• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 10, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

লক্ষ্য ২০২১ : অখিল বাহিনীয়েই ভৰসা ভূঞা নেতৃত্বাধীন আঞ্চলিক গণ মৰ্চাৰ!

‘ফেচিষ্ট’ বিজেপিক প্ৰতিহত কৰিবলৈ উমৈহতীয়া ৰণনীতি প্ৰস্তুত!

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
June 27, 2020 9:16 pm
Ajit 34

শনিবাৰে কৃষক মুক্তিৰ কেন্দ্ৰীয় কাৰ্যালয়ত অনুষ্ঠিত বৈঠকৰ দৃশ্য। ফটো: নৰ্থইষ্ট নাও

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

সমাগত ২০২১ৰ বিধানসভাৰ নিৰ্বাচন। ৰাজ্যত এতিয়া কৰ’নাৰ বিৰুদ্ধে যিদৰে যুঁজ চলি আছে তাৰ সমান্তৰালকৈ চলি গৈছে বিভিন্ন ৰাজনৈতিক দলৰ নিৰ্বাচনী তৎপৰতা।

কি কংগ্ৰেছ, কি বিজেপি বা অন্যান্য ৰাজনৈতিক দলেই হওঁক,সকলোৱে নিজস্ব ধৰণে কুচ কাৱাজ চলাই নিছে।

Apply Now

তাৰ মাজতে আজি ৰাজ্যসভাৰ সাংসদ আজিত কুমাৰ ভূঞাৰ নেতৃত্বত নৱ গঠিত আঞ্চলিক গণ মৰ্চা আৰু  কৃষক মুক্তি সংগ্ৰাম সমিতিৰ নেতৃত্বৰ মাজত আজি এক গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হয়।

যি আলোচনাত স্থান পালে ‘ফেচিষ্ট’, ‘সাম্প্ৰদায়িক’ বিজেপিক ২০২১ ৰ নিৰ্বাচনত প্ৰতিহত কৰা প্ৰসংগ।

কৃষক মুক্তি সংগ্ৰাম সমিতিৰ গুৱাহাটীৰ গান্ধীবস্তিস্থিত কেন্দ্ৰীয় কাৰ্যালয়ত আজি দিনৰ ১-০০ বজাৰ পৰা অনুষ্ঠিত হোৱা এই বৈঠকত আঞ্চলিক গণ মৰ্চাৰ হৈ মুখ্য আহ্বায়ক অজিত কুমাৰ ভূঞাই অসমৰ বহুধাবিভক্ত আঞ্চলিক ৰাজনৈতিক শক্তিক একত্ৰিত কৰি এক শক্তিশালী আঞ্চলিক ৰাজনৈতিক মঞ্চ গঠনৰ বাবে আঞ্চলিক গণ মৰ্চাই এক বিশেষ উদ্যোগ গ্ৰহণ কৰাৰ কথা আলোচনা কালত উল্লেখ কৰে।

আলোচনাৰ অন্তত তেওঁ সংবাদমেলত কয়, ‘ বিজেপি-আৰ এছ এছ’ৰ ফেচীবাদী আৰু সাম্প্ৰদায়িক ৰাজনীতিক উৎখাত কৰিবলৈ ৰাজ্যৰ সকলো প্ৰগতিশীল গণতান্ত্ৰিক দল আৰু আঞ্চলিক ৰাজনৈতিক শক্তিক একত্ৰিত কৰি এক শক্তিশালী আঞ্চলিক ৰাজনৈতিক মঞ্চ গঠনৰ বাবে আঞ্চলিক গণ মৰ্চাই উদ্যোগ গ্ৰহণ কৰিছে। কৃষক মুক্তি সংগ্ৰাম সমিতিয়েও অসমৰ জনসাধাৰণৰ  মৌলিক সমস্যাসমূহ আৰু ৰাজনৈতিক প্ৰশ্নবোৰ লৈ দীৰ্ঘদিন ধৰি এক গণ আন্দোলনৰ নেতৃত্ব দি আহিছে। ৰাইজৰ মাজত জনমত সৃষ্টি কৰা আৰু সংগঠিত কৰাৰ প্ৰচেষ্টা গঢ়ি তুলিছে।‘

‘যাৰবাবে বৰ্তমান বিজেপি দল আৰু চৰকাৰে একমাত্ৰ কৃষক মুক্তি সংগ্ৰাম সমিতিৰ নেতৃত্বক প্ৰধান শত্ৰু হিচাপে বাছি লৈছে।‘ ভুঞাই লগতে কয়।

অসমৰ ৰাজনীতি আৰু সমাজ জীৱনত কৃষক মুক্তি সংগ্ৰাম সমিতিৰ এক বিশেষ ভূমিকা আছে বুলি ভূঞাই মত পোষণ কৰি লগতে কয়, ‘আঞ্চলিক গণ মৰ্চাৰ এই মঞ্চত কৃষক মুক্তি সংগ্ৰাম সমিতিৰ প্ৰত্যক্ষ সহযোগ আৰু সমৰ্থন আগবঢ়াব বুলি আশা কৰিছো।‘

এই বৈঠকত কৃষক মুক্তি সংগ্ৰাম সমিতিৰ হৈ সভাপতি ভাস্কো-ডি শইকীয়াই  আঞ্চলিক গণ মৰ্চাৰ লক্ষ্য আৰু উদ্দেশ্যক আদৰণি আৰু শুভেচ্ছা জনায়।

শইকীয়াই কয়, ‘যোৱা ২০১৫ বৰ্ষত কৃষক মুক্তি সংগ্ৰাম সমিতিৰ তৃতীয় দ্বি-বাৰ্ষিক  অধিবেশনৰ প্ৰতিনিধি সভাত কৃষক মুক্তি সংগ্ৰাম সমিতি আৰু ইয়াৰ আটাইকেইটা গণ সংগঠনৰ সৰ্বসন্মতি ক্ৰমে গণ মুক্তি সংগ্ৰাম অসম নামৰ এটা ৰাজনৈতিক দল গঠনৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছিল।  অখিল গগৈৰ নেতৃত্বত চাৰিজন ব্যক্তিক লৈ এটা আহ্বায়ক সমিতি গঠন কৰি দিয়া হৈছিল। ২০১৮ চনত পাৰ্টি আৰু আমাৰ গণ সমূহৰ যৌথ কাৰ্যনিৰ্বাহ সভাত এই ৰাজনৈতিক দলটোৰ নেতৃত্বত সংসদীয় ৰাজনীতিত অংশগ্ৰহণৰ সিদ্ধান্ত চুড়ান্ত কৰা হৈছিল। সেইমৰ্মে কৃষক মুক্তি সংগ্ৰাম সমিতি আৰু আমাৰ গণ সংগঠনে ২০২১ৰ বিধানসভা নিৰ্বাচনত অংশগ্ৰহণ কৰাৰ এক সিদ্ধান্ত কাৰ্যকৰী হৈ আছে।‘

‘সেয়ে গণ মুক্তি সংগ্ৰাম অসম আৰু আমাৰ গণ সংগঠনসমূহৰ সৈতে আলোচনা কৰি সিদ্ধান্ত গ্ৰহণ কৰাৰ পিছতহে আঞ্চলিক গণ মৰ্চাৰ প্ৰতি আমাৰ সমৰ্থন আগবঢ়োৱাৰ ক্ষেত্ৰত  চুড়ান্ত সিদ্ধান্ত গ্ৰহণ কৰিব পৰা যাব,’-সভাপতি ভাস্কো-ডি শইকীয়াই উল্লেখ কৰে।

তেওঁ লগতে কয়, ‘বিজেপি, আৰ এছ এছ’ৰ ফেচীবাদী আৰু সাম্প্ৰদায়িক ৰাজনীতি নিৰ্মূল কৰিবলৈ সাম্প্ৰদায়িক, প্ৰগতিশীল গণতান্ত্ৰিক আৰু জাতীয়তাবাদী  ভাৱাপন্ন ৰাজনৈতিক শক্তিসমূহ ঐক্যবদ্ধ হোৱাৰ প্ৰয়োজন আছে।‘

অৱশ্যে, আঞ্চলিক গণ মৰ্চাৰ সৈতে কৃষক মুক্তিৰ সহযোগিতা আৰু অংশগ্ৰহণ কেনেধৰণৰ হব সেই সিদ্ধান্ত কাৰ্যনিৰ্বাহক সভাই গ্ৰহণ কৰাৰ পিছতহে আজিৰ বৈঠকত স্পষ্ট কৰি দিয়া হয়।

অতিশীঘ্ৰে ফেচিষ্ট, সাম্প্ৰদায়িক বিজেপি-আৰ এছ এছ’ক ক্ষমতাচ্যুত কৰিবলৈ আঞ্চলিক গণ মৰ্চাৰ সৈতে কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে এক উমৈহতীয়া ৰণনীতি তৈয়াৰ কৰিবলৈ কাৰ্যকৰী ব্যৱস্থা গ্ৰহণ কৰিব বুলিও তেওঁ কয়।

আজিৰ বৈঠকত আঞ্চলিক গণ মৰ্চাৰ হৈ মুখ্য আহ্বায়ক অজিত কুমাৰ ভূঞা, মনজিৎ মহন্ত, মীৰা বৰঠাকুৰ,লাচিত বৰদলৈ, শান্তনু বৰঠাকুৰ আৰু কৃষক মুক্তি সংগ্ৰাম সমিতিৰ হৈ সভাপতি ভাস্কো-ডি শইকীয়া, কাৰ্যকৰী সভাপতি অনিল বড়ো, যুটীয়া সাধাৰণ সম্পাদক মুকুট ডেকা, ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ সম্পাদক দেৱব্ৰত শইকীয়া আৰু গণ মুক্তি সংগ্ৰাম অসমৰ আহ্বায়ক হুছেইন মহম্মদ ছাহজাহানে অংশগ্ৰহণ কৰে ।

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

উচ্চতম ন্যায়ালয়ত উত্তপ্ত পৰিস্থিতি: ন্যায়াধীশৰ ফালে কাগজ দলিয়ালে আবেদনকাৰীয়ে, মুখ্য ন্যায়াধীশক অসভ্য আচৰণ

উচ্চতম ন্যায়ালয়ত উত্তপ্ত পৰিস্থিতি: ন্যায়াধীশৰ ফালে কাগজ দলিয়ালে আবেদনকাৰীয়ে, মুখ্য ন্যায়াধীশক অসভ্য আচৰণ

July 10, 2026 5:29 pm
মৃত্যুৰ ভয় নাই, ডিচেম্বৰত বাংলাদেশলৈ উভতি গৈ আদালতত আত্মসমৰ্পণ কৰিব শ্বেখ হাছিনাই

মৃত্যুৰ ভয় নাই, ডিচেম্বৰত বাংলাদেশলৈ উভতি গৈ আদালতত আত্মসমৰ্পণ কৰিব শ্বেখ হাছিনাই

July 10, 2026 4:56 pm
প্ৰথমে এগৰাকী নিপুণ মাতৃ হওক তাৰ পিছত আইএএছ-ৰ সপোন দেখক: উত্তৰ প্ৰদেশৰ ৰাজ্যপালৰ পৰামৰ্শ

প্ৰথমে এগৰাকী নিপুণ মাতৃ হওক তাৰ পিছত আইএএছ-ৰ সপোন দেখক: উত্তৰ প্ৰদেশৰ ৰাজ্যপালৰ পৰামৰ্শ

July 10, 2026 4:06 pm
অসম বাজেট ২০২৬-২৭: লাচিত বৰফুকন, কুশল কোঁৱৰৰ ওপৰত চলচ্চিত্ৰ নিৰ্মাণৰ বাবে ধন আগবঢ়াব চৰকাৰে

অসম বাজেট ২০২৬-২৭: লাচিত বৰফুকন, কুশল কোঁৱৰৰ ওপৰত চলচ্চিত্ৰ নিৰ্মাণৰ বাবে ধন আগবঢ়াব চৰকাৰে

July 10, 2026 3:38 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

উচ্চতম ন্যায়ালয়ত উত্তপ্ত পৰিস্থিতি: ন্যায়াধীশৰ ফালে কাগজ দলিয়ালে আবেদনকাৰীয়ে, মুখ্য ন্যায়াধীশক অসভ্য আচৰণ

উচ্চতম ন্যায়ালয়ত উত্তপ্ত পৰিস্থিতি: ন্যায়াধীশৰ ফালে কাগজ দলিয়ালে আবেদনকাৰীয়ে, মুখ্য ন্যায়াধীশক অসভ্য আচৰণ

July 10, 2026 5:29 pm
মৃত্যুৰ ভয় নাই, ডিচেম্বৰত বাংলাদেশলৈ উভতি গৈ আদালতত আত্মসমৰ্পণ কৰিব শ্বেখ হাছিনাই

মৃত্যুৰ ভয় নাই, ডিচেম্বৰত বাংলাদেশলৈ উভতি গৈ আদালতত আত্মসমৰ্পণ কৰিব শ্বেখ হাছিনাই

July 10, 2026 4:56 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd