কিম জং উন হৈছে উত্তৰ কোৰিয়াৰ অপেৰা গায়িকা ক’ য়ঙ-হীৰ আৰু একনায়কত্ববাদী শাসক কিম জং দ্বিতীয়ৰ পুত্ৰ।
২০১১ চনত কিম জং দ্বিতীয়ৰ মৃত্যুৰ পিছত কিম জং উনে ক্ৰমশঃ উত্তৰ কোৰিয়াৰ শাসনৰ ভাৰ নিজৰ হাতলৈ আনি দেউতাকৰ দৰে একনায়ত্ববাদী শাসক হৈ উঠে।
উত্তৰ কোৰিয়াৰ স্বেচ্ছাচাৰী শাসক কিম জং উনৰ ৰাজনৈতিক জীৱনৰ বিশেষ ১১ টা তথ্য ইয়াত উল্লেখ কৰা হৈছে।
১. তেওঁ দাবী কৰে যে তেওঁ উত্তৰ কোৰিয়াৰ সামৰিক শাসক কিম জং দ্বিতীয়ৰ জ্যেষ্ঠ পুত্ৰ। কিন্তু কিম জং উনৰ জন্মকলৈও ৰহস্য সৃষ্টি হৈ আহিছে।
২. ২০১২ চনত ইউনিয়নে ঘোষণা কৰে কিম জং উন হৈছে পৃথিৱীৰ ‘আটাইতকৈ কামুক (Sexiest)জীৱিত ব্যক্তি’।
৩. তেওঁ শিক্ষা গ্ৰহণ কৰা ‘ইন্টাৰনেশ্যনেল স্কুল অৱ বেৰ্ণ’ত কিমৰ প্ৰকৃত পৰিচয় লুকুৱাই ৰখা হৈছিল। ‘মেম্বাৰ অৱ দ্য এম্বেছি’ হিচাপে তেওঁক পঞ্জীকৃত কৰা হৈছিল।
৪. তেওঁৰ প্ৰিয় খেল হৈছে বাস্কেট বল।
৫. ২০১২ চনত কিম জং উন চেন্ট্ৰেল মিলিটাৰি কমিশ্যনৰ পাৰ্টিৰ অধ্যক্ষ হয়। ইয়াৰ উপৰি তেওঁ দেশখনৰ সৰ্বোচ্চ প্ৰশাসনিক সংস্থা নেশ্যনেল ডিফেন্স কমিশ্যনৰো অধ্যক্ষ হয়।
৬. তেওঁ দেশখনৰ শাসক হোৱাৰ লগে লগে দেউতাকৰ দিনৰ প্ৰশাসনিক বিষয়াক বৰ্খাস্ত কৰে। আনকি নিজৰ খুৰাক জং চং-থেক আৰু চাং চং-টেককো বৰ্খাস্ত কৰে।
৭. কিম জং উনে বিশেষভাৱে ম’ৰাণবং বেণ্ডৰ সদস্যসকলক নিৰ্বাচন কৰিছিল। উল্লেখ্য যে এইটোৱেই উত্তৰ কোৰিয়াৰ ইতিহাসৰ প্ৰথমটো মহিলা সদস্য থকা বেণ্ড। যিটো ২০১২ চনত আত্মপ্ৰকাশ কৰিছিল।
৮. কিম জং উন উত্তৰ কোৰিয়াৰ শাসনৰ বাঘজৰি লোৱাৱ লগে লগেই ২০১২ এপ্ৰিল মাহত পাৰমাণৱিক অস্ত্ৰ পৰীক্ষণৰ কৰে যিদও ব্যৰ্থ হয়, কিন্তু একেটা বৰ্ষৰে ডিচেম্বৰত পৰৱৰ্তী বৰ্ষৰ ফেব্ৰুৱাৰীত পুনৰ পৰীক্ষণ কৰি সফল হয়।
৯. ২০১২ চনৰ জুলাই মাহত কিম জং উন সেনাবাহিনীৰ মাৰ্শ্বলৰূপে ঘোষিত হয়। আৰু তেওঁ সৰ্বসন্মতিক্ৰমে চুপ্ৰিম পিপলছ এছেম্বলীৰ উপাধ্যক্ষৰূপে নিৰ্বাচিত হয় ২০১৪ চনত।
১০. কিম জং উন আৰু মোন জে-ইনে ২০১৮ চনৰ ২৭ এপ্ৰিলত প্ৰথমবাৰৰ বাবে দক্ষিণ কোৰিয়াৰ দিশৰ পানমোনজম অতিক্ৰম কৰে আৰু অতিক্ৰম কৰা তেঁৱে হৈছে উত্তৰ প্ৰথম কোৰিয়াৰ প্ৰথমজন শাসক।
১১. আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতিৰ সৈতে মুখামুখি সাক্ষাৎ কৰা উত্তৰ কোৰিয়াৰ প্ৰথম শাসকগৰাকীয়ে হৈছে কিম জং উন। ২০১৮ চনৰ ১২ জুনত আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ সৈতে কিম জং উন মিলিত হৈছিল।