NORTHEAST NOW (Assamese)

পুনৰ অসম বন্ধ: ১২ ছেপ্টেম্বৰত ১২ ঘন্টীয়া অসম বন্ধৰ আহ্বান

September 10, 2019 12:52 pm · কল্পজ্যোতি শইকীয়া
অসম বন্ধৰ ফাইল ফটো

অহা ১২ চেপ্টেম্বৰত ১২ ঘন্টীয়া অসম বন্ধৰ আহ্বান দিছে কোচ ৰাজবংশী সন্মিলনে। কোচ ৰাজবংশী সন্মিলনৰ বীৰেশ্বৰ শইকীয়া আৰু দুৰ্লভ চমুৱা গোটে এই বন্ধৰ আহ্বান জনাইছে।

এন আৰ চিৰ পৰা প্ৰায় ৫ লক্ষ কোচ ৰাজবংশী লোকৰ নাম বাদ পৰাৰ গুৰুতৰ অভিযোগ উত্থাপন কৰিছে সন্মিলনীয়ে।

সেয়েহে এন আৰ চি প্ৰক্ৰিয়াৰ বিৰোধিতা কৰি সন্মিলনীয়ে ১২ ছেপ্টেম্বৰত এই বন্ধৰ আহ্বান জনাইছে।

দিছপুৰ প্ৰেছ ক্লাৱত মঙলবাৰে এক সংবাদমেল সম্বোধন কৰি এই বন্ধৰ কথা ঘোষণা কৰে সন্মিলনীৰ সভাপতি বীৰেশ্বৰ শইকীয়াই।

মঙলবাৰে দিচপুৰ প্ৰেছ ক্লাৱত সংবাদমেলত কোচ-ৰাজবংশীৰ নেতত্ব। ফটোঃ নৰ্থইষ্ট নাও

অহা ১২ ছেপ্টেম্বৰৰ দিনা পুৱা ৫ বজাৰ পৰা পৰা সন্ধিয়া ৫ বজালৈকে এই বন্ধৰ আহ্বান জনোৱা হৈছে।

সংবাদমেলত শইকীয়াই গোৱালপাৰা, কোকৰাঝাৰ, ধেমাজি, বঙাইগাঁও আৰু ওদালগুৰিত প্ৰধানকৈ কোচ-ৰাজবংশী লোকৰ নাম বাদ পৰিছে বুলি জানিবলৈ দিয়ে।

ইপিনে, গুৱাহাটী উচ্চ ন্যায়ালয়ৰ নিৰ্দেশনা থকা সত্বেও দিয়া এই বন্ধই বিশেষ তাৎপৰ্য বহন কৰিছে।

আনহাতে, একেখন সংবাদমেলতে এনআৰচিত বহু বিদেশী লোকৰ নাম অন্তৰ্ভূক্ত হোৱা বুলিও শইকীয়াই অভিযোগ তোলে।

বিটিএডি অঞ্চলৰ পৰাও বহু কোচ-ৰাজবংশী লোকৰ নাম ৰাজনৈতিক ষড়যন্ত্ৰৰে বাদ দিয়াৰ শইকীয়াই গুৰুতৰ অভিযোগ তোলে।

Related News