• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, July 13, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

চেন্নাইক পৰাস্ত কৰি প্লে’ অফৰ কিঞ্চিত আশা জীয়াই ৰাখিলে পঞ্জাৱ কিংছে

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
October 7, 2021 8:17 pm
IPL
159
VIEWS
Share on FacebookShare on Twitter

ডুবাইত চলি থকা ইণ্ডিয়ান প্ৰিমিয়াৰ লীগৰ আজিৰ খেলত চেন্নাই চুপাৰ কিংছৰ বিৰুদ্ধে জয় লাভ কৰিছে পঞ্জাৱ কিংছে।

ডুবাইৰ ইন্টাৰনেচনেল ক্ৰিকেট ষ্টেডিয়ামত অনুষ্ঠিত হোৱা খেলখনত পঞ্জাৱ কিংছে টছত জয়ী হৈ ফিল্ডিং কৰাৰ সিদ্ধান্ত লয় আৰু চেন্নাইক বেটিং কৰিবলৈ আমন্ত্ৰণ জনায়।

অৱশ্যে ইনিংছৰ আৰম্ভণিৰে পৰা পঞ্জাৱৰ বলিং আক্ৰমণৰ ওচৰত স্বভাৱসিদ্ধ খেল প্ৰদৰ্শনত ব্যৰ্থ হয় চেন্নাইৰ বেটচমেন সকল।

দলৰ স্ক’ৰ ১৮ ৰান হওঁতেই বিদায় লয় সুন্দৰ ফৰ্মত থকা ৰুতুৰাজ গাইকোৱাডে। তাৰ পাছতেই কোনো এজন বেটচমেনেই পঞ্জাৱৰ বলিঙক প্ৰত্যাহ্বান জনাবলৈ সক্ষম নহ’ল আৰু ৬১ ৰানতে ৫ টা উইকেট হেৰুৱাই।

দলৰ বেটচমেনসকলৰ ব্যৰ্থতাৰ পিছতো আনটো মূৰত ধৈৰ্যসহকাৰে খেলি দলৰ ইনিংছ আগবঢ়াই নিয়ে ডু প্লেছিচে।

ষষ্ঠ উইকেটৰ যুটিত ডু প্লেছিচে ৰবীন্দ্ৰ জাদেজাৰ সৈতে ৬৭ ৰান যোগ দি দলক এক সন্মানজনক স্থিতিলৈ নিয়ে।

ইনিংছৰ অন্তিম অভাৰত ডু প্লেছিচে ৭৬ ৰান সংগ্ৰহ কৰি আউট হয়।

সঘনে উইকেট পতন আৰু মন্থৰ বেটিঙৰ ফলত চেন্নাই দলে নিৰ্ধাৰিত ২০ অভাৰত ৬ উইকেটৰ বিনিময়ত মাত্ৰ ১৩৪ ৰান সংগ্ৰহ কৰে।

পঞ্জাৱৰ হৈ জৰ্দান আৰু অৰ্শদ্বীপ সিঙে দুটা আৰু ছামি-ৰবি বিষ্ণৈয়ে এটাকৈ উইকেট দখল কৰে।

আনহাতে ১৩৫ ৰানৰ সহজ লক্ষ্য আগত লৈ পঞ্জাৱৰ অপেনাৰদ্বয় ৰাহুল আৰু মায়াংক আগৰৱালে এক শক্তিশালী আৰম্ভণি দিয়ে।

দুয়ো প্ৰথম উইকেটত ৪৬ ৰান যোগ দিয়াৰ পিছত ব্যক্তিগত ১২ ৰানত আগৰৱাল আউট হয়।

ইয়াৰ পিছত ক্ৰীজলৈ অহা ছৰফৰাজ খান,শ্বাহৰুখ খান আৰু এইডেন মাৰ্ক্ৰামো বেছি সময় ক্ৰীজত নিটিকিল।

কিন্তু অধিনায়ক তথা অপেনাৰ ৰাহুলে বিস্ফোৰক বেটিঙেৰে অকলেই দলক জয়ী কৰোৱাই।

ৰাহুল ৪২ বলত ৭ টা চাৰি আৰু ৮ টা ছয়েৰে ৯৮ ৰান কৰি অপৰাজিত থাকে। মইজেচ হেনৰিকে ৩ ৰানেৰে আনটো মূৰত অপৰাজিত থাকে।

ৰাহুলৰ এই দুধৰ্ষ বেটিঙেৰ ফলত পঞ্জাৱ কিংছে মাত্ৰ ১৩ অভাৰতে বিজয়ৰ লক্ষ্যত উপনীত হয়।

আইপিএল- ৰ দ্বিতীয় পৰ্বত নিজৰ উজ্জীৱিত প্ৰদৰ্শন অব্যাহত ৰখা শাৰ্দুল ঠাকুৰে ৩ টা উইকেট লাভ কৰে।

আজিৰ আক্ৰমণাত্মক ইনিংছটোৰ বাবে কে এল ৰাহুল মেচৰ শ্ৰেষ্ঠ খেলুৱৈ হিচাপে নিৰ্বাচিত হয়।

অৱশ্যে আজিৰ পৰাজয়ৰ পাছতো বিশেষ প্ৰভাৱ নপৰে চেন্নাইৰ ক্ষেত্ৰত। চেন্নায়ে ইতিমধ্যেই কোৱালিফায়াৰত নিজৰ স্থান সুনিশ্চিত কৰিছে।

 

আজিৰ জয়েৰে পঞ্জাৱে প্লে’ অফলৈ উন্নীত হোৱাৰ কিঞ্চিত আশা জীয়াই ৰাখিলে। অৱশ্যে এই ক্ষেত্ৰত পঞ্জাৱে কলকাতা নাইট ৰাইডাৰ্ছ আৰু মুম্বাই ইণ্ডিয়াঞ্চৰ প্ৰদৰ্শনলৈ বাট চাব লাগিব।

বৰ্তমান চলি থকা কলকাতা আৰু ৰাজস্থান ৰয়েলছৰ খেলখনত যদি কলকাতা বৃহৎ ব্যৱধানত পৰাস্ত হয় আৰু কালিলৈ হাইদৰাবাদ বনাম মুম্বাইৰ খেলখনত যদি মুম্বাই ইণ্ডিয়াঞ্চ পৰাস্ত হয় তেতিয়া প্লে’ অফৰ পথ সুগম হ’ব পঞ্জাৱ কিংছৰ।

Recent News

উদঘাটন হ’ল ভাইৰেল অৰ্চিতা ফুকনৰ ৰহস্য! প্ৰাক্তন প্ৰেমিকৰ কু-কাণ্ডৰ বলি অৰ্চিতা ফুকন

উদঘাটন হ’ল ভাইৰেল অৰ্চিতা ফুকনৰ ৰহস্য! প্ৰাক্তন প্ৰেমিকৰ কু-কাণ্ডৰ বলি অৰ্চিতা ফুকন

নয়ন অসমৰ অন্ত্যোষ্টিক্ৰিয়া চলি থকাৰ সময়তে আলফা(স্বা)ৰ শিবিৰত সেনাৰ মিছাইল আক্ৰমণ! নিহত কৰ্ণেল প্ৰদীপ অসম

নয়ন অসমৰ অন্ত্যোষ্টিক্ৰিয়া চলি থকাৰ সময়তে আলফা(স্বা)ৰ শিবিৰত সেনাৰ মিছাইল আক্ৰমণ! নিহত কৰ্ণেল প্ৰদীপ অসম

ভাৰতৰ বিৰুদ্ধে পাৰমাণৱিক অস্ত্ৰ ব্যৱহাৰৰ পৰিকল্পনা আছিল নেকি? ৬৩ দিনৰ যুদ্ধবিৰতিৰ পাছত পাকিস্তানৰ প্ৰধানমন্ত্ৰীয়ে কি ক’লে?

ভাৰতৰ বিৰুদ্ধে পাৰমাণৱিক অস্ত্ৰ ব্যৱহাৰৰ পৰিকল্পনা আছিল নেকি? ৬৩ দিনৰ যুদ্ধবিৰতিৰ পাছত পাকিস্তানৰ প্ৰধানমন্ত্ৰীয়ে কি ক’লে?

কংগ্ৰেছ নেতাৰ অধিক প্ৰশংসা! ৰাজস্থানৰ পাঠ্যপুথিত নিষিদ্ধ কৰা হ’ল কংগ্ৰেছৰ অৱদান সম্পৰ্কে থকা পাঠ

কংগ্ৰেছ নেতাৰ অধিক প্ৰশংসা! ৰাজস্থানৰ পাঠ্যপুথিত নিষিদ্ধ কৰা হ’ল কংগ্ৰেছৰ অৱদান সম্পৰ্কে থকা পাঠ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd