NORTHEAST NOW (Assamese)

মথুৰাৰ কৃষ্ণ জন্মভূমি-শ্বাহী ইদগাহ মছজিদ বিবাদক লৈ জৰীপৰ নিৰ্দেশ আদালতৰ

December 24, 2022 6:37 pm · এন ই নাও নিউজ, গুৱাহাটী
Updated: December 24, 2022 5:52 pm

মথুৰাৰ কৃষ্ণ জন্মভূমি-শ্বাহী ইদগাহ বিবাদত আজি উত্তৰ প্ৰদেশৰ এখন জিলা আদালতে এক গুৰুত্বপূৰ্ণ নিৰ্দেশ দিয়ে। স্থানীয় আদালতে এই বিবাদৰ শুনানি গ্ৰহণ কৰি আজি মছজিদ চৌহদৰ জৰীপ কৰাৰ নিৰ্দেশ জাৰি কৰিছে।

সংবাদ মাধ্যমত প্ৰকাশিত খবৰ অনুসৰি মথুৰাৰ স্থানীয় আদালতে গোচৰটোত জড়িত সকলো পক্ষলৈ আদেশৰ প্ৰতিলিপি প্ৰেৰণ কৰি অহা ২০ জানুৱাৰীৰ ভিতৰত মানচিত্ৰৰ সৈতে জৰীপৰ প্ৰতিবেদন আদালতত দাখিল কৰাৰো নিৰ্দেশ দিছে।

মথুৰাৰ দেৱানী ন্যায়াধীশ জ্যেষ্ঠ সংমণ্ডল (তৃতীয়) ছোনিকা ভাৰ্মাই আজি হিন্দু সেনাই দাখিল কৰা আবেদনৰ শুনানি গ্ৰহণ কৰি এই নিৰ্দেশ প্ৰদান কৰিছে।

মথুৰাৰ স্থানীয় আদালতে কৃষ্ণ জন্মভূমি-শ্বাহী ইদগাহ বিবাদৰ সৈতে জড়িত সকলো পক্ষকে জাননী জাৰি কৰি আদালতৰ এই নিৰ্দেশ মানি চলিবলৈ আহ্বান জনাইছে।

উল্লেখ্য, হিন্দু সেনাই কৃষ্ণ জন্মভূমি-শ্বাহী ইদগাহ বিবাদৰ ১৩.৩৭ একৰ কমপ্লেক্সত নিৰ্মাণ কৰা ইদগাহ ভাঙি পেলাবলৈ দাবী কৰি আহিছে। হিন্দু সেনাই ১৯৬৮ চনত শ্ৰী কৃষ্ণ জন্মস্থান সেৱা সংঘ আৰু শ্বাহী মছজিদ ইদগাহৰ মাজত হোৱা চুক্তিকো প্ৰত্যাহ্বান জনাইছে।

ইফালে, জানিব পৰা মতে মথুৰাৰ ইদগাহ মছজিদ কেন্দ্ৰীয় চৰকাৰে প্ৰস্তুত কৰা পূজাস্থলী আইন, ১৯৯১ৰ পৰিসৰৰ অধীনলৈ অনা হৈছে। এই আইন অনুসৰি যিকোনো ধৰ্মীয় স্থানৰ ‘প্ৰকৃতি’ ১৯৪৭ চনৰ ১৫ আগষ্ট অনুসৰিয়ে বাহাল থাকিব।

Related News