• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, October 25, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

নাই পৰ্যাপ্ত শিক্ষক, মৌলিক সা-সুবিধা: বিধানসভাত খোদ শিক্ষামন্ত্ৰীয়ে উদঙালে ৰাজ্যৰ চৰকাৰী শিক্ষাখণ্ডৰ স্বৰূপ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
December 22, 2022 9:44 pm
government schools in Assam
13
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

কেনে আছে ৰাজ্যৰ চৰকাৰী শিক্ষাখণ্ড! ব্যক্তিগত বিদ্যালয়ৰ জয়জয়কাৰ পৰিৱেশৰ সময়ত চৰকাৰী বিদ্যালয়ৰ পৰিস্থিতি কেনে! চৰকাৰৰ দ্ৰুত বিকাশৰ চমৎকাৰী পৰশে স্পৰ্শ কৰিছে নে ৰাজ্যৰ চৰকাৰী খণ্ডৰ বিদ্যালয়ত? ৰাজ্যৰ শিক্ষামন্ত্ৰীয়েই দাঙি ধৰিছে এই প্ৰশ্নসমূহৰ উত্তৰ।

আজি বিধানসভাত প্ৰশ্নোত্তৰ কালত শিক্ষামন্ত্ৰী ৰণোজ পেগুৱে দাঙি ধৰিছে চৰকাৰী শিক্ষাখণ্ডৰ স্বৰূপ। শিক্ষামন্ত্ৰীৰ তথ্য অনুসৰি অসমৰ হাজাৰ হাজাৰ চৰকাৰী বিদ্যালয়ত বিৰাজমান শিক্ষক নাটনিৰ সমস্যা; হাজাৰ হাজাৰ চৰকাৰী বিদ্যালয় ভুগিছে বিদ্যুৎ, খোৱাপানী আৰু শৌচাগাৰৰ দৰে মৌলিক সা-সুবিধাসমূহৰ অভাৱত।

Apply Now

বিধানসভাত শিক্ষামন্ত্ৰী পেগুৱে জানিবলৈ দিয়া মতে ৰাজ্যৰ ২৯৭৯ খন বিদ্যালয় চলিছে মাত্ৰ এগৰাকী শিক্ষকেৰে। আনহাতে ১৫,১৬১ খন বিদ্যালয় দুগৰাকী শিক্ষক, ৮২০৭ খন বিদ্যালয় তিনিগৰাকী শিক্ষক আৰু ৭,০৩৫ খন বিদ্যালয় সাতগৰাকী বা তাতকৈ অধিক শিক্ষকেৰে পৰিচালিত হৈছে।

শিক্ষামন্ত্ৰীগৰাকীয়ে উল্লেখ কৰা মতে ৰাজ্যৰ উচ্চ আৰু উচ্চতৰ মাধ্যমিক বিদ্যালয়ত ৬৪৬৭ টা শিক্ষকৰ পদ খালী হৈ আছে।

বিৰোধী দলৰ নেতা দেৱব্ৰত শইকীয়াই কৰা এক প্ৰশ্নৰ উত্তৰত পেগুৱে কয়, “চৰকাৰে গ্ৰহণ কৰা পদক্ষেপৰ বাবে শিক্ষকৰ সংখ্যা কম থকা বিদ্যালয়সমূহত শিক্ষকৰ সংখ্যা আৰু ছাত্ৰ-ছাত্ৰীৰ অনুপাত ক্ৰমান্বয়ে কমি আহিছে।”

“বিদ্যালয়সমূহত ছাত্ৰ-ছাত্ৰীৰ সংখ্যা আৰু নিৰ্দিষ্ট বিষয়ৰ শিক্ষকৰ প্ৰয়োজনীয়তাৰ ওপৰত ভিত্তি কৰি পদ পূৰণ কৰা হয়। সকলো খালী পদ পূৰণ কৰা হ’ব বুলি কোৱাটো সম্ভৱপৰ নহয়।”-শিক্ষামন্ত্ৰী ৰণোজ পেগুৱে লগতে কয়।

শিক্ষামন্ত্ৰীৰ তথ্য অনুসৰি ৰাজ্য পৃথক শ্ৰেণীকোঠা নথকা ৪৭৯৯ খন বিদ্যালয় আছে। এনে পৃথক শ্ৰেণীকোঠা নথকা আন ৫,৬৭৩ খন বিদ্যালয়ত শ্ৰেণীকোঠা পৃথক কৰা দেৱাল নিৰ্মাণৰ বাবে ধন মুকলি কৰি দিয়াৰ বিপৰীতে ৪,১৯৯খন বিদ্যালয়ত কাম সম্পূৰ্ণ হৈছে বুলি মন্ত্ৰীগৰাকীয়ে বিধানসভাত উল্লেখ কৰিছে।

আনহাতে ৰাজ্যত বিদ্যুৎ সংযোগ বিহীন মুঠ ১,১০০ খন প্ৰাথমিক আৰু মাধ্যমিক বিদ্যালয় আছে বুলিও শিক্ষামন্ত্ৰী পেগুৱে উল্লেখ কৰে। তদুপৰি ৰণোজ পেগুৰ তথ্য অনুসৰি ১,১২৪ খন বিদ্যালয়ত নাই খোৱাপানীৰ সুবিধা। ইফালে ৩,১১৭ খন বিদ্যালয়ত ল’ৰাৰ বাবে শৌচাগাৰ আৰু ১,৬৯৩ খন বিদ্যালয়ত ছোৱালীৰ বাবে শৌচাগাৰ নাই বুলি জানিবলৈ দিয়ে শিক্ষামন্ত্ৰী ৰণোজ পেগুৱে।

শিক্ষামন্ত্ৰীগৰাকীয়ে দাঙি ধৰা এই তথ্যৰ আধাৰতে আন এক প্ৰশ্নৰো সম্প্ৰতি অৱতাৰণা হৈছে। বিগত দুটা দশকৰ অধিক সময় শিক্ষা বিভাগৰ দায়িত্বত আছিল বৰ্তমানৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। সততে ৰাজ্যত কৰ্মদক্ষ মন্ত্ৰী হিচাপে চৰ্চিত হোৱা হিমন্ত বিশ্ব শৰ্মাই দীৰ্ঘ সময় ধৰি বিভাগীয় মন্ত্ৰী হিচাপে দায়িত্বত থকাৰ পাছতো চৰকাৰী শিক্ষাখণ্ডৰ এই কোঙা অৱস্থাই তেওঁৰ দক্ষতা কেনেদৰে নিৰূপণ কৰিব, এই প্ৰশ্ন স্বাভাৱিকতেই উত্থাপন হ’ব।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ধেমাজিত পথ দুৰ্ঘটনাত মৃত্যু NSUI-ৰ ৰাজ্যিক উপ সভাপতি কমলেশ্বৰ চুতীয়াৰ

ধেমাজিত পথ দুৰ্ঘটনাত মৃত্যু NSUI-ৰ ৰাজ্যিক উপ সভাপতি কমলেশ্বৰ চুতীয়াৰ

October 25, 2026 12:51 pm
SIRৰ বিৰুদ্ধে নাগৰিক সমাজৰ প্ৰতিবাদ; হায়দৰাবাদত মানৱ শৃংখলত ভাগ ল’লে অৰ্থনীতিবিদ পৰকলা প্ৰভাকৰে

SIRৰ বিৰুদ্ধে নাগৰিক সমাজৰ প্ৰতিবাদ; হায়দৰাবাদত মানৱ শৃংখলত ভাগ ল’লে অৰ্থনীতিবিদ পৰকলা প্ৰভাকৰে

October 25, 2026 12:10 pm
অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

October 25, 2026 10:51 am
ৰাজীৱক প্ৰথম লগ পোৱা সেই ৰেষ্টুৰেণ্টখন এতিয়া বন্ধ! ছোনিয়াৰ স্মৃতিৰ ঠিকনাত এতিয়া কি আছে?

ৰাজীৱক প্ৰথম লগ পোৱা সেই ৰেষ্টুৰেণ্টখন এতিয়া বন্ধ! ছোনিয়াৰ স্মৃতিৰ ঠিকনাত এতিয়া কি আছে?

October 25, 2026 10:22 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ধেমাজিত পথ দুৰ্ঘটনাত মৃত্যু NSUI-ৰ ৰাজ্যিক উপ সভাপতি কমলেশ্বৰ চুতীয়াৰ

ধেমাজিত পথ দুৰ্ঘটনাত মৃত্যু NSUI-ৰ ৰাজ্যিক উপ সভাপতি কমলেশ্বৰ চুতীয়াৰ

October 25, 2026 12:51 pm
SIRৰ বিৰুদ্ধে নাগৰিক সমাজৰ প্ৰতিবাদ; হায়দৰাবাদত মানৱ শৃংখলত ভাগ ল’লে অৰ্থনীতিবিদ পৰকলা প্ৰভাকৰে

SIRৰ বিৰুদ্ধে নাগৰিক সমাজৰ প্ৰতিবাদ; হায়দৰাবাদত মানৱ শৃংখলত ভাগ ল’লে অৰ্থনীতিবিদ পৰকলা প্ৰভাকৰে

October 25, 2026 12:10 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd