• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Monday, January 25, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home Popular Stories

পুনৰ নিয়াৰ হাতত গ্ৰেপ্তাৰ হ’ব কৃষক নেতা অখিল গগৈ; কাইলৈ গুৱাহাটীত হাজিৰ

Kalpa Saikia কল্পজ্যোতি শইকীয়া
গুৱাহাটী , April 22, 2020 8:06 pm

3 min read

পুনৰ নিয়াৰ হাতত গ্ৰেপ্তাৰ হ’ব কৃষক নেতা অখিল গগৈ; কাইলৈ গুৱাহাটীত হাজিৰ
851
VIEWS
Share on FacebookShare on Twitter

কাইলৈ নিয়াৰ আদালতত হাজিৰ কৰোৱা হ’ব কাৰাৰুদ্ধ কৃষক মুক্তি সংগ্ৰাম সমিতিৰ উপদেষ্টা অখিল গগৈক।

ডিব্ৰুগড়ৰ চাবুৱা থানাৰ এক গোচৰৰ ভিত্তিত নিয়া’ই ৰুজু কৰা ০১/২০২০ নম্বৰৰ গোচৰত অখিল গগৈক পুনৰ গ্ৰেপ্তাৰৰ বাবে যোৱা ১৬ এপ্ৰিলত চান্দমাৰীৰ নিয়া’ৰ বিশেষ  আদালতৰ কাষ চাপিছিল তদন্তকাৰী সংস্থাটো।

তাৰ পাছতে অখিল গগৈক কাইলৈ চান্দমাৰিস্থিত নিয়াৰ আদালততত হাজিৰ কৰিবলৈ নিৰ্দেশ দিছিল আদালতে।

এই উদ্দেশ্যে আজি বিয়লি ৪-৪৫ বজাত ডিব্ৰুগড় কেন্দ্ৰীয় কাৰাগাৰৰ পৰা গুৱাহাটী কেন্দ্ৰীয় কাৰাগাৰলৈ অসম আৰক্ষীৰ সহযোগত নিয়া’ই অখিল গগৈক অনাৰ ব্যৱস্থা কৰিছে।

কাইলৈ আদালতত হাজিৰ কৰাৰ পিছত তেওঁক পুনৰ নিয়া’ই নতুন গোচৰত গ্ৰেপ্তাৰ কৰাৰ সম্ভাৱনা প্ৰকট হৈ পৰিছে। জানিব পৰা মতে কাইলৈ নিয়াই অখিল গগৈক নিজৰ জিম্মাত বিচাৰিব।

ইপিনে, কৃষক মুক্তি সংগ্ৰাম সমিতিৰ যুটীয়া সাধাৰণ সম্পাদক মুকুট ডেকাই নৰ্থ-ইষ্ট নাওৰ সাংবাদিকক জনোৱা অনুসৰি ‘যোৱা ১ এপ্ৰিলত ডিব্ৰুগড় জিলা ন্যায়িক দণ্ডাধীশ আদালতে এদিন পূৰ্বে জামিন মঞ্জুৰ কৰা এক গোচৰত বে-আইনী কাৰ্যকলাপ (প্ৰতিৰোধ)আইন (UA(P)A)-1967 লগতে অন্য গুৰুতৰ অপৰাধৰ ধাৰা নতুনকৈ সংযোজন কৰি একেটা গোচৰতে অখিল গগৈক পুনৰ গ্ৰেপ্তাৰ কৰে।‘

 ‘ডিব্ৰুগড়ৰ চাবুৱা থানাত যোৱা ১০ ডিচেম্বৰ ২০১৯ত আৰক্ষীয়ে ‘কেব’ বা ‘কা’ বিৰোধী আন্দোলনৰ হিংসাত্মক ঘটনাক কেন্দ্ৰ কৰি ৰুজু কৰা গোচৰ (নম্বৰ  289/2019 আৰু 290/2019) দুটাত নতুনকৈ UA(P)Act-1967ৰ 15(i)a ধাৰা আৰু ভাৰতীয় দণ্ডবিধি আইনৰ দুটা ধাৰা 153(A)/153(B) সংযোজন কৰি ডিব্ৰুগড় নিম্ন আদালতে যাতে জামিন দিব নোৱাৰে ষড়যন্ত্রমূলকভাৱে এই ব্যৱস্থা গ্ৰহণ কৰে।‘ মুকুট ডেকাই এইদৰে কয়।

ইয়াৰোপৰি অখিল গগৈৰ বিৰুদ্ধে ডিব্ৰুগড় সদৰ থানাৰ আৰক্ষীয়ে পুনৰ 2107/2019 নম্বৰৰ এক গোচৰত তেওঁক গ্ৰেপ্তাৰৰ বাবে ডিব্ৰুগড় জিলা ন্যায়িক দণ্ডাধীশৰ আদালতত এক আবেদন দাখিল কৰে। আজি ডিব্ৰুগড় আদালতে এই আবেদনৰ শুনানি গ্ৰহণ কৰি অখিল গগৈক Shown arrest কৰাৰ বাবে ডিব্ৰুগড় সদৰ থানাৰ আৰক্ষীক নিৰ্দেশ জাৰি কৰিছে।

ইপিনে NIAই অখিলক পুনৰবাৰ গ্ৰেপ্তাৰ কৰাৰ সম্ভাৱনা প্ৰকট হৈ পৰাৰ পাছত ক্ষুব্ধ হৈ পৰিছে ডেকা।

“অখিল গগৈৰ বিৰুদ্ধে ভয়ংকৰ ৰাজনৈতিক ষড়যন্ত্ৰত লিপ্ত হৈছে বিজেপি-আৰ এছ এছ’ৰ চৰকাৰ। অসমৰ বিশিষ্ট বুদ্ধিজীৱী, নাগৰিক সমাজ বা অসমৰ ৰাইজে ৰাজ্য চৰকাৰক ক’ৰ’না সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি অখিল গগৈক জেইলৰ পৰা মুক্তি দিবলৈ আহ্বান জনাই আহিছে যদিও বিজেপি চৰকাৰে আক্ৰোশমূলকভাৱে এটাৰ পাছত আন এটা গোচৰ জাপি দি তেওঁক জেইলৰ ভিতৰত ৰাখিছে।” এনেদৰে কয় কৃষক মুক্তিৰ নেতা মুকুট ডেকাই।

ইয়াৰোপৰি, মাওবাদী গোচৰত তথ্য প্ৰমাণ দাখিলত ব্যৰ্থ ৰাষ্ট্ৰীয় অনুসন্ধানকাৰী সংস্থাই পুনৰ নতুন গোচৰত গ্ৰেপ্তাৰ কৰি অখিল গগৈকে ধৰি কৃষক মুক্তি সংগ্ৰাম সমিতিৰ নেতৃত্বক দীৰ্ঘদিনৰ বাবে কাৰাগাৰত বন্দী কৰি ৰখাৰ ষড়যন্ত্ৰত লিপ্ত হোৱাৰ অভিযোগ উত্থাপন কৰে মুকুট ডেকাই।

উল্লেখযোগ্য যে, গুৱাহাটী উচ্চ ন্যায়ালয়ে অখিল গগৈৰ জামিনৰ ক্ষেত্ৰত যোৱা ৮ এপ্ৰিলত স্থগিতাদেশ জাৰি কৰিছিল।

Recent News

Andhra_murder_25012021

পাশৱিক: ঈশ্বৰক সন্তুষ্ট কৰিবলৈ নিজৰ দুই যুৱতী কন্যাক হত্যা কৰিলে শিক্ষক দম্পতিয়ে, ক’ত?

Violet-Baruah

ভায়োলেট বৰুৱাসহ আন ১৩ গৰাকীলৈ ৰাষ্ট্ৰপতিৰ আৰক্ষী পদক

Biswanath

বিশ্বনাথত উত্তৰ পূৰ্বাঞ্চলৰ দ্বিতীয়টো চাৰ্জিং ষ্টেচনৰ লগতে দুখনকৈ ইলেকট্ৰিক বাছৰ শুভ উদ্বোধন

IMG_20210125_131908

নগাঁৱত ৰাষ্ট্ৰীয় ভোটাৰ দিৱস উদযাপন

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd