South Korea is ‘faithful dog’ of the US উত্তৰ কোৰিয়াৰ নেতা কিম জং উনৰ ভগ্নী আৰু কোৰিয়ান ৱৰ্কৰ্ছ পাৰ্টিৰ কেন্দ্ৰীয় কমিটিৰ ভাইচ ডিপাৰ্টমেন্টৰ সঞ্চালক কিম ইয়ো-জঙে দক্ষিণ কোৰিয়াক আমেৰিকা যুক্তৰাষ্ট্ৰৰ “বিশ্বস্ত কুকুৰ” বুলি অভিহিত কৰে।
স্বাভাৱিকতে, এই মন্তব্যৰ পিছতেই সমালোচনাৰ ধুমুহা উঠিছে।
দক্ষিণ কোৰিয়াৰ ৰাষ্ট্ৰপতি য়ুন চুক-ইয়োলৰ প্ৰশাসনে স্বতন্ত্ৰভাৱে উত্তৰ কোৰিয়াৰ ওপৰত নিষেধাজ্ঞা ঘোষণা কৰাৰ পিছত কিম ইয়ো-জঙৰ এই মন্তব্য আহিছে।
লগতে পঢ়ক: ন্যায় আদালতৰ, এজন লোকক হত্যাৰ অভিযোগত ৪৯ জন দোষীক মৃত্যুদণ্ড!
আন্তৰ্জাতিক সংবাদ সংস্থাক দিয়া এক বিবৃতিত কিম জং উনৰ ভগ্নীয়ে দক্ষিণ কোৰিয়াৰ ৰাষ্ট্ৰপতি য়ুন আৰু তেওঁৰ কেবিনেটক আমেৰিকা যুক্তৰাষ্ট্ৰৰ “বিশ্বস্ত কুকুৰ” বুলি অভিহিত কৰে।
দক্ষিণ কোৰিয়াৰ ৰাষ্ট্ৰপতি য়ুনৰ কেবিনেট সদস্যসকলক “মূৰ্খ” বুলি অভিহিত কৰি তেওঁ লগতে কয় যে তেওঁলোকে ৱাশ্বিংটনৰ ভাটৌ চৰাই হিচাপে কাম কৰি আছে।
লগতে পঢ়ক: প্ৰতি কিলোগ্ৰামৰ দাম ৮৫ হাজাৰ টকা! সোণতকৈ চৰা বিশ্বৰ আটাইতকৈ দামী এই পাচলি
কিম ইয়ো-জঙে স্পষ্ট কৰি দিয়ে যে উত্তৰ কোৰিয়াৰ বিৰুদ্ধে নিষেধাজ্ঞা জাৰি হ’লে ই শত্ৰুতা আৰু ক্ষোভ বৃদ্ধি কৰিব।