সমগ্ৰ বিশ্বতে জানুৱাৰী মাহত বিবাহ বিচ্ছেদৰ সংখ্যা বৃদ্ধি পায়। হঠাতে উকীল, কাউন্সেলিং চেণ্টাৰ, আদালতত ভিৰ বাঢ়ি যায়। সেইবাবেই জানুৱাৰী মাহক ‘বিবাহ বিচ্ছেদৰ মাহ’ বুলি কোৱা হয়। ইয়াৰ আঁৰত বহুতো সামাজিক আৰু মানসিক কাৰণ আছে।
ডিচেম্বৰ মাহ বন্ধ আৰু উৎসৱৰ মাহ। এই সময়ছোৱাত দম্পতীয়ে সমস্যাৰ পৰা আঁতৰি থাকে। কিন্তু নতুন বছৰত বহুতে নতুন জীৱন আৰম্ভ কৰাৰ সিদ্ধান্ত লয়। এই ‘নৱবৰ্ষৰ সংকল্প’ৰ অংশ হিচাপে বহু লোকে বিবাহ বিচ্ছেদৰ পথত খোজ দিয়ে।
নতুন বছৰটোৱে বহুতৰে বাবে নতুন জীৱনৰ সংকেত দিয়ে। অসুখী সম্পৰ্কৰ পৰা ওলাই আহি স্বাধীনভাৱে জীয়াই থকাৰ ইচ্ছা বাঢ়ি যায়। যিহেতু ডিচেম্বৰ মাহত অধিবক্তা আৰু আদালত ছুটীত থাকে, সেয়ে জানুৱাৰী মাহত তেওঁলোকৰ কাৰ্যালয় খোলাৰ লগে লগে বিবাহ বিচ্ছেদৰ আবেদন বৃদ্ধি পায়।
আইনী বিশেষজ্ঞসকলে কয় যে এই সংখ্যা বেছি যেন লাগে কাৰণ ডিচেম্বৰ মাহত জমা হোৱা গোচৰ জানুৱাৰী মাহত আহে। বিবাহ বিচ্ছেদ কোনো সমাধান নহয়। দম্পতীয়ে ইজনে সিজনক বুজিব লাগে আৰু প্ৰয়োজন হ’লে পৰামৰ্শ ল’ব লাগে। তেতিয়াহে সম্পৰ্ক ৰক্ষা কৰিব পৰা যাব।





