বৰাক উপত্যকাৰ শিলচৰ ৰে’ল ষ্টেচনৰ অসমীয়া ভাষাৰ চৰকাৰী ফলকত বৰাক ডেমক্ৰেটিক য়ুথ ফ্ৰণ্ট নামৰ সংগঠনটোৱে ক’লা ৰং সানি মচি পেলোৱা ঘটনা চৰম দুৰ্ভাগ্যজনক বুলি মন্তব্য কৰিছে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ বঙাইগাঁও জিলা সমিতিৰ সাধাৰণ সম্পাদক নন্দন দেৱনাথে ৷
সংবাদ মাধ্যমৰ আগত এই মন্তব্য আগবঢ়াই কৃষক মুক্তিৰ সাধাৰণ সম্পাদক গৰাকীয়ে কয় যে বৰাক উপত্যকাত বৰাক ডেমক্ৰেটিক য়ুথ ফ্ৰণ্ট নামৰ সংগঠনটোৱে অসমীয়া ভাষাৰ এখন চৰকাৰী ফলকত ক’লা ৰং সানি অসমীয়া ভাষা আৰু অসমীয়া জাতিক যি ভাবুকি তথা হুংকাৰ দিলে এয়া চৰম দুৰ্ভাগ্যজনক আৰু আমি ধিক্কাৰ জনাইছো ৷
এই চৰম অপমানৰ ঘটনা সন্দৰ্ভত ব্ৰহ্মপুত্ৰ উপত্যকাৰ যিমানবোৰ সক্ৰিয় বেংগলী সংগঠন আছে তেওঁলোকে স্পষ্ট স্থিতি ঘোষণা কৰিব লাগে বুলিও দাবী জনায় ৷
সাধাৰণ সম্পাদকগৰাকীয়ে লগতে কয় যে ব্ৰহ্মপুত্ৰ উপত্যকা তথা অসমত বসবাসকাৰী বেংগলী সকলৰ প্ৰতি আমাৰ কোনো বিদ্বেষ নাই ৷
কিন্তু অসমতেই যদি অসমীয়া ভাষাক অপমান কৰে , যদি অসমীয়া জাতিক হুংকাৰ দিয়ে তেনেহলে কঠোৰ প্ৰতিবাদী পদক্ষেপ গ্ৰহণ কৰিবলৈ বাধ্য হ’ব বুলি তেওঁ সকিয়াই দিয়ে ৷
কাৰণ বৰাক ডেম’ক্ৰেটিক য়ুথ ফ্ৰণ্টৰ স্থিতিয়ে যদি ব্ৰহ্মপুত্ৰ উপত্যকাৰ বেংগলী সকলৰো স্থিতি হয় তেনেহলে তাৰ পৰিণাম ভয়ংকৰ হ’ব বুলি তেওঁ কয়।
সাধাৰণ সম্পাদক দেৱনাথে লগতে এই কাৰ্য সংঘটিত কৰা সকলক অনতিপলমে গ্ৰেপ্তাৰ কৰিবলৈকো মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতি দাবী জনাই কয় যে যদি এওঁলোকক গ্ৰেপ্তাৰ নকৰে তেনে হলে ভাবিবলৈ বাধ্য হম যে মুখমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা তথা বিজেপি দল অসমীয়া জাতি আৰু অসমীয়া ভাষাৰ পক্ষত নাই ৷
গতিকে মুখ্যমন্ত্ৰীয়ে যদি এই ক্ষেত্ৰত নিজৰ স্থিতি স্পষ্ট নকৰে তেনেহলে ভাষা আন্দোলনৰ দৰে অসম আকৌ উত্তপ্ত হ’ব বুলিও মন্তব্য আগবঢ়ায় কৃষক মুক্তিৰ নেতা গৰাকীয়ে ৷