ইণ্ডিয়ানাত ভাৰতীয় বংশোদ্ভূত ছাত্ৰক হত্যা; জিম্মাত লোৱা হৈছে কোৰিয়ান ৰুমমেটক

কোৰিয়ান ৰুমমেট জি মিন আৰু হত্যাৰ বলি বৰুণ মনীষ ছেদা।

Indian-origin student killed at us Purdue University আমেৰিকা যুক্তৰাষ্ট্ৰৰ ইণ্ডিয়ানাত এগৰাকী ২০ বছৰীয়া ভাৰতীয় বংশোদ্ভূত ছাত্ৰক হত্যা কৰা হৈছে। ছাত্ৰজনৰ মৃতদেহ তেওঁৰ হোষ্টেলত উদ্ধাৰ হৈছে।

বাতৰি অনুসৰি, ঘটনাটোত ছাত্ৰজনৰ কোৰিয়ান ৰুমমেট গৰাকীক জিম্মাত লোৱা হৈছে।

আৰক্ষীয়ে জনায় যে ইণ্ডিয়ানা পলিছৰ বৰুণ মনীষ ছেদা পাৰ্ডু বিশ্ববিদ্যালয়ত অধ্যয়ন কৰি আছিল।

লগতে পঢ়ক: মেক্সিকোত সন্ত্ৰাসবাদী আক্ৰমণ; মেয়ৰসহ কমেও ১৯ জন লোক নিহত

মনীষক চৌহদৰ পশ্চিম প্ৰান্তৰ মেককুটচিয়ন হলত মৃত অৱস্থাত উদ্ধাৰ কৰা হয়।

বুধবাৰে পুৱা এক সংবাদ সন্মিলনত পাৰ্ডু বিশ্ববিদ্যালয়ৰ আৰক্ষী মুৰব্বী লেছলি ৱিটে জনায় যে জুনিয়ৰ চাইবাৰ চিকিউৰিটিৰ এজন কোৰিয়ান ছাত্ৰ জি মিনে বুধবাৰে স্থানীয় সময় অনুসৰি পুৱা ১২:৪৫ বজাত ৯১১ নম্বৰত ফোন কৰি মনীষ ছেদাৰ মৃত্যুৰ বিষয়ে আৰক্ষীক অৱগত কৰে। ফোন কলটোৰ বিতং বিৱৰণ প্ৰকাশ কৰা হোৱা নাই।

লগতে পঢ়ক:জেনিফাৰ লোপেজ বা ছাকিৰা নহয়, এইবাৰ কাটাৰ বিশ্বকাপত বলীউদৰ চাঞ্চল্য নোৰা ফাতেহী

বৰুণ মনীষ ছেদা বিশ্ববিদ্যালয়ৰ তথ্য বিজ্ঞানৰ ছাত্ৰ আছিল। প্ৰাথমিক মৰণোত্তৰ পৰীক্ষাত প্ৰকাশ পাইছে যে একাধিক বল প্ৰয়োগৰ ফলত ছাত্ৰজনৰ মৃত্যু হৈছিল।