• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, September 14, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

কিম জং উনৰ মাষ্টাৰপ্লেন: পশ্চিমীয়া বিলাসী সাজ-পাৰেৰে কন্যাক উত্তৰাধিকাৰী হিচাপে গঢ়ি তোলাৰ প্ৰয়াস

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
May 21, 2026 10:41 am
23
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

উত্তৰ কোৰিয়াৰ শাসক কিম জং উনৰ কন্যা কিম জু এৰ শেহতীয়াকৈ এনে বহুতো ছবি পোহৰলৈ আহিছে য’ত তেওঁক পশ্চিমীয়া বিলাসী সাজ-পাৰ পৰিধান কৰা দেখা গৈছে। এনে কাপোৰক সাধাৰণতে বিদ্ৰোহৰ প্ৰতীক আৰু সমাজবাদ বিৰোধী বুলি গণ্য কৰি উত্তৰ কোৰিয়াত নিষিদ্ধ কৰা হৈছে। কিন্তু ইয়াক কৈশোৰৰ বিদ্ৰোহ বুলি ভবাৰ পৰিৱৰ্তে, জু এৰ কাপোৰৰ নিৰ্বাচন, যেনে লেডাৰ জেকেট বা হেয়াৰষ্টাইল আদিয়ে এই কথাৰেই ইংগিত দিয়ে যে তেওঁক ভৱিষ্যতৰ সৰ্বোচ্চ নেতা হিচাপে প্ৰস্তুত কৰা হৈছে।

২০১৩ চনত জন্মগ্ৰহণ কৰা জু এয়ে ২০২২ চনৰ নৱেম্বৰ মাহত মাত্ৰ ন বছৰ বয়সতে আনুষ্ঠানিকভাৱে প্ৰথমবাৰৰ বাবে ৰাজহুৱা স্থানত আত্মপ্ৰকাশ কৰিছিল। সেই সময়ত তেওঁক পিতৃৰ সৈতে এটা বিশাল ইণ্টাৰকণ্টিনেণ্টেল বেলিষ্টিক মিছাইলৰ সন্মুখত খোজকাঢ়ি থকা অৱস্থাত দেখা গৈছিল। দীঘল চুলি, ক’লা পেণ্ট আৰু বগা পেডেড জেকেট পৰিধান কৰি তেওঁক যথেষ্ট আকৰ্ষণীয় ৰূপত দেখা গৈছিল। তেতিয়াৰ পৰাই তেওঁৰ কেশসজ্জা আৰু সাজ-পাৰ ক্ৰমান্বয়ে পশ্চিমীয়া শৈলীৰ হৈ পৰিছে।

Apply Now

২০২০ চনত উত্তৰ কোৰিয়াই এক বিশেষ আইন প্ৰণয়ন কৰি বাহিৰা সংস্কৃতিৰ ওপৰত নিষেধাজ্ঞা আৰোপ কৰিছিল। কিন্তু ২০২৩ চনত ৰাজ্যিক নিয়ন্ত্ৰিত সংবাদ সংস্থাই প্ৰকাশ কৰা এটা ভিডিঅ’ত কিম জু এক পুনৰ পিতৃৰ সৈতে মিছাইলৰ সন্মুখত দেখা গৈছিল আৰু সেইবাৰ তেওঁ ক্ৰিষ্টিয়ান ডিঅ’ৰ ব্ৰেণ্ডৰ প্ৰায় এক লাখ আশী হাজাৰ টকা মূল্যৰ এটা ক’লা পেডেড জেকেট পিন্ধিছিল। ইয়াৰ পৰৱৰ্তী সময়তো ৰাজধানী পিয়ংইয়াঙৰ এক আৱাসিক এলেকাৰ উদ্বোধনী অনুষ্ঠানত তেওঁ পৰিধান কৰা সাজ-পাৰক লৈ যথেষ্ট চৰ্চা হৈছিল। যদিও চৰকাৰীভাৱে এনে সাজ-পাৰক সমাজবাদ বিৰোধী বুলি কোৱা হয়, তথাপিও এতিয়া একাংশ লোকে কিম জু এৰ এই ষ্টাইল অনুকৰণ কৰিবলৈ বিচাৰে। বিশেষজ্ঞসকলৰ মতে, সময় সলনি হৈছে আৰু প্ৰজন্মৰ পৰিৱৰ্তন যথেষ্ট ডাঙৰ হৈছে, বিশেষকৈ বিদেশত কাম কৰি ঘূৰি অহা শ্ৰমিকসকলে নিজৰ লগত বাহিৰা সংস্কৃতিও লৈ আহিছে।

অৱশ্যে জু এয়েই তেওঁৰ পৰিয়ালৰ প্ৰথম ফেশ্বন আইকন নহয়। তেওঁক তেওঁৰ মাতৃ ৰি ছোল জুৰ দৰেই ষ্টাইলিছ কাপোৰ পিন্ধোৱা হৈছে যাতে তেওঁৰ বয়স লুকুৱাই ৰাখিব পৰা যায়। ৰাজপৰিয়ালৰ বাহিৰে এগৰাকী সাধাৰণ যুৱতীয়ে পশ্চিমীয়া শৈলীৰ কাপোৰৰ সৈতে ফেশ্বনক আগুৱাই নিয়াটো উত্তৰ কোৰিয়াত প্ৰায় অসম্ভৱ। এনে কাপোৰ পিন্ধি কিম জু এ আৰু ৰি ছোল জুৱে এইটোৱেই প্ৰমাণ কৰিছে যে তেওঁলোকৰ সামাজিক মৰ্যাদা সাধাৰণ মানুহতকৈ সম্পূৰ্ণ বেলেগ। কেৱল মাতৃৰ পৰাই নহয়, জু এয়ে নিজৰ পিতৃৰ ফেশ্বন ছেন্সকো অনুসৰণ কৰিছে। পিতৃ-কন্যা দুয়োকে একেধৰণৰ লেডাৰ জেকেট আৰু ফাৰ কোট পিন্ধা দেখা গৈছে। উন্নত মানৰ লেডাৰৰ কাপোৰ পিন্ধাটো এক বিশেষ মৰ্যাদাৰ প্ৰতীক, যিটো উত্তৰ কোৰিয়াৰ সাধাৰণ মানুহৰ বাবে এক সপোন মাথোঁ।

পূৰ্বৰ প্ৰজন্মৰ ফেশ্বন অনুকৰণ কৰা কাৰ্য্যক ইমেজ ৰিপ্লিকেচন বুলি কোৱা হয় আৰু ক্ষমতাত বৰ্তি থাকিবলৈ ইয়াক ব্যৱহাৰ কৰি অহা হৈছে। কিম জং উনে নিজেও শাসনৰ প্ৰথম অৱস্থাত নিজৰ ককাক কিম ইল চুঙৰ দৰে টুপী আৰু কোট পিন্ধি নিজৰ ভাবমূৰ্তি শক্তিশালী কৰিবলৈ চেষ্টা কৰিছিল। ককাকৰ সৈতে থকা তেওঁৰ শাৰীৰিক সাদৃশ্যই ৰাইজৰ সৈতে সংযোগ স্থাপন কৰাত সহায় কৰিছিল। অৱস্থা এনেকুৱা হৈছিল যে উত্তৰ কোৰিয়াৰ মানুহৰ মাজত কিম ইল চুঙৰ পুনৰ্জন্ম হোৱা বুলিও উৰাবাতৰি বিয়পি পৰিছিল। উত্তৰ কোৰিয়াত কিম ইল চুংক ভগৱানৰ দৰে গণ্য কৰা হয় আৰু সেইবাবেই তেওঁৰ পৰিয়ালৰ প্ৰতিও মানুহৰ মনত এক সুকীয়া স্থান আছে। বৰ্তমান জু এক উত্তৰ কোৰিয়াত প্ৰিন্সেছ বা ৰাজকুমাৰী হিচাপে জনা যায়, যিটো নামাকৰণে তেওঁলোকৰ পূৰ্বপুৰুষৰ বংশ পৰম্পৰাৰ পিনেই আঙুলিয়াই দিয়ে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

স্মৃতি-শ্বেফালীৰ দুৰ্দান্ত বেটিং, স্পিনাৰৰ ‘ধুমুহা’! শ্ৰীলংকাক পৰাস্ত কৰি এছিয়াৰ শ্ৰেষ্ঠ ভাৰত

স্মৃতি-শ্বেফালীৰ দুৰ্দান্ত বেটিং, স্পিনাৰৰ ‘ধুমুহা’! শ্ৰীলংকাক পৰাস্ত কৰি এছিয়াৰ শ্ৰেষ্ঠ ভাৰত

September 14, 2026 8:05 am
ধ্বংসৰ গৰাহত মানাহ ৰাষ্ট্ৰীয় উদ্যান! এনটিচিএৰ নিৰ্দেশৰ পাছতো নিমাত চৰকাৰ

ধ্বংসৰ গৰাহত মানাহ ৰাষ্ট্ৰীয় উদ্যান! এনটিচিএৰ নিৰ্দেশৰ পাছতো নিমাত চৰকাৰ

September 13, 2026 9:48 pm
মাদ্ৰাছা শিক্ষা বনাম দেশবিৰোধী কাৰ্যকলাপৰ অভিযোগ: পশ্চিমবংগ চৰকাৰৰ শেহতীয়া পদক্ষেপে কিহৰ ইংগিত দিছে?

মাদ্ৰাছা শিক্ষা বনাম দেশবিৰোধী কাৰ্যকলাপৰ অভিযোগ: পশ্চিমবংগ চৰকাৰৰ শেহতীয়া পদক্ষেপে কিহৰ ইংগিত দিছে?

September 13, 2026 8:56 pm
ব্ৰিকছ সন্মিলনৰ খাদ্য তালিকাক লৈ ৰাজনীতি! কেন্দ্ৰীয় চৰকাৰক তীব্ৰ আক্ৰমণ ৰাহুল গান্ধীৰ

ব্ৰিকছ সন্মিলনৰ খাদ্য তালিকাক লৈ ৰাজনীতি! কেন্দ্ৰীয় চৰকাৰক তীব্ৰ আক্ৰমণ ৰাহুল গান্ধীৰ

September 13, 2026 8:10 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

স্মৃতি-শ্বেফালীৰ দুৰ্দান্ত বেটিং, স্পিনাৰৰ ‘ধুমুহা’! শ্ৰীলংকাক পৰাস্ত কৰি এছিয়াৰ শ্ৰেষ্ঠ ভাৰত

স্মৃতি-শ্বেফালীৰ দুৰ্দান্ত বেটিং, স্পিনাৰৰ ‘ধুমুহা’! শ্ৰীলংকাক পৰাস্ত কৰি এছিয়াৰ শ্ৰেষ্ঠ ভাৰত

September 14, 2026 8:05 am
ধ্বংসৰ গৰাহত মানাহ ৰাষ্ট্ৰীয় উদ্যান! এনটিচিএৰ নিৰ্দেশৰ পাছতো নিমাত চৰকাৰ

ধ্বংসৰ গৰাহত মানাহ ৰাষ্ট্ৰীয় উদ্যান! এনটিচিএৰ নিৰ্দেশৰ পাছতো নিমাত চৰকাৰ

September 13, 2026 9:48 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd