• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, July 13, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

এশ এবুৰি সমস্যাৰে জৰ্জৰিত লাহৰীঘাট উপ-ডাকঘৰ, সাধাৰণ ৰাইজৰ হাৰাশাস্তি

জাহিৰুল ইছলাম by জাহিৰুল ইছলাম
September 7, 2018 6:15 pm
Lahorighat Sub-Post Office
253
VIEWS
Share on FacebookShare on Twitter

যি সময়ত কেন্দ্ৰীয় চৰকাৰে ডাকসেৱাৰ আধুনিকীকৰণৰ বাবে কেতবোৰ অভিলাষী আঁচনি হাতত লৈছে সেই সময়তে ৰাজ্যৰ একাংশ ডাকঘৰৰ শোচনীয় অৱস্থাই সাধাৰণ ৰাইজক বাৰুকৈয়ে জলা-কলা খুৱাই আহিছে।

এনে এটা ডাকঘৰ হৈছে মৰিগাঁও জিলাৰ লাহৰীঘাট উপ-ডাকঘৰ। উল্লেখযোগ্য যে কেন্দ্ৰীয় চৰকাৰৰ নতুন নীতি-নিয়মানুসাৰে ডাকঘৰৰ কাম-কাজৰ পৰিসৰ যথেষ্ট বৃদ্ধি হৈছে। কিন্তু উক্ত ডাকঘৰটোৰ এশ এবুৰি সমস্যাই গ্ৰাহক ৰাইজক সেৱা দিয়াৰ বিপৰীতে যমৰ যাতনাহে ভোগাইছে। তাৰোপৰি ভুতৰ ওপৰত দানহৰ দৰে বৃহত্তৰ লাহৰীঘাট অঞ্চৰ অনিয়মীয়া বিদ্যুৎ যোগানেও বিভিন্ন কাম-কাজত যথেষ্ট অসুবিধা দি আহিছে।

উল্লেখযোগ্য যে শেহতীয়া নিৰ্দেশনা অনুসৰি অন্যান্য ডাকঘৰৰ লগতে লাহৰীঘাট উপ-ডাকঘৰটো বিত্তীয় লেনদেন, আধাৰ কাৰ্ডকে ধৰি বিভিন্ন কাম-কাজ সম্পাদন কৰিব লাগে। তাৰোপৰি আধাৰ কাৰ্ড প্ৰাপ্তিৰ কাৰণে ডাকঘৰত একাউণ্ট থকাটো বাধ্যতামূলক কৰা হৈছে, যাৰ পৰিপ্ৰেক্ষিতত লোকসকল ডাকঘৰৰ ওপৰত অধিক নিৰ্ভৰশীল হৈ পৰিছে।

কিন্তু সমস্যাৰে ভাৰাক্ৰান্ত তথা কোনোধৰণৰ ন্যূনতম সুবিধা নথকা ডাকঘৰটোৰ অৱস্থাই স্থানীয় গ্ৰাহকক ভীষণ হাৰাশাস্তিহে দিয়া বুলি একাংশ ভূক্তভোগী ৰাইজে অভিযোগ কৰিছে। উপ-ডাকঘৰটোত সাধাৰণ লোকৰ বাবে দূৰৰে কথা জ্যেষ্ঠ নাগৰিকৰ বাবেও বহাৰ কোনো সুব্যৱস্থা নাই। ফলত গ্ৰাহকসকলে ঘণ্টাই ঘণ্টাই থিয় দি থাকি কাম-কাজ সম্পাদন কৰিবলৈ বাধ্য হয়।

আনহাতে, প্ৰাপ্ত অভিযোগ অনুসৰি সম্প্ৰতি কাৰ্যালয়টোত বিত্তীয় লেনদেনৰ ক্ষেত্ৰতো বহু সমস্যাই দেখা দিছে। যাৰ বাবে নিজৰ কষ্টোপাৰ্জিত জমা ধনৰাশি মোকলাবলৈও গ্ৰাহকসকলে তিক্ত যন্ত্ৰণা ভোগ কৰিব লাগে। তাতে আকৌ কেতিয়াবা লিংক নাই, কেতিয়াবা ছাৰ্ভাৰ ডাউন। আনকি উপ-ডাকঘৰটোৰ অধীনস্থ ১১টা শাখা ডাকঘৰৰ কোনো এজন কৰ্মচাৰীয়ে অন্তিম মাহৰ দৰমহা লাভ কৰা নাই।

এই সকলো বিলাকৰ উপৰি চোৱাচিতাৰ অভাৱত ডাকঘৰটোৰ এটাৰ লোহাৰ চন্দুক বিগত ছমাহ ধৰি মাটিত পৰিত্যক্ত অৱস্থাত পৰি থাকি মামৰে ধৰি সম্প্ৰতি নিঃশ্চিহ্ন হ’বলৈ ধৰিছে।

ভূক্তভোগী লাহৰীঘাটবাসীয়ে শীঘ্ৰে উক্ত সকলো সমস্যাৰ ক্ষেত্ৰত বিহিত ব্যৱস্থা গ্ৰহণ কৰিবলৈ বিভাগীয় কৰ্তৃপক্ষক দাবী জনাইছে।

Recent News

নয়ন অসমৰ অন্ত্যোষ্টিক্ৰিয়া চলি থকাৰ সময়তে আলফা(স্বা)ৰ শিবিৰত সেনাৰ মিছাইল আক্ৰমণ! নিহত কৰ্ণেল প্ৰদীপ অসম

নয়ন অসমৰ অন্ত্যোষ্টিক্ৰিয়া চলি থকাৰ সময়তে আলফা(স্বা)ৰ শিবিৰত সেনাৰ মিছাইল আক্ৰমণ! নিহত কৰ্ণেল প্ৰদীপ অসম

ভাৰতৰ বিৰুদ্ধে পাৰমাণৱিক অস্ত্ৰ ব্যৱহাৰৰ পৰিকল্পনা আছিল নেকি? ৬৩ দিনৰ যুদ্ধবিৰতিৰ পাছত পাকিস্তানৰ প্ৰধানমন্ত্ৰীয়ে কি ক’লে?

ভাৰতৰ বিৰুদ্ধে পাৰমাণৱিক অস্ত্ৰ ব্যৱহাৰৰ পৰিকল্পনা আছিল নেকি? ৬৩ দিনৰ যুদ্ধবিৰতিৰ পাছত পাকিস্তানৰ প্ৰধানমন্ত্ৰীয়ে কি ক’লে?

কংগ্ৰেছ নেতাৰ অধিক প্ৰশংসা! ৰাজস্থানৰ পাঠ্যপুথিত নিষিদ্ধ কৰা হ’ল কংগ্ৰেছৰ অৱদান সম্পৰ্কে থকা পাঠ

কংগ্ৰেছ নেতাৰ অধিক প্ৰশংসা! ৰাজস্থানৰ পাঠ্যপুথিত নিষিদ্ধ কৰা হ’ল কংগ্ৰেছৰ অৱদান সম্পৰ্কে থকা পাঠ

মাজনিশা ঘুমন্ত শ্ৰমিকক গাড়ীৰে মহতিয়াই নিলে মাতাল চালকে; নিমিষতে ৰক্তাক্ত ৰাজধানীৰ ফুটপাথ

মাজনিশা ঘুমন্ত শ্ৰমিকক গাড়ীৰে মহতিয়াই নিলে মাতাল চালকে; নিমিষতে ৰক্তাক্ত ৰাজধানীৰ ফুটপাথ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd