• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, July 30, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

প্ৰকৃত সেনানী! কৰমণ্ডলত মোবাইলৰ পোহৰত উদ্ধাৰ কাৰ্য আৰম্ভ কৰা সেই নায়কসকলৰ কথা জানেনে?

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
June 4, 2023 8:03 am
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

এগৰাকী সাধাৰণ কৃষক পূৰ্ণচন্দ্ৰ মালিক। বাৰীকপুৰ বজাৰৰ পৰা উভতি আহিছিল মাত্ৰ। এনে সময়ত শুনিলে সেই প্ৰচণ্ড শব্দ। চেন্নাই অভিমুখী কৰমণ্ডল এক্সপ্ৰেছ ৰে’লখন তেতিয়া এক ভয়ংকৰ দুৰ্ঘটনাৰ সন্মুখীন হৈছে। প্ৰতি ঘণ্টাত ১৩০ কিলোমিটাৰ বেগত চলা ৰে’লখন লাইনচ্যুত হৈ পৰিছে।

অলপো পলম কৰা নাছিল পূৰ্ণচন্দ্ৰই। তেওঁ দৌৰিবলৈ ধৰিলে। হাতত মোবাইলৰ পোহৰ। দবাবোৰ ওলোটাকৈ পৰি ৰৈছে। তেওঁ এটা এটাকৈ দবাবোৰৰ গ্লাছ ভাঙিবলৈ ধৰিলে। তেওঁলোকক ৰক্ষা কৰিবই লাগিব। ভাঁহি আহিছে চিঞৰ, কান্দোন, আৰ্তনাদ। এক মৃত্যুমুখী আতংকই সকলোকে আগুৰি ধৰিছে। কিন্তু ৰৈ থাকিলে  নহ’ব।

লগতে পঢ়ক: উৰিষ্যাঃ  নিজে বাচিল কিন্তু বচাব নোৱাৰিলে ১৮ বছৰীয়া পুত্ৰক, ঘৰলৈ ফোন কৰি নিজেই দিলে পুত্ৰৰ মৃত্যু সংবাদ

Apply Now

পূৰ্ণচন্দ্ৰই কয়, ‘’কোঠাটোত সোমাই গ’লো। কিন্তু দেখিলো বহুতৰে হাত-ভৰি কাটি গৈছে। তেজে তুমৰলি হৈ পৰিছে। মোৰ কাপোৰকানি তেজেৰে তিতি গ’ল। কমেও ৩০টা দেহ উলিয়াই আনিলো।‘’

সুদৰ্শন দাস নামৰ এজন শ্ৰমিকে কয় যে মই জখলা লৈ দবাটোলৈ উঠিছিলোঁ। তাৰ পিছত এজন এজনকৈ আহতসকলক উলিয়াই আনিছিলোঁ।

ৰঞ্জন মুৰ্মুৱে প্ৰথমেই উদ্ধাৰৰ কাৰ্যত জপিয়াই পৰিছিল। তেওঁ কয় যে চকুৰ সন্মুখত কিমান মানুহৰ মৃত্যু হ’ল। মই তেওঁলোকক শেষত পানীও দিব পৰা নাছিলো। চৌদিশে ইমানবোৰ মানুহ আহত। কি কৰিম মই বুজি পোৱা নাছিলো যদিও মই হাৰ মনা নাছিলো।

লগতে পঢ়ক: চাৰি বছৰীয়া হ’ব স্নাতকৰ পাঠ্যক্ৰম : নতুন শিক্ষানীতি উদ্বোধন কৰি ঘোষণা কৰিলে মুখ্যমন্ত্ৰীয়ে

এগৰাকী প্ৰাক্তন আৰক্ষী বিষয়া গণেশ প্ৰসাদ নায়ক। বৰ্তমান ইস্কনৰ কৃষ্ণ ভক্ত। তেওঁ কয় যে ইস্কন ভক্তসকলক লগত লৈ উদ্ধাৰ কাৰ্যত জপিয়াই পৰিলো। মুঠতে ৭১ টা মৃতদেহ উলিয়াই লৈ আনিলো। এগৰাকী মহিলাই ক’লে মোৰ ১৮ বছৰীয়া ল’ৰাটো দবাটোত আছে। মোবাইলৰ টৰ্চটো জ্বলাই ভিতৰলৈ গৈ দেখিলো মৃত অৱস্থাত পৰি আছে ল’ৰাটো।

স্থানীয় লোকৰ লগতে এনডিআৰএফ, অ’ডিআৰএফ, ওড়িশা অগ্নিনিৰ্বাপক সেৱা, ভাৰতীয় বায়ুসেনাই উদ্ধাৰ অভিযানত জপিয়াই পৰে। সেনাবাহিনীৰ এজন অধিনায়কে জনোৱা মতে, দুটা দবা খাৱৈত বাগৰি পৰে। তাৰ পৰা ক্ৰেন আনি উদ্ধাৰ কৰাটো অসম্ভৱ। কিন্তু আমি চেষ্টা কৰি আছো।

ইফালে বালাছোৰ আৰু ভদ্ৰাত ৰক্তদানৰ বাবে যুৱকসকলে ৰক্তাদানৰ বাবে শাৰী পাতি ৰৈ থকা দেখা গৈছিল। ওড়িশাৰ মুখ্য সচিব প্ৰদীপ কুমাৰ জেনাই তেওঁলোকক ধন্যবাদ জ্ঞাপন কৰে। বালাছোৰত এৰাতিতে ৫০০ ইউনিট তেজ সংগ্ৰহ কৰা হয়।

লগতে পঢ়ক: প্ৰতিবাদী মল্লযুঁজাৰুৰ সমৰ্থনত দীঘলীপুখুৰীৰ পাৰত প্ৰতিবাদ ৰাইজৰ দলৰ

দৰাচলতে পূৰ্ণচন্দ্ৰ, ৰঞ্জন মুৰ্মু, ৰক্তদানৰ বাবে শাৰী পাতি থিয় হৈ থকা অসংখ্য যুৱক, গণেশ প্ৰসাদ নায়ক আদিয়েই প্ৰকৃত নায়ক, প্ৰকৃত সেনানী। সেই প্ৰকৃত নায়কসকলৰ মানৱতাৰ আগত সকলো ক্ষুদ্ৰ হৈ পৰে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

নিৰ্বাচনত জয়ী নোহোৱাকৈয়ে ছমাহতকৈ অধিক সময় মন্ত্ৰী! চৰকাৰৰ পৰা উত্তৰ বিচাৰিলে উচ্চতম ন্যায়ালয়ে

নিৰ্বাচনত জয়ী নোহোৱাকৈয়ে ছমাহতকৈ অধিক সময় মন্ত্ৰী! চৰকাৰৰ পৰা উত্তৰ বিচাৰিলে উচ্চতম ন্যায়ালয়ে

July 30, 2026 5:57 pm
সংসদত হাঁহি হাঁহি ইতিহাসৰ পাঠ পঢ়ালে প্ৰিয়ংকাই : দুষাৰ কথা ক’বলৈ গৈ বিপদত পৰিল নেকি এইগৰাকী নেতা?

সংসদত হাঁহি হাঁহি ইতিহাসৰ পাঠ পঢ়ালে প্ৰিয়ংকাই : দুষাৰ কথা ক’বলৈ গৈ বিপদত পৰিল নেকি এইগৰাকী নেতা?

July 30, 2026 5:42 pm
“ৰে’লৰ দৰে শিক্ষা ব্যৱস্থাও উন্নত হওক”, আওপকীয়াকৈ চৰকাৰক প্ৰশংসা সোণম ৱাংচুকৰ

“ৰে’লৰ দৰে শিক্ষা ব্যৱস্থাও উন্নত হওক”, আওপকীয়াকৈ চৰকাৰক প্ৰশংসা সোণম ৱাংচুকৰ

July 30, 2026 4:24 pm
মনত ৰাখিব অনুৰাগীয়ে! হঠাৎ ক্ৰিকেটৰ সকলো ফৰ্মেটৰ পৰা অৱসৰ ঘোষণা অজিংক্য ৰাহানেৰ

মনত ৰাখিব অনুৰাগীয়ে! হঠাৎ ক্ৰিকেটৰ সকলো ফৰ্মেটৰ পৰা অৱসৰ ঘোষণা অজিংক্য ৰাহানেৰ

July 30, 2026 4:23 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

নিৰ্বাচনত জয়ী নোহোৱাকৈয়ে ছমাহতকৈ অধিক সময় মন্ত্ৰী! চৰকাৰৰ পৰা উত্তৰ বিচাৰিলে উচ্চতম ন্যায়ালয়ে

নিৰ্বাচনত জয়ী নোহোৱাকৈয়ে ছমাহতকৈ অধিক সময় মন্ত্ৰী! চৰকাৰৰ পৰা উত্তৰ বিচাৰিলে উচ্চতম ন্যায়ালয়ে

July 30, 2026 5:57 pm
সংসদত হাঁহি হাঁহি ইতিহাসৰ পাঠ পঢ়ালে প্ৰিয়ংকাই : দুষাৰ কথা ক’বলৈ গৈ বিপদত পৰিল নেকি এইগৰাকী নেতা?

সংসদত হাঁহি হাঁহি ইতিহাসৰ পাঠ পঢ়ালে প্ৰিয়ংকাই : দুষাৰ কথা ক’বলৈ গৈ বিপদত পৰিল নেকি এইগৰাকী নেতা?

July 30, 2026 5:42 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd