• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, September 27, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

‘কৃষক মুক্তি, ৭০ সংগঠন আৰু কা বিৰোধী ছাত্ৰ সংগঠনে এসপ্তাহৰ ভিতৰত দল গঠনেৰে দিব ভাল খবৰ’

লক্ষ্য বিজেপিক উৎখাত! দল হিচাপে একত্ৰিত নহ’লেও ৰাজনৈতিক মঞ্চত AJP ৰে বিচাৰে মিত্ৰতা!

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
September 20, 2020 7:19 pm
116050647_2720342561623150_1651358673140085717_o
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

আজি ২০ ছেপ্তেম্বৰ। আজিৰ দিনটোলৈকে নতুনকৈ গঠন হোৱা আঞ্চলিক ৰাজনৈতিক দল অসম জাতীয় পৰিষদৰ সিদ্ধান্তলৈ অপেক্ষা কৰিলে কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে।

কিন্তু বৰ্তমানলৈকে কোনোধৰণৰ ফল নহাত এতিয়া ৭০ টাকৈ জাতীয় জনগোষ্ঠীয় সংগঠন, কা বিৰোধী ছাত্ৰ সমাজ, শিল্পীসমাজৰ বিশেষ একাংশক লগত লৈ এসপ্তাহৰ ভিতৰত দল গঠনৰ সিদ্ধান্ত গ্ৰহণ কৰিছে কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে।

Apply Now

কৃষক মুক্তি সংগ্ৰাম সমিতিৰ কাৰ্যালয়ত সম্বোধন কৰা সংবাদমেলত সংগঠনটোৰ সভাপতি ভাস্ক’ ডি শইকীয়াই কয় ‘ইতিমধ্যে কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে ৰাজনৈতিক দল গঠনৰ বাবে আগবাঢ়িছো। বিভিন্ন জাতীয় সংগঠন, জনগোষ্ঠীয় সংগঠন, সকলো আঞ্চলিক শক্তি, প্ৰগতিশীল মানুহ, জাতীয়তাবাদী মানুহৰ লগত আলাপ আলোচনা চলাই আছো। ছেপ্তেম্বৰ মাহৰ ভিতৰতে দল গঠনৰ কাম আৰম্ভ কৰা হ’ব। এসপ্তাহৰ ভিতৰতে অসমৰ ৰাইজে ভাল খবৰ পাব।‘

ইপিনে, যদিও সঁহাৰি লাভ কৰা নাই তেন্তে কৃষক মুক্তি সংগ্ৰাম সমিতি এতিয়াও আশাবাদী যে সকলো আঞ্চলিক শক্তি ঐক্যবদ্ধ হ’ব।

‘এটা দল এটা প্ৰতীক বা এখন পতাকাৰ তললৈ নাহিলেও বিজেপি বিৰোধী সকলো আঞ্চলিক শক্তি এখন মঞ্চৰ তললৈ আহিব লাগিব।‘ ৰাজনৈতিক ভাৱে একত্ৰিত হোৱাৰ ইংগিত দি শইকীয়াই এইদৰে কয়।

ইপিনে, এই সংবাদমেলৰ পাছতে এই সন্দৰ্ভত অনুসুচিত জাতি যুৱ ছাত্ৰ পৰিষদৰ সভাপতি ৰুবুল দাসে নৰ্থ ইষ্ট নাওৰ সাংবাদিকৰ আগত কয় ‘অহা ২২ ছেপ্তেম্বৰৰ দিনা ৰাজনৈতিক দল গঠনৰ সন্দৰ্ভত এক বৈঠক অনুষ্ঠিত হ’ব। বিজেপিক উৎখাত কৰিবলৈ সকলো শক্তি একত্ৰিত হৈ নিৰ্বাচন খেলিব লাগিব।‘

‘‘কা’ আইনখনৰ প্ৰতিবাদ কল্পে আঞ্চলিকতাবাদী শক্তিৰ উত্থান হৈছে, গতিকে ইয়াত কোনো দলে কোনো দলক একাষৰীয়া কৰা, কাৰোবাক লগত লৈ যোৱা বিষয়টো নিশ্চয়কৈ উত্থাপন হ’ব নোৱাৰে।‘ তেওঁ লগতে কয়।

ইয়াৰোপৰি তেওঁ কয় ‘অন্তঃকৰণে এটা কথাই কামনা কৰো অসম জাতীয় পৰিষদেই হওঁক বা ৭০ সংগঠনৰ প্ৰস্তাৱিত ৰাজনৈতিক দল বা সকলো দল একত্ৰিত হৈ বিজেপিক প্ৰতিহত কৰিব লাগিব। ইয়াত কাৰোবাক এৰা ধৰাৰ প্ৰসংগটো আহিলেই বিসংগতি আহি পৰিব।‘

ইপিনে, আজিৰ দিনটোতে টাইপাৰ কাৰ্যকৰী সভাপতিৰ দায়িত্ব এৰাৰ সিদ্ধান্ত ল’লে লোহিত গগৈয়ে। ৭০ সংগঠনৰ প্ৰস্তাৱিত ৰাজনৈতিক দলৰ দায়িত্ব তথা অংশ লোৱাৰ বাবেই টাইপা এৰাৰ সিদ্ধান্তৰ কথা উৰ্দ্ধতম কতৃপক্ষক অৱগত কৰা হৈছেবুলি নৰ্থ ইষ্ট নাওৰ সাংবাদিকক জনোৱাৰ লগতে আনুষ্ঠানিকভাৱে দুই এদিনতে পদত্যাগ কৰিব বুলি ঘোষণা কৰে।

তেওঁ লগতে কয় ‘কৃষক মুক্তি সংগ্ৰাম সমিতিৰ উদ্যোগত ৭০ সংগঠনৰ নেতৃত্বত এই ৰাজনৈতিক দল গঠন হ’ব। কা-বিৰোধী ছাত্ৰ সমাজ, শিল্পী সমাজৰ অংশবিশেষৰ উমৈহতীয়া প্ৰচেষ্টাত ঐক্যৱদ্ধ ৰাজনৈতিক দল গঠনৰ সিদ্ধান্ত লোৱা হৈছে। ৩০ ছেপ্তেম্বৰৰ ভিতৰত গঠন হ’ব এই নতুন ৰাজনৈতিক দল।‘

‘নতুনকৈ গঠন হোৱা ৰাজনৈতিক দলে সিদ্ধান্ত ল’ব অসম জাতীয় পৰিষদৰ সৈতে মিত্ৰতা হোৱাৰ প্ৰসংগত। আঞ্চলিক শক্তিসমূহ একত্ৰিত হ’বই লাগিব। আঞ্চলিক শক্তি বহুদাবিভক্ত হ’লে মূৰকত গৈ শাসক পক্ষ লাভৱান হ’ব। আমি বিভাজনৰ পক্ষত নাই। যিকোনো ত্যাগৰ বিনিময়ত কেৱল অসম জাতীয় পৰিষদেই নহয়, আঁতৰি থকা আঞ্চলিক গণ মৰ্চাকে ধৰি সকলো আঞ্চলিকতাবাদী শক্তি একত্ৰিত হোৱাটো কামনা কৰো।‘ তেওঁ লগতে কয়।

যদি তেওঁলোকৰ এই প্ৰস্তাৱ নতুনকৈ গঠন হোৱা আঞ্চলিক ৰাজনৈতিক শক্তি AJP য়ে মানি লয় বা ৰাজনৈতিকভাৱে মিত্ৰতাৰ সিদ্ধান্ত লয় তেন্তে ২১ৰ ৰাজনীতিত এটা ধুমুহা অহাটো নিশ্চিত।

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

‘জেন জি’লৈ ভয় মুখ্যমন্ত্ৰীৰ! চিজেপি নেতাৰ গ্ৰেপ্তাৰৰ ঘটনাক অগণতান্ত্ৰিক আখ্যা সোণেশ্বৰ নৰহৰ

‘জেন জি’লৈ ভয় মুখ্যমন্ত্ৰীৰ! চিজেপি নেতাৰ গ্ৰেপ্তাৰৰ ঘটনাক অগণতান্ত্ৰিক আখ্যা সোণেশ্বৰ নৰহৰ

September 27, 2026 9:38 pm
নিটৰ পাছত এইবাৰ নিৰ্বাচন আয়োগ! চিজেপিৰ আন্দোলনলৈ মুকলি সমৰ্থন সোণম ৱাংচুকৰ

নিটৰ পাছত এইবাৰ নিৰ্বাচন আয়োগ! চিজেপিৰ আন্দোলনলৈ মুকলি সমৰ্থন সোণম ৱাংচুকৰ

September 27, 2026 8:54 pm
দেশৰ ৰাজনীতিত দল বাগৰাৰ জোৱাৰ! চাৰি বছৰত ১১১ গৰাকী সাংসদ-বিধায়কে সলালে দল

দেশৰ ৰাজনীতিত দল বাগৰাৰ জোৱাৰ! চাৰি বছৰত ১১১ গৰাকী সাংসদ-বিধায়কে সলালে দল

September 27, 2026 8:10 pm
ডিগ্ৰীধাৰী যুৱপ্ৰজন্মই কিয় নাপায় চাকৰি? নীতি আয়োগৰ প্ৰতিবেদনত পোহৰলৈ আহিল নিবনুৱা সমস্যাৰ ভয়ংকৰ তথ্য

ডিগ্ৰীধাৰী যুৱপ্ৰজন্মই কিয় নাপায় চাকৰি? নীতি আয়োগৰ প্ৰতিবেদনত পোহৰলৈ আহিল নিবনুৱা সমস্যাৰ ভয়ংকৰ তথ্য

September 27, 2026 6:10 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

‘জেন জি’লৈ ভয় মুখ্যমন্ত্ৰীৰ! চিজেপি নেতাৰ গ্ৰেপ্তাৰৰ ঘটনাক অগণতান্ত্ৰিক আখ্যা সোণেশ্বৰ নৰহৰ

‘জেন জি’লৈ ভয় মুখ্যমন্ত্ৰীৰ! চিজেপি নেতাৰ গ্ৰেপ্তাৰৰ ঘটনাক অগণতান্ত্ৰিক আখ্যা সোণেশ্বৰ নৰহৰ

September 27, 2026 9:38 pm
নিটৰ পাছত এইবাৰ নিৰ্বাচন আয়োগ! চিজেপিৰ আন্দোলনলৈ মুকলি সমৰ্থন সোণম ৱাংচুকৰ

নিটৰ পাছত এইবাৰ নিৰ্বাচন আয়োগ! চিজেপিৰ আন্দোলনলৈ মুকলি সমৰ্থন সোণম ৱাংচুকৰ

September 27, 2026 8:54 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd