DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Wednesday, February 8, 2023
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home Popular Stories

জেইলৰ ভিতৰত কোভিদ-১৯ পজিটিভ; ফলিয়ালে কৃষক নেতা ধৈৰ্য কোঁৱৰৰ সতৰ্কবাণী

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
June 5, 2020 4:06 pm
Akhil Bitu Dhajya
18.5k
VIEWS
Share on FacebookShare on Twitter

গুৱাহাটী কেন্দ্ৰীয় কাৰাগাৰত শেহতীয়াকৈ পোৱা গৈছে কোভিদ-১৯ পজিটিভ। জিন্টু নাথ নামৰ কয়দীগৰাকীৰ কোনো ট্ৰেভেল হিষ্ট্ৰী নথকাৰ পাছতো তেওঁৰ দেহত ভাইৰাছবিধৰ উপস্থিতি পোৱাক লৈ উদ্বিগ্ন হৈ পৰিছে সকলো।

উল্লেখযোগ্য যে, গুৱাহাটী কেন্দ্ৰীয় কাৰাগাৰত বন্দী হৈ আছে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ নেতা অখিল গগৈ, সাধাৰণ সম্পাদক ধৈৰ্য কোঁৱৰ, ছাত্ৰ মুক্তিৰ নেতা বিতু সোণোৱাল আৰু মানস কোঁৱৰ।

কিছুদিন পূৰ্বে, নিয়াৰ আদালতত হাজিৰ কৰোৱাৰ সময়ত গুৱাহাটী কেন্দ্ৰীয় কাৰাগাৰৰ ভিতৰত সামাজিক দুৰত্ব নথকা বুলি ধৈৰ্য কোঁৱৰে গুৰুতৰ অভিযোগ উত্থাপন কৰিছিল।

‘হিমন্ত বিশ্ব শৰ্মাক আহ্বান জনাইছো জেইলৰ ভিতৰত সামাজিক ব্যৱধান মানি চলা হয় নে নহয়। একেটা কোঠাতে ৪০-৫০ গৰাকী লোক থাকিবলগীয়া হয়, গাত গা লগাই শুবলগীয়া হয়। মানুহ উদ্বিগ্ন আৰু সংকিত।‘ এইদৰে কৈছিল ধৈৰ্য কোঁৱৰে।

তদুপৰি, কাহিলীপাৰাস্থিত লেবৰটেৰীলৈ কন্ঠস্বৰ পৰীক্ষাৰ বাবে আটাইকেইজনক অনাৰ সময়ত গাড়ীখনতো কোনোধৰণৰ সামাজিক দুৰত্ব বৰ্তাই ৰখা দেখিবলৈ পোৱা নাযায়। আনকি মুখত মাস্ক এখনো ব্যৱহাৰৰ বাবে নিদিয়ে কৃষক নেতাকেইগৰাকীক।

কালি নিশাৰ ভাগত কাৰাগাৰৰ ভিতৰতে কোভিড পজিটিভ ওলোৱাক কেন্দ্ৰ কৰি এতিয়া উদ্বিগ্ন হৈ পৰিছে কৃষক মুক্তি সংগ্ৰাম সমিতি। লগতে গুৱাহাটী জিলা কাৰাগাৰৰ ভিতৰত ক’ৰ’নাৰ গণ সংক্ৰমণ হৈছে নেকি বুলি সকলোৱে প্ৰশ্ন তুলিছে।

এই সন্দৰ্ভত কৃষক মুক্তিৰ যুটীয়া সাধাৰণ সম্পাদক মুকুট ডেকাই কয়, ‘আমাৰ ধাৰণা হৈছে এতিয়া কাৰাগাৰৰ ভিতৰত কয়দীসকলৰ জীৱনৰ নিৰাপত্তাক লৈ সন্দেহ ঘনীভূত হৈছে। জেইলৰ ভিতৰত থকা আমাৰ সতীৰ্থসকলে কৰা অভিযোগ মতে তাত সামাজিক দুৰত্ব একেবাৰে নাই আৰু স্বাস্থ্য বিধি সম্পূৰ্ণ উলংঘা কৰা হৈছে।‘

‘জেইলৰ ভিতৰত লেট্ৰিন বাথৰুম সকলো কয়দীৰ বাবে মুকলি হৈ থাকে। কোনো পৃথক বাথৰুম বা লেট্ৰিন নাই। খাদ্য গ্ৰহণ কৰাৰ সময়ত জুম বান্ধি লাইন পাতোতে গাতে গা লগাই থাকে আৰু হেতা-ওপৰা হয় বুলিও আমাৰ সতীৰ্থসকলে অভিযোগ কৰিছে। আনকি চেনিটাইজাৰ বা মাস্ক কাৰাগাৰৰ ফালৰ পৰা যোগান ধৰা নহয়।‘ এইদৰে কয় মুকুট ডেকাই।

‘মুঠ কয়দীৰ তিনিভাগৰ দুটা অংশক কাৰাগাৰৰ বাহিৰত অন্য কোনো আছুতীয়া ঠাইত কুৱাৰেন্টাইন কৰি ৰাখিব লাগে। জেইলৰ ভিতৰত কুৱাৰেন্টাইনৰ কোনো পৰিবেশেই নাই।‘ ডেকাই লগতে কয়।

নেতাগৰাকীয়ে সকলো কয়দীৰে স্বাব টেষ্ট কৰিবলৈ স্বাস্থ্য বিভাগক আহ্বান জনাইছে।

উল্লেখযোগ্য যে গুৱাহাটী কেন্দ্ৰীয় কাৰাগাৰত বৰ্তমান ১১১৭জন কয়দী আছে, কিছু সময় পূৰ্বে কাৰাগাৰখনক কন্টেইনমেন্ট জ’ন হিচাপে ঘোষণা কৰিছে জিলা প্ৰশাসনে।

Recent News

UP Couple Kills Daughter

অ’নাৰ কিলিং! গৰ্ভাৱস্থা পৰীক্ষাৰ কিট পোৱাৰ বাবেই যুৱতীক হত্যা নিজ পিতৃ-মাতৃৰ!

Indian Missing In Turkey

ভূমিকম্প বিধ্বস্ত তুৰস্কত সন্ধানহীন ভাৰতীয় নাগৰিক: ১০ ভাৰতীয় আৱদ্ধ ভূমিকম্পপীড়িত চহৰত

Rahul Gandhi accuses Modi

বন্ধু আদানীক ৰক্ষণাবেক্ষণ মোদীৰ! সংসদত পুনৰ সোচ্চাৰ ৰাহুল গান্ধী

dust storm in Guwahati

ধূলিয়ৰি গুৱাহাটী: অত্যন্ত নিম্ন স্তৰত মহানগৰীৰ বায়ুৰ গুণাগুণ সূচাংক

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd