০ কেজিৰ ৰূপৰ ভিতৰত আচল ৰূপ ওলাল মাত্ৰ ৩ কেজি

July 17, 2026 9:35 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd